আধৰুৱা সপোনৰ চিৎকাৰ – টোলন তছা

Pc Shutterstock

আধৰুৱা সপোনৰ চিৎকাৰ

টোলন তছা
কলিয়াবৰ,নগাঁও

এটা নিশা পাৰ কৰিছিলোঁ মই
বিছনাত ইকাতি সিকাতি হৈ,
সেই নিজম নিশাত
আন্ধাৰ নামি আহিছিল এখন নদী হৈ।
মই মানুহ আৰু ঈশ্বৰৰ বাদে
কাকোৱে ভয় কৰা নাছিলোঁ!
হেজাৰ বিজাৰ তৰা খহি পৰা
সেই নিশাটো সংজ্ঞাহীন হৈ পৰিছিল।
উশাহ-নিশাহ নোহোৱা নিশাটোৰ
কোনো গতি নাছিল,
কোনো শক্তি নাছিল
শুনিবলৈ আৰু দেখিবলৈও পোৱা নাছিল ।
গোলাকাৰ এখন সৰু পৃথিৱী
অৰ্ধ গোলাকাৰ আন এখন পৃথিৱীৰ বুকুত
তাহানিৰ পৰা এতিয়ালৈকে
পৰ্বত পাহাৰ শিল আৰু গছ-গছনিৰ স’তে
নিজ কক্ষপথত ঘূৰিয়ে আছে।
এজাক আধৰুৱা সপোনে ডেউকা কোবাই
চিৎকাৰ মাৰি ধৰালৈ চাই
নিজৰ ঠিকনাৰ সন্ধানত উৰিয়ে আছে।