আধৰুৱা জীৱনৰ গান – সঞ্জীত দাস ,পাটাছাৰকুছি

আধৰুৱা জীৱনৰ গান
“””””””””””””””””””””””””””””””””””
আধৰুৱা মোৰ জীৱন
আধৰুৱা মোৰ সপোন
আধৰুৱা মোৰ আশাবোৰ
সকলো আধৰুৱা মোৰ
ভালপোৱাৰ অৰ্থ বুজি বুজি
মই হেৰুৱাই পেলাইছো
জীৱনৰ অৰ্থ
জীৱনৰ মূল্য …।

সকলোবোৰ আধৰুৱা হৈ ৰ’ল
জীৱনৰ গানটোও
ছন্দৰ অভাবত
সুৰ নিমিলা হ’ল
এই আধৰুৱা জীৱনৰ গ‍ানটো
এতিয়া এটি প্ৰশ্ন হৈ পৰিছ
এই প্ৰশ্নটোৰ উত্তৰ ক’ত পাম ?
বিচাৰি ফুৰিছো মই
মোৰ আধৰুৱা জীৱনৰ প্ৰশ্নৰ উত্তৰ ….।

সঞ্জীত দাস
পাটাছাৰকুছি