আধ্যাত্মিক গুৰু সদ্‌গুৰুৰ সৈতে বৈঠকত মিলিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা

আধ্যাত্মিক গুৰু সদ্‌গুৰুৰ সৈতে বৈঠকত মিলিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নিজ বাসভৱনত আধ্যাত্মিক গুৰু সদ্‌গুৰুক আতিথ্য প্ৰদান কৰাৰ লগতে তেওঁৰ সৈতে বিশেষ বার্তালাপত মিলিত হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সদ্গুৰুৰ আধ্যাত্মিকতা আৰু বিকাশৰ বাবে প্ৰকৃতিকেন্দ্ৰিক দৃষ্টিভংগীৰ দ্বাৰা অনুপ্রাণিত হোৱাৰ কথা উল্লেখ কৰে। পৰৱৰ্তী সময়ত লোকসেৱা ভৱনত সদগুৰুৱে অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক মুকলি মত বিনিময় অনুষ্ঠানত মিলিত হয়। প্রায় এঘণ্টাজোৰা এই অনুষ্ঠানত ব্যক্তিৰ আভ্যন্তৰীণ সুস্থতা আৰু ৰূপান্তৰণ সন্দৰ্ভত সদ্গুৰুৱে তেওঁৰ দৃষ্টিভংগী দাঙি ধৰি এইসমূহে জনসেৱা প্ৰদানৰ দিশত ৰাজ্যৰ প্ৰশাসনৰ সামগ্রিক কর্মকুশলতাক কিদৰে ইতিবাচকভাৱে প্ৰভাৱিত কৰে, তাৰ ওপৰত সম্যক জ্ঞান প্রদান কৰে। তদুপৰি তেওঁ সু-প্রশাসন নিশ্চিত কৰাৰ দিশত আধ্যাত্মিক চেতনা নিহিত বা প্রোথিত কৰাৰ গুৰুত্বৰ বিষয়েও আলোকপাত কৰে। অনুষ্ঠানত উপস্থিত থকা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ বিভিন্ন প্ৰশ্নৰো উত্তৰ প্ৰদান কৰে আধ্যাত্মিক গুৰুগৰাকীয়ে।লোকসেৱা ভৱনত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্য সচিব ড° ৰবি কোটা, আৰক্ষী সঞ্চালকপ্ৰধান হৰমিট সিঙকে ধৰি প্ৰশাসনৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।