আধুনিক যুগত শিক্ষকৰ পৰিৱৰ্তিত ভূমিকা
নিবেদিতা হাজৰিকা,
লখিমপুৰ
সময় পৰিৱৰ্তনশীল ।সেই পৰিৱৰ্তনৰ ঢৌ শিক্ষক সমাজলৈও পৰ্যবসিত হৈছে। ই এক শুভ সংকেত। কিয়নো শিক্ষকৰ কাম কেৱল শিক্ষা দানতে শেষ নহয়। ইয়াৰ লগতে শিক্ষকে বহু গধুৰ দায়িত্ব পালন কৰিব লগা হয়। পূৰ্বৰ তুলনাত শিক্ষা ক্ষেত্ৰত পদ্ধতিৰ পৰা আৰম্ভ কৰি আন আনুসংগিক বিষয় সমূহতো ব্যাপক পৰিৱৰ্তন সাধিত হৈছে। ইয়াক যুগৰ পৰিৱৰ্তন বুলিও ক’ব পাৰি বা সময়ৰ আহ্বান বুলিও ক’ব পাৰি।
শিক্ষকৰ দায়িত্ব পূৰ্বতেও আছিল আৰু আজিও আছে। কিন্তু সময়ৰ লগে-লগে শিক্ষকৰ দায়িত্ব দিনক -দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। পূৰ্বৰ শিক্ষকৰ তুলনাত বৰ্তমান শিক্ষকৰ দায়িত্ব যথেষ্ট বেছি। আধুনিক যুগত শিক্ষকৰ ভূমিকা সঁচাকৈয়ে পৰিৱৰ্তন হৈছে, যাৰ ফলত তেওঁলোকৰ সৰ্বময় কৰ্তৃত্বৰ ঠাইত এক গণতান্ত্ৰিক আৰু পৰোক্ষ ভূমিকা আহি পৰিছে।এই নতুন ভূমিকা পূৰ্বৰ তুলনাত অধিক দায়িত্বপূৰ্ণ তথা জটিল। শিক্ষক এতিয়া কেৱল জ্ঞানৰ ভাণ্ডাৰ নহয়, বৰঞ্চ তেওঁলোক এজন সহায়ক,পথ প্ৰদৰ্শক তথা ছাত্ৰৰ সমকক্ষ এজন ৰোল মডেল স্বৰূপ।আধুনিক যুগত শিক্ষকৰ ভূমিকা পৰম্পৰাগত জ্ঞান বিতৰণৰ পৰা এজন সহায়ক, পথ প্ৰদৰ্শক তথা প্ৰেৰণাদায়ক ব্যক্তিলৈ পৰিৱৰ্তিত হৈছে। বৰ্তমান সময়ত শিক্ষকৰ মূল কাম হৈছে ছাত্ৰ-ছাত্ৰী সকলক আত্ম নিৰীক্ষণ কৰা তথা আংগিক সৃজনশীলতা বিকাশত সহায় কৰা , উৎসাহ যোগোৱা আৰু সঠিক দিশৰ পথ দেখুওৱা।এই সমূহৰ উপৰিও আধুনিক শিক্ষকৰ সকলোতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব হৈছে আধুনিক তথ্য -প্ৰযুক্তি ব্যৱহাৰ কৰি পাঠদানৰ পদ্ধতি উন্নত কৰা।
আধুনিক যুগৰ শিক্ষকৰ ভূমিকা এজন ‘বিষয় বস্তু বিতৰক’ ৰ পৰা এজন ‘জ্ঞানৰ সহায়ক ‘ লৈ সলনি হৈছে। পূৰ্বৰ বিষয় বস্তু বিতৰক হিচাপে শিক্ষকে শিক্ষাদান কৰা এই পদ্ধতি বৰ্তমান সলনি হৈছে । সকলো ধৰণৰ প্ৰত্যাহ্বানৰ প্ৰতি ছাত্ৰ-ছাত্ৰী সকলক সাজু কৰি তোলাই হৈছে এই শিক্ষা পদ্ধতিৰ মূল উদ্দেশ্য।অনুকূল পৰিৱেশৰ সৃষ্টি, সামাজিক তথা ব্যক্তিগত বিকাশ ,ব্যক্তিগত শিক্ষাৰ প্ৰসাৰ ,প্ৰযুক্তিৰ ব্যৱহাৰ ,তথ্যৰ সংৰক্ষণৰ পৰা পথ প্ৰদৰ্শকলৈকে আধুনিক যুগৰ শিক্ষকে বহুটো দায়িত্ব তথা ভূমিকা পালন কৰিব লগা হয় । শিক্ষা ক্ষেত্ৰত শিক্ষক তথা শিক্ষাৰ্থীৰ ভূমিকা পৰিৱৰ্তনৰ অন্যতম শক্তিশালী শক্তি হ’ল এই নতুন পদ্ধতি সমূহ। এই পদ্ধতি সমূহে শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰাত বিশেষ ভূমিকা পালন কৰিছে আৰু শিক্ষা ক্ষেত্ৰত ব্যাপক উন্নতি সাধন কৰিবলৈ সক্ষম হৈছে ।
আধুনিক যুগৰ শিক্ষা পদ্ধতিয়ে যেনেদৰে শৈক্ষিক ক্ষেত্ৰত বহু পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছে ঠিক সেইদৰে শিক্ষাৰ আধুনিকীকৰণৰ ফলত শিক্ষা ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধিত হৈছে। শৈক্ষিক ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হোৱা বুলি ক’ব পাৰি।ব্যক্তি তথা সমাজৰ সৰ্বাত্মক বিকাশ সাধন,শিক্ষাৰ মাধ্যমেৰে জ্ঞানৰ প্ৰসাৰ ঘটোৱা, দক্ষতা বৃদ্ধি, উন্নত চিন্তাৰ সৃষ্টি, প্ৰযুক্তিৰ আত্মিককৰণ , সামাজিক দায়িত্ববোধৰ বিকাশ তথা উদ্ভাৱনী ক্ষমতা বৃদ্ধিৰ দৰে বিষয় সমূহৰ ওপৰত আধুনিক শিক্ষাই গুৰুত্ব দিয়ে ।সেয়ে পৰিৱৰ্তিত সময়ৰ লগত খাপ খুৱাই শিক্ষক সকলেও এই বিষয় বা দিশ সমূহ শিক্ষা ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ তথা এই সমূহৰ বিকাশ সাধন কৰি শিক্ষা ক্ষেত্ৰত ইয়াৰ সফল প্ৰয়োগ কৰিবলৈ যত্নপৰ হ’ব লাগিব।
আধুনিক শিক্ষক সকল সমাজৰ সামাজিক নিয়ন্ত্ৰণৰ এক অন্যতম আহিলা স্বৰূপ, যাৰ ফলত তেওঁলোকে ছাত্ৰ সমাজক সামাজিক পৰিৱৰ্তনৰ বাবে দায়বদ্ধ কৰি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।ছাত্ৰ সমাজৰ সৰ্বাংগীন বিকাশৰ বাবে আধুনিক শিক্ষক সকলে বিভিন্ন আধুনিক পদ্ধতি, প্ৰযুক্তিৰ ব্যৱহাৰ তথা বিশ্লেষণাত্মক চিন্তা-চৰ্চাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা দেখা যায়।
আধুনিক যুগত শিক্ষকৰ দায়িত্ব আৰু ভূমিকা স্বাভাৱিকতে বহু খিনি বৃদ্ধি পাইছে। ইয়াক এক প্ৰকাৰ সময়ৰ আহ্বান বুলিও ক’ব পাৰি। পৰিৱৰ্তিত সময়ৰ লগত খাপ খুৱাই চলিবলৈ তথা ছাত্ৰ সমাজক ইয়াৰ বাবে যোগ্য কৰি তুলিবলৈ হ’লে শিক্ষক সমাজে এই ধৰণৰ পৰিৱৰ্তিত ব্যৱস্থা সমূহ আদৰি ল’ব লাগিব।
শেষত এটা কথা স্বীকাৰ কৰিবই লাগিব যে আধুনিক শিক্ষক সকলৰ দায়িত্ব তথা ভূমিকা যথেষ্ট গধুৰ যদিও ই এক নতুন যুগৰ সূচনাৰো পথ প্ৰশস্ত কৰি তুলিছে।