আধুনিক চিকিৎসা বিজ্ঞান: জীৱনৰ আশাৰ দীপশিখা
চিন্ময় অনুৰাগ নাথ
মাণিকপুৰ, বঙাইগাঁও
বিশ্বব্যাপী চিকিৎসা বিজ্ঞানৰ অভূতপূৰ্ব উন্নতিয়ে আজিৰ সমাজক এক নতুন দিশা দেখুৱাইছে। চিকিৎসা বিজ্ঞান কেৱল ৰোগ নিৰাময়ৰ উপায়হে নহয়, ই হৈছে জীৱন ৰক্ষাৰ আশাৰ প্ৰদীপ। আগতে যিসকল ৰোগক অব্যাৰ্থ বুলি গণ্য কৰা হৈছিল, সেইবোৰৰো আজি সফল চিকিৎসা সম্ভৱ হৈছে বিজ্ঞানৰ আশীৰ্বাদেৰে।
মাত্ৰ নিৰাময়েই নহয়, আধুনিক চিকিৎসা বিজ্ঞান আজি ৰোগ প্ৰতিৰোধ কৰা আৰু মানৱ শৰীৰৰ গভীৰ গঠন আৰু কাৰ্যপদ্ধতি বুজাৰ ক্ষেত্ৰতো এক অসাধাৰণ মাইলফলক হৈ পৰিছে।
আধুনিক চিকিৎসা বিজ্ঞানৰ এক উল্লেখযোগ্য সফলতা হ’ল ভেক্সিন বা প্ৰতিষেধক। পোলিঅ’, স্মলপক্স আদিৰ দৰে ভয়ংকৰ ৰোগবোৰ প্ৰায় বিলুপ্ত হোৱাৰ দিশত আগবাঢ়িছে ভেক্সিনৰ সহায়ত। বিশেষকৈ কোভিড-১৯ মহামাৰীৰ সময়ত সকলো দেশ একেলগ হৈ বিজ্ঞানৰ জৰিয়তে যি দৃষ্টান্ত স্থাপন কৰিলে, সেইটো বিশ্বৰ বাবে এক ইতিহাস স্বৰূপ। অতি কম সময়ৰ ভিতৰত ভেক্সিন উন্নয়ন আৰু কোটি কোটি লোকলৈ বিতৰণ— ই ছিল এক অতুলনীয় সাধনা। ই চিকিৎসা বিজ্ঞানৰ গতি আৰু সক্ষমতাৰ প্ৰমাণ।
চিকিৎসা বিজ্ঞানৰ আন এটা আশ্চৰ্যজনক দিশ হ’ল অঙ্গ প্ৰতিস্থাপন (Organ Transplantation)। হৃদয়, বৃক্ক, যকৃত, আদিৰ সফল প্ৰতিস্থাপনে অসংখ্য জীৱন ৰক্ষা কৰিছে। অধিক আশ্চৰ্যজনক হ’ল, আজিকালি কলা অঙ্গ (bio-artificial organs) নিৰ্মাণৰ ক্ষেত্ৰতো চিকিৎসা বিজ্ঞান আগবাঢ়িছে। লগতে, কৃত্ৰিম অঙ্গ, হেৰিং এইড, পেছমেকাৰ, আৰু চকুৰ ৰেটিনা ইমপ্লান্ট যেনেকুৱা উন্নত প্রযুক্তিৰ সহায়ত অক্ষম ব্যক্তিসকলৰ বাবে এক নতুন জীৱন পথ প্ৰসাৰিত হৈছে।
ডিজিটেল চিকিৎসা তথা টেলিমেডিচিন চিকিৎসাৰ ক্ষেত্ৰত এক নতুন বিপ্লৱ আনিছে। বহু দূৰ-দূৰণিৰ গ্ৰামাঞ্চলতো এতিয়া অনলাইন যোগে চিকিৎসকৰ পৰামৰ্শ লাভ কৰা সম্ভৱ হৈছে। ইয়াৰ ফলত চিকিৎসা অধিকতৰে সহজলভ্য হৈছে আৰু আৰ্থিক-ভৌগোলিক সীমাবদ্ধতাক অতিক্ৰম কৰিব পৰা গৈছে। মোবাইল এপ্লিকেশ্যন, হেলথ মনিটৰিং ৱাচ, আৰু AI (Artificial Intelligence)-আধাৰিত চিস্টেমে আজিকালি ব্যক্তিগত স্বাস্থ্য পৰ্যবেক্ষণ সহজ কৰি তুলিছে।
বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে দৱাই নিৰ্মাণ আৰু ৰোগ পতাৰ আধুনিক পদ্ধতি যেনে MRI, CT-Scan, Blood Test, Biopsy, DNA Test, Endoscopy আদি প্ৰচলিত হৈছে। এইবোৰৰ সহায়ত ৰোগ শুদ্ৰ পৰ্যায়তে চিনাক্ত কৰি সঠিক চিকিৎসা আগবঢ়োৱা সম্ভৱ হৈছে।
জীৱন শৈলী, পৰিৱেশ আৰু খাদ্যাভ্যাসৰ লগতো চিকিৎসা বিজ্ঞানৰ গভীৰ সম্পৰ্ক আছে। আজি চিকিৎসা বিজ্ঞান কেৱল ৰোগ হোৱাৰ পাছতহে চিকিৎসা প্ৰদানত থেমি নাযায়, বৰঞ্চ আগতীয়াকৈ সচেতনতা আৰু প্ৰতিৰোধমূলক ব্যৱস্থাকো সমান গুৰুত্ব দিয়ে। ধুমপান, মাদক সেবন, অপৰ্যাপ্ত ঘুম, অস্বাস্থ্যকৰ খাদ্য আৰু বস্তুগত জীৱন শৈলীৰ প্ৰতি সচেতন কৰি বিজ্ঞান সুস্থ সমাজ গঠনত অবদান ৰাখি আছে।
তথাপিও, চিকিৎসা বিজ্ঞানৰ এই অভূতপূৰ্ব সফলতাবোৰৰ মাজতো এটা দুঃখজনক বাস্তৱতা হৈছে— এই সুবিধাবোৰ সকলো স্তৰৰ মানুহে সমানে লাভ কৰিব নোৱাৰে। সমাজৰ দুৰ্গম অঞ্চলৰ গৰিব আৰু অনাঘ্ৰাত লোকসকল চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আছে। সেইবাবেই চিকিৎসা বিজ্ঞানৰ উপযোগিতা বৃদ্ধি কৰাৰ বাবে সমগ্ৰ সমাজব্যৱস্থাত ন্যায়, সমতা, আৰু সদিচ্ছা প্ৰয়োজন।
চিকিৎসা বিজ্ঞান আধুনিক সমাজৰ এক আশাৰ দীপশিখা। ই জীৱন আৰু মৃত্যুৰ মাজত এক সেতু, যিয়ে জীৱনৰ প্ৰতি বিশ্বাস, সাহস আৰু আশা আগবঢ়ায়। এই বিজ্ঞানৰ সহায়ত বহুতো অসাধ্য সাধ্য হৈছে আৰু হবও আগন্তুক সময়ত।
এই বিজ্ঞানক মানৱতা, নৈতিকতা আৰু সহানুভূতিৰে আগবঢ়ালে বিশ্ব সত্যই এক সুস্থ, সচেতন আৰু বিকাশশীল সমাজৰ ৰূপত পৰিণত হ’ব।
সেয়ে, আমি সকলোয়ে এই বিজ্ঞানক সঁচাকৈয়ে জনসাধাৰণৰ হিতত ব্যৱহাৰ কৰাৰ সংকল্প লওঁ — যাতে আমাৰ আগন্তুক প্ৰজন্ম পায় এক সুস্থ, ন্যায়পূৰ্ণ আৰু দীঘল জীৱন।