আধুনিক কিচ্চেনৱেৰ বনাম থলুৱা বাচন-বর্তন – সুনম বিশ্বাস

PC - natural cure.org

আধুনিক কিচ্চেনৱেৰ বনাম থলুৱা বাচন-বর্তন

সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ

সময়ৰ সৈতে খোজ মিলাই আমি সকলোৱে আগবাঢ়িছো । বৰ্তমান সময়ত সকলো ক্ষেত্ৰতে আধুনিকতাৰ বা বলিছে, সভ্যতা – সংস্কৃতিকো চুই গৈছে আধুনিকতাৰ প্ৰচণ্ড বতাহজাকে । প্রবল পশ্চিমীয়ানুৰাগী কিছুলোকে পাহৰি গৈছে.সংস্কৃতি যে জাতিৰ দাপোনস্বৰূপ । সকলো দিশতে পশ্চিমীয়া সংস্কৃতিৰ অনুকৰণ । আমাৰ লোক-সংস্কৃতিৰ পৰিভাষাই যিবোৰ বিষয় সামৰি লৈছে যেনে – জনশ্ৰুতি, সাধুকথা, লোকোক্তি-প্রবচন-যোজনা, মন্ত্ৰ, আশীৰ্বাদ, অভিশাপ, পোছাক-পৰিচ্ছদ, আ-অলংকাৰ, লোক-নৃত্য, লোকনাটক, লোকাচাৰ, লোক-বিশ্বাস, লোক-গীত, লোক-ভাষা, খাদ্য-ৰন্ধন প্ৰণালী, গৃহ নিৰ্মাণ প্ৰণালী, উৎসৱ-অনুষ্ঠান, ৰীতি-নীতি ইত্যাদিবোৰো আধুনিকতাৰ কৰাল গ্ৰাসৰ পৰা বাদ পৰা নাই । সাম্প্ৰতিক কিছুলোক সমাজৰ একো এগৰাকী অত্যাধুনিক লোক হিচাপে পৰিগণিত হৈছে। যিসকলে আমাৰ লোক-সংস্কৃতিৰ মেৰুদণ্ডস্বৰূপ বিষয় তথা সমলসমূহত আধুনিকতাৰ জোৱাৰ তুলিছে ।

প্ৰাচীন কালৰ পৰাই অসমত বিভিন্ন ধাতুৰ ব্যৱহাৰ প্ৰচলিত হৈ আহিছে । সোণ , ৰূপ , তাম, লোৰ দৰে কাঁহ – পিতলো এক প্ৰকাৰৰ ধাতু । যিয়ে আমাৰ সংস্কৃতিৰ ভঁৰাল মেটমৰা কৰাত যথেষ্ট অৰিহণা যোগাইছে । অসমৰ বিশেষকৈ  সৰ্থেবাৰী , হাজো ক্ৰমে কাঁহ – পিতলৰ বাবে বিখ্যাত। পিতল এক মিশ্ৰ ধাতু ৷ উপযুক্ত পৰিমাণৰ তাম আৰু দস্তাৰ মিশ্ৰণেৰে পিতল তৈয়াৰ কৰি লোৱা হয়। পিতলৰ কলহ, লোটা, চৰিয়া, টৌ ইত্যাদি নিৰ্মান কৰা হয় । আহোম যুগত তাম,পিতল,কাঁহ আদি ধাতুৰ ব্যৱহাৰ খুবউ জনপ্ৰিয় আছিল।

অন্যহাতে কাঁহ হৈছে এক ৰাসায়নিক মিশ্ৰ ধাতু । নিৰ্দিষ্ট পৰিমাণৰ    ৰাং (Tin)আৰু তাম (Copper) এই দুই ধাতু নিৰ্দিষ্ট উষ্ণতাত গলাই এক বিশেষ মিশ্ৰণ প্ৰক্ৰিয়াৰে কাঁহ প্ৰস্তুত কৰা হয় । অসমৰ শিল্পীয়ে অক্লান্ত পৰিশ্ৰম তথা দক্ষতাৰ বলত সোণত সুৱগা চৰাই বিভিন্ন ধৰণৰ পাত্ৰ তৈয়াৰ কৰে । যি অসমীয়া সংস্কৃতিৰ লগত ঘনিষ্ঠভাৱে জড়িত। লোটা, ঘটি, চৰিয়া, বৰ কাঁহী, বিভিন্ন আকৃতিৰ বানবাটি, খুৰীবাটি, যেলাহী বাটি, বৰ বাটি, ঘণ্টা ইত্যাদিবোৰ কাঁহৰ দ্বাৰা তৈয়াৰ কৰা হয় । তাৰোপৰি কাঁহৰ শৰাই অসমীয়া সংস্কৃতিৰ এক অনৱদ্য সন্মানসূচক পাত্ৰ ।

 কিন্তু বৰ্তমান এচামে আধুনিকতাৰ মেৰপেচত পৰি ভিতৰ – বাহিৰৰ উৎকৰ্ষ সাধনৰ প্ৰচেষ্টাত নিজৰ বাপতিসাহোন পৰম্পৰা সংস্কৃতিৰ প্ৰতি নজৰ দিবলৈয়ে পাহৰি গৈছে। পৰিৱৰ্তনৰ ঢৌত এনেকৈ উটি- ভাহি গৈছে যে আমাৰ সংস্কৃতিক চিৰসেউজ কৰি ৰখা পথাৰখনো অনুৰ্বৰ কৰি পেলাইছো । উৰ্বৰতাৰ গুণাগুণ লাঘৱ কৰিছে  কাল পছোৱাই । অৰ্থাৎ আমাৰ সংস্কৃতিক সংৰক্ষণ তথা সজীৱ কৰি ৰখা গাঁৱবোৰো ক্ৰমান্বয়ে নগৰমুখী হৈ পৰিছে । প্ৰজন্মৰ ব্যৱধানে যেন পৰম্পৰা , ধ্যান – ধাৰণাক সলনি কৰি দিছে ।

আজিকালি গাঁৱলীয়া সমাজ জীৱনতো ঘটি বা লোটাত পানী থ’বলৈ লাজ পায় , তাৰ পৰিৱৰ্তে ব্ৰেণ্ডেড বটল বা কাঁচৰ জগ তথা মগেই ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। ঘৰে-ঘৰে আহাৰ গ্ৰহণত ৰোগ-প্ৰতিৰোধৰ ক্ষমতা থকা কাঁহ- পিতলৰ বাচন-বর্তনৰ ঠাই দখল কৰিলে ডিনাৰ চেটে। যিবোৰ কেৱল আধুনিক কিচ্চেনৰ সৌজন্যতাহে বৃদ্ধি কৰে ইয়াৰ পৰিৱৰ্তে এইবোৰ যেন উপকাৰী গুণবৰ্জিত । এতিয়াৰ ৰান্ধনি ঘৰত খুটুং-খাটাং,  ঘিটিং-ঘাটাংকৈ কাঁহী-বাটি , লোটা – ঘটিয়ে কথা নকয় , তাৰ পৰিৱৰ্তে কুকাৰেহে হুইচেইল বজাই দিয়ে। চৰুত বনোৱা ভাতৰ সোৱাদ যেন জিভাৰো বিস্মৃতি হৈছে। হাতেৰে তৃপ্তিৰে খোৱা ভাতসাঁজ এতিয়া চামুচ বা কঁটা চামুচেৰেহে গ্ৰহণ কৰা দেখা যায়  কিয়নো  আমি আধুনিক হৈ পৰিছো , তৃপ্তিৰ ঠাইত যেন হাই ষ্টেটাচহে বেছিকৈ মেটাৰ কৰে ; দেহাই এৰিলেও মায়াই নেৰে ! থলুৱা পৰম্পৰাগত বাচন-বর্তনৰ ঠাই এনেকৈয়ে আধুনিক আভিজাত্যৰ গৰিমা বসনা প্লাষ্টিক , কাঁচ বা অন্যান্য ধাতুৰ পশ্চিমীয়া সা – সামগ্ৰীৰ ৰং-বিৰঙী  বাচন-বর্তনে কাঢ়ি ল’লে।  আগৰ সেই কাঁহ -পিতলৰ বাচন-বর্তনে ৰান্ধনিঘৰ বা চ’ৰাঘৰ শুৱনি কৰা দিনবোৰ উকলিব ধৰিছে । কিছু ক্ষেত্ৰত যদিহে কেঁচা সামগ্ৰীৰ অভাৱ বা চৰা দৰ – দামৰ কাৰণতে ইয়াৰ ব্যৱহাৰৰ প্ৰতি লোকসকল  অমনোযোগী হৈ পৰিছে অন্যহাতে ক’বলৈ গ’লে এয়া বিশেষকৈ প্ৰবল আধুনিকমুখীৰ চাপ। সেয়েহে বৰ্তমান এই ধাতুৰ  ভৱিষ্যত ধ্বংসৰ অৱবাহিকাত ডুব যোৱাৰ উপক্ৰম হৈছে। তাৰোপৰি কঁহাৰসকলৰ জীৱন পানীত হাঁহ নচৰাৰ লেখীয়া।

গতিকে, আমি  ক’ব পাৰো যে আমাৰ জাতিৰ স্বকীয় সংস্কৃতি পৰম্পৰা ধৰি ৰাখিবলৈ হ’লে পশ্চিমীয়া বতাহৰ পৰা  নিজৰ লগতে  জাতিৰ প্ৰাণ কলা- সংস্কৃতিক ৰক্ষা কৰিব লাগিব;  নহ’লে একালত অসমীয়া সংস্কৃতিৰ বৰঘৰ চহকী কৰা সেই বাচন – বর্তনবোৰ কেৱল সংগ্ৰহালয়ৰ শোভাবৰ্দ্ধনকাৰীহে হৈ ৰ’ব । ভৱিষ্যত প্রজন্মই পৰম্পৰা হিচাপে  আদৰি ল’ব ডিনাৰ চেটকে । যদিওবা নতুনত্বক আদৰি লোৱাটো আমাৰ কৰ্তব্য তথাপিও নিজৰ অস্তিত্বক বিপদাপন্ন কৰি কেৱল নতুনত্বৰে  আগবাঢ়ি যোৱাটো কদাপি সমীচীন নহয় । সেয়েহে আমি সকলোৱে নিজৰ প্ৰাণপ্ৰতিম পৰম্পৰা সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত এতিয়াই সচেতন হোৱা উচিত।