আধুনিকতাৰ প্ৰভাৱ নে শাসনৰ ত্ৰুটি  – আয়শা ছিদ্দিকা

আধুনিকতাৰ প্ৰভাৱ নে শাসনৰ ত্ৰুটি 

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা,বৰপেটা 

এটা সময় আছিল যেতিয়া মূল্যবোধ, নৈতিকতা, আদৰ্শ আৰু সমাজৰ প্ৰতি দায়বদ্ধতাই এজন যুৱকৰ জীৱনৰ মূল স্তম্ভ আছিল। আজি সেই দৃশ্যপট নাটকীয়ভাৱে সলনি হৈ পৰিছে। যুগৰ গতিত আগবাঢ়ি থকা নৱ প্ৰজন্ম এক নতুন যুগত ভাঁহি আছে, য’ত আছে প্রযুক্তি, আধুনিকতা, বিশ্বায়ন আৰু অশেষ সুযোগ কিন্তু তাৰ লগতে আছে উদাসীনতা, আত্ম-কেন্দ্ৰিকতা আৰু মানৱীয় গুণাবলীৰ অভাৱ।

এই পৰিৱর্তনৰ মাজতে সদায় এক গুৰুত্বপূর্ণ প্ৰশ্ন মনত জাগে এই অধঃপতনৰ মূল দায়ী কোন….?  বৰ্তমান সময়ৰ আধুনিক জীৱনশৈলী নে শাসন ব্যৱস্থাৰ ত্ৰুটি…?? নেকি অভিভাৱকৰ শাসনৰ ত্ৰুটি…? নে অনূসূচনা, আত্মসংযমৰ অভাৱ…?

বৰ্তমান সময়ত নৱ প্ৰজন্মৰ জীৱন শৈলীত এক গভীৰ পৰিৱৰ্তন পৰিলক্ষিত হয় ।  একবিংশ শতিকাৰ প্রযুক্তি প্ৰয়োগৰ সমাজত যি ধৰণৰ চিন্তা-চেতনাৰ বিকাশ ঘটিছে, তাৰ মাজত মূল্যবোধ, নৈতিকতা আৰু সামাজিক দায়বদ্ধতাৰ এক অপূৰ্ণতা যেন দৃষ্টিগোচৰ হোৱা নাই নে….?

এই অধঃপতনৰ বাবে কোন  দায়ী? আধুনিকতাৰ অন্ধ অনুকৰণ নে শাসনৰ ব্যর্থতা?

আধুনিকতাৰ সোঁতত নৱ প্ৰজন্ম অধিক স্বাধীনতা, অধিক সুযোগ, অধিক আৰামদায়ক জীৱনৰ মাজত বুৰ গৈ আছে। ইন্টাৰনেট, ছচিয়েল মিডিয়া, অ্যান্ড্ৰয়েড ফোন আদি সকলো উপায়ে তেওঁলোকক গ্লোবেল জীৱনৰ সৈতে সংযুক্ত কৰিছে। আৰু এই সংযুক্তিতেই হেৰাই গৈছে নৈতিক শিক্ষাৰ মূল সঁজুলি। আজিকালি মানৱিক গুণাৱলীৰ সলনি ভৌতিক সমৃদ্ধিক কেন্দ্ৰ কৰি জীৱন গঢ়া দেখা যায়। নীতি-নৈতিকতা, আদৰ্শ, জীৱন মূল্যবোধৰ যেন কোনো গুৰুত্ব নাই। পুৰণি পৰম্পৰা আৰু সমাজৰ আদৰ্শবোৰ অপডেট নহয় বুলি অবহেলা কৰে। ।  যাৰ বাবেই হয়তো গঢ়ি উঠে পৰিয়ালৰ সৈতে দূৰত্ব, সামাজিকতাৰ অভাৱ,অহংকাৰ আৰু আত্ম-কেন্দ্ৰিক মনোভাৱ। এইবোৰৰ কাৰণত মানসিক চাপ বৃদ্ধি আৰু দিশ হেৰুৱাই আত্মহত্যাৰ নিচিনা এক নিস্ক্ৰিয় জগন্য পথৰ সংগী হোৱাৰ ঘটনা পৰিলক্ষিত হয়।

অধঃপতনত কেৱল সমাজ নে প্ৰযুক্তি দায়ী সঠিক ক’ব নোৱাৰি।  পৰিয়ালৰ শাসন ব্যৱস্থাও হয়তো সমান দায়ী।  এই ক্ষেত্ৰত আমাৰ শিক্ষা ব্যৱস্থাৰ অৱদান কিমানখিনি সেয়া ঠাৱৰ কৰিব নোৱাৰি।

আধুনিকতাৰ সোঁতত গা এৰি  দিয়া নৱ প্ৰজন্ম আজিৰ  গোলকীয় বিশ্বত বিনোদনৰ মাজত জীৱনৰ মৰ্ম বিচাৰি আছে। ছচিয়েল মিডিয়া, ইণ্টাৰনেট, মোবাইল গেম, ফেচন সংস্কৃতি এইবোৰেই যেন যুৱ প্ৰজন্মৰ জীৱনৰ মূল আধাৰ স্বৰূপ  । ফলত বাস্তৱিক জীৱনৰ পৰা দিন দিন বিচ্ছিন্ন হৈ গৈ আছে মন, চিন্তা আৰু অনুভৱ। যাৰ ফলত পৰিয়ালৰ সৈতে মানসিক দূৰত্ব , প্ৰেম আৰু সম্পৰ্কৰ অপব্যাখ্যা , ভুল সংস্কৃতিৰ অন্ধ অনুকৰণ বেছি প্ৰচলিত দেখা যায়।

হয়তো আধুনিকতাৰ সদ্ব্যৱহাৰ নোহোৱাৰ ফলতেই মূল সমস্যাৰ সৃষ্টি হৈছে। যি আধুনিকতা বিকাশৰ বাহন হ’ব লাগিছিল, সেয়া আজিৰ পৰিস্থিতিত অনুশাসনহীনতাক উৎসাহ দিছে।

নৱ প্ৰজন্মক দোষ দি হাত ধুই পেলাব পাৰি জানো..?সমস্যাৰ মূলত আধুনিকতাৰ অপব্যৱহাৰ, ৰাজনৈতিক ত্ৰুটি আৰু সামাজিক উদাসীনতাৰ জটিল মিশ্ৰণ আছে। এই পথৰ পৰা আঁতৰাই অনাৰ একমাত্ৰ উপায় হ’ল আধুনিকতা আৰু নৈতিকতাৰ সমন্বয়েখোজ পেলোৱা । এনেকৈ আগলৈকে খোজ দিলে নৱ প্ৰজন্ম পথভ্ৰষ্ট নহ’ব, দেশ গঢ়াৰ এক বলিষ্ঠ হাতিয়াৰ হ’ব।

বৰ্তমান সময়ত ১৪-১৮ বছৰীয়া ছাত্ৰ-ছাত্ৰীসকলে দিনৰ প্ৰায় বেছি সময় ছচিয়েল মিডিয়া ব্যৱহাৰ কৰি ব্যায় কৰে।এই সময়খিনি য’ত শিক্ষালাভ, চিন্তাশীলতা বা নিজৰ বিকাশ হ’ব লাগিছিল সেয়া ধীৰে ধীৰে সময় অপচয়, তুলনামূলক মনোভাৱ আৰু মানসিক উদ্বেগলৈ পৰিণত হয়।

ফলস্বৰূপে বহু শিক্ষা-প্ৰতিষ্ঠানত দেখা গৈছে যে পঢ়া বা মানসিক মনোযোগৰ অভাৱত ছাত্ৰ-ছাত্ৰীৰ ফলাফল হ্ৰাস পাইছে, আৰু তাৰ মূল কাৰণ হৈছে মোবাইল আসক্তি।

পুৰণি পাঠ্যক্ৰমত যি চিন্তাশীল সাহিত্য (যেনে হোমাৰ, শংকৰদেৱ, ৰবীন্দ্ৰনাথ, গান্ধীজীৰ আত্মজীৱনী) আছিল, আজিৰ পাঠ্যত তাৰ স্থান কমি গৈছে। ইও এটা কাৰণ, যাৰ ফলত নৱ প্ৰজন্মই আদৰ্শৰ দ্বাৰা বিচাৰি নাপায়।

কোনো এটা অনুষ্ঠানত শিক্ষক এগৰাকীয়ে নিজৰ ভাষণত কৈছিল – আমাৰ ছাত্ৰ-ছাত্ৰীয়ে আই.এ.এছ হ’ব বিচাৰে  কিন্তু তেখেত সকলে ভাৰতীয় আদৰ্শ বা জাতীয় নেতাৰ নামো ভালদৰে নাজান।

সন্তানৰ প্ৰথম শিক্ষা কেন্দ্ৰ হ’ল পৰিয়াল। এজন শিশুৰ চিন্তাধাৰা, আচৰণ, মানসিকতা, মূল্যবোধ আৰু জ্ঞানৰ ভিত্তি গঢ়ি উঠে তেওঁ দেখা পোৱা পৰিৱেশ আৰু তাৰ পৰা পোৱা দিশ-নিৰ্দেশৰ ওপৰত। সেয়ে, অভিভাৱকৰ দৃষ্টিভংগী, আচৰণ আৰু অৱহেলাই সন্তানৰ পথ বিচ্যুত কৰাৰ আঁৰত মূল কাৰক হিচাপে বিবেচিত নহয় নে…?

আজিকালি অভিভাৱকসকল পেশাগত দিশত অতিমাত্ৰা ব্যস্ত। ঘৰৰ ভিতৰেই নিজৰ সন্তানক অকলশৰীয়া কৈ ৰাখি তাক যান্ত্ৰিক জীৱন কাটাবলৈ বাধ্য কৰে। যাৰ ফলত ছচিয়েল মিডিয়া, গেইমিং, অথবা অনলাইন চিনেমাৰে তেওঁলোকে নিজৰ মনৰ শূন্যতা আৰু অকলশৰীয়া ভাৱ আঁতৰ কৰাৰ প্ৰয়াস কৰে।

বহুতো অভিভাৱকে ভাৱে আধুনিকতা মানেই পইচা, ফেশ্বন, স্বাধীনতা ।  সন্তান বেয়া পথত গৈ থাকিলেও তেওঁলোকে সঠিক দিশ নিৰ্দেশনা দিবলৈ চেষ্টা নকৰে আৰু যদি আন কোনোৱে সঠিক পৰামৰ্শ দিবলৈ আগবাঢ়ে সেয়াও যেন চকুত কাঁইট বিন্ধাৰ দৰেইঅৱস্থা।

আৰু মাক দেউতাকে মোৰ ল’ৰা-ছোৱালী মডাৰ্ণ বুলি ওলোটা গৰ্ববোধ হে কৰে… সমাজ আজি কোন দিশে…?

বহু অভিভাৱক টিভি, ফোন, বা অসৎ আচৰণত লিপ্ত থাকে। তেনে পৰিৱেশত জানো সন্তানে  সঠিক-ভুলৰ পাৰ্থক্য শিকিব পাৰে..?. সৎ দিশৰ সন্ধান পাব পাৰে…?

আধুনিক সমাজত পৰিয়ালৰ পৰা ধৰ্ম, নীতি, আদৰ্শ, সহানুভূতি, কৃতজ্ঞতা আদিৰ শিক্ষা কমি গৈছে। অভিভাৱকে কিতাপৰ পঢ়া-পঢ়িত হে গুৰুত্ব দিয়ে। কিন্তু কোনো এজন অভিবাৱকে ভাল মানুহ হ’ব লাগিব বুলি কোৱা দেখা নাযায়।

নিজৰ সন্তানৰ সৈতে দৈনিক সংলাপ স্থাপন কৰক। সন্তানৰ কথা মনযোগ সহকাৰে শুনাৰ চেষ্টা কৰক, তাৰ কথাৰো গুৰুত্ব দিবলৈ শিকক। পাঠ্যপুথিৰ লগতে নৈতিক, আধ্যাত্মিক আৰু ধৰ্মীয় বিষয়ৰ ওপৰত গুৰুত্ব দিয়ক…

কৰণ আজিৰ যুৱ সমাজ কালিৰ দেশৰ ভৱিষ্যত। এতিয়া যুৱ সমাজ বিপথে পৰিচালিত হ’লে , বেয়া দিশত আসক্ত হ’লে দেশৰ উন্নতি কদাপি সম্ভৱ নহয়…..।