আধুনিকতাৰ কবলত সংস্কৃতি জাহ
আয়শা ছিদ্দিকা আছৰি
বাংলিপাৰা, বৰপেটা
আধুনিকতা এই শব্দটোৱে বৰ্তমান যুগত যেন এক দৈৱবাণীৰ ৰূপ লৈছে। প্ৰতিটো সমাজ, প্ৰতিটো জাতি, প্ৰতিটো দেশ আধুনিক হ’ব বিচাৰে। যিকোনো মূল্যত আগুৱাই যাব বিচাৰে, উন্নতিৰ শীৰ্ষত স্থান ল’ব বিচাৰে। কিন্তু এই আগুৱাই যোৱা মানেই যদি নিজ স্বত্বা, নিজ চিনাকি, নিজ পৰিচয়, নিজ সংস্কাৰবোৰ এৰি দিয়াৰ নাম হয় কি লাভ এনেকৈ আগবাঢ়ি…?
আজি আমাৰ সমাজখন আধুনিকতাৰ ছোৱাত ইমানেই মাতলীয়া হৈ পৰিছে যে, জাতি এটাৰ নিজস্বতা, পৰম্পৰা, নীতি-নিয়ম, নৈতিক মূল্যবোধবোৰ হেৰাই যাবলৈ ধৰিছে। ইমানেই পশ্চিমীয়া আদৰ্শত মতলীয়া হৈছে সমাজখন যে নিজৰ জীর্ণ বুলি ভবা চিৰন্তন মূল্যবোধবোৰক গঞ্জনা দি বিদেশী আদৰ্শক আধুনিকতাৰ ৰূপত আঁকোৱালি লয়।
এতিয়া কথা হ’ল আধুনিকতাত যদি নিজৰ সংকৃতি আত্ম জাহত পৰিণত হয় তেন্তে এই উন্নতিৰ কোনো মূল্য আছে নেকি…?
সাধাৰণতে আধুনিকতা হ’ব লাগে চিন্তা, ব্যৱস্থা,বিজ্ঞানত সন্মত মনোভাৱ,আৰু মানবিকতাৰ বিকাশ; য’ত মানৱতাক কেন্দ্ৰ কৰি সমাজ আগবাঢ়ে।
কিন্তু আজি আমাৰ সমাজ যি ধৰণে আধুনিকতা গ্ৰহণ কৰি আছে সেইটো মূলতঃ এক অনুকৰণবাদ। পশ্চিমীয়া ফেশ্বন, ভাষা, খোৱা-পিন্ধা, ধ্যান-ধাৰণা, যিকোনো ক্ষেত্ৰতে যেন পশ্চিমীয়া আদৰ্শ আঁকোৱালি ল’বই লাগে।এই মানসিকতা সমাজত ঘণীভূত হৈছে। অথচ এইবোৰৰ ভিতৰত কিমান বস্তু আমাৰ সমাজৰ বাবে প্ৰাসংগিক, গ্ৰহণযোগ্য বা প্ৰয়োজনীয সেইটো বিচাৰ -বিশ্লেষণ কৰাৰ সময় কাৰো হাতত নাই। আৰু যেনিবা বিচাৰ বিশ্লেষণ কৰিলেই.. সেইটো মানি চলিবলৈ কাৰো আহৰি নাই।এই অনুকৰণত যে সমাজৰ সৌন্দৰ্যবোধ, শালীনতা, আত্মীয়তাৰ বন্ধন, পৰম্পৰাগত নীতি সকলো যেন গধূলি আন্ধাৰত হেৰাই গৈছে সেই পিনে কাৰো ভ্ৰুক্ষেপ নাই । আজিৰ সন্তানৰ ভাষাত আঞ্চলিকতা নাই, পঢ়াত ইতিহাস নাই, জীৱনত আত্ম-অভিমান নাই।
আমাৰ অসমত শুদ্ধ কৈ অসমীয় ভাষা কোৱা জনতকৈ সলসলীয়াকৈ ইংৰাজী ভাষাত কথা কোৱা জনক বেছি স্মাৰ্ট বুলি বিবেচনা কৰা হয়। এনে ক্ষেত্ৰত যুৱ প্ৰজন্মৰ ধাউতি ইংৰাজী ভাষাটো শিকাৰ ক্ষেত্ৰত বেছি থকাটো নিশ্চিয় অন্যায় একো নহয়। আমি নিজেই নিজৰ কলা কৃষ্টিৰ গুৰুত্ত দিব পাহৰিছো তথাকথিত আধুনিক হোৱাৰ মেৰপাকত পৰি।
বিশ্বায়ন এক বাস্তৱতা। পৃথিৱী আজি এখন ডিজিটেল গাঁও হৈ পৰিছে। তথ্য, পণ্য, আৰু মানুহ সকলো সীমাৰ বাহিৰে যাব পৰা হৈছে। কিন্তু সেই বিশ্বায়নৰ মাজতে নিজক নে বিশ্বক হেৰুৱাৰ প্ৰতিযোগিতা সেইয়া প্ৰতিটো জাতিয়ে নিজৰ বিচাৰ বুদ্ধিতেই অধ্যয়ন কৰিব লাগে।
কিন্তু অসমসহ ভাৰতৰ বহু অংশতে বিশ্বায়নৰ নামত পশ্চিমীয়া আদৰ্শৰ অন্ধ অনুকৰণ হৈছে। পশ্চিমত ক’লা পিন্ধিলেই আধুনিক, মাতৃভাষাৰ সলনি ইংৰাজী ক’ব পাৰিলেই শিক্ষিত, পৰম্পৰাগত বিশ্বাস হ’ল গোঁড়ামী এইভাৱে এক আত্ম-অবিশ্বাসত আঘাত দিয়াৰ মানসিকতা বিকাশ পাইছে। এই মানসিকতাই সমাজখনৰ অন্তঃকাঠামোত ধ্বংসৰ ৰেশ টানিছে।
সংস্কৃতি কেৱল নৃত্য-গীত বা পৰম্পৰাগত পৰিধান নহয়। ই এক জাতিৰ চিন্তাধাৰা, নৈতিক দৃষ্টিভংগী, জীৱনশৈলী, আৰু মানুহে জীৱনক কেনেকৈ পৰিচালনা কৰে সেইটো বুজাই দিয়ে। সংস্কৃতিমূলক শিক্ষাৰ হ্ৰাস, চুটিগছৰ দৰে উঠা যান্ত্রিক জীৱনশৈলী, অভিভাৱকৰ ব্যস্ততা, আৰু সামাজিক মাধ্যমত বান্ধ খোৱা জীৱন এই সকলোবোৰে নতুন প্ৰজন্মক নিজৰ সমাজৰ সৈতে বিচ্ছিন্ন কৰি পেলাইছে। যিটো অত্যন্ত দুখ জনক বিষয়।
নতুন প্ৰজন্ম যেতিয়া নিজৰ সংস্কৃতিক “বেক ডেটেড” বুলি ভাবে, গামোচা বা মেখেলা-চাদৰ পিন্ধাটো লাজৰ কাৰণ হিচাপে চোৱাৰ বিপৰীতে জিন্স – পেণ্ট পিন্ধা আধুনিকতাৰ অংশ বুলি গণ্য কৰে তেতিয়া জাতীয় পৰিচয়ৰ সূত্ৰবোৰ হাহিয়তিৰ পাত্ৰ হোৱাটো ডাঙৰ বিষয় নহয়।
যিকোনো জাতিৰ বাবে আধুনিকতাৰ প্ৰয়োজন, কিন্তু সেই আধুনিকতা হ’ব লাগে আত্ম-প্ৰত্যয়ৰ ওপৰত আধাৰিত। পোন প্ৰথমে নিজৰ স্বত্তাক ভালপোৱাৰ প্ৰয়োজন। নিজস্বতাক সন্মান নিদিয়া সমাজে, অন্য সমাজৰ আধুনিকতা গ্ৰহণ কৰিলেও, নিজৰ মৰ্যাদা ৰক্ষা কৰিব নোৱাৰে। নিজস্বতাৰ ওপৰত আধাৰিত আধুনিকতাই জাতিক জীৱন্ত ৰাখে। নতুবা সমাজক মুহূৰ্ততে উন্নতিৰ মিছা প্ৰশংসাত উৰাই আৰু আত্মবিশ্বাসৰ বন্তি নুমুৱাই দিয়ে।
যদি সমাজে নিজৰ ভাষা, পৰম্পৰা, ধৰ্ম, ইতিহাস, শিল্পকলা, আৰু মূল্যবোধক সঁচাকৈ ভালপায়, তেনেহলে সেই সমাজে আধুনিকতাৰ সৈতে আগুৱাই যাব পাৰে নিজ সংস্কৃতি নাপাহৰি, নিজৰ ৰূপত।
