আধাৰ কাৰ্ডত নাথাকিব নাম-ঠিকনা জন্মৰ তাৰিখ
ৰঙিলী বাৰ্ত্তাসোৱা- এইবাৰ আমূল পৰিৱৰ্তন হ’ব আধাৰ কাৰ্ডৰ। নতুন আধাৰ এপ প্ৰৱৰ্তনৰ পিছতে UIDAI য়ে এইবাৰ আধাৰ কাৰ্ডৰ সালসলনি কৰাৰ কথা চিন্তা কৰিছে। জানিব পৰা মতে, নতুনকৈ প্ৰৱৰ্তন কৰিবলগীয়া আধাৰ কাৰ্ডত নাম, ঠিকনা, জন্ম তাৰিখ আৰু ১২ সংখ্যাৰ আধাৰ নম্বৰসহ সকলো ব্যক্তিগত তথ্য এৰুৱাই পেলোৱা হ’ব। UIDAIৰ সূত্ৰৰ খবৰ মতে আধাৰ কাৰ্ডৰ নতুন ডিজাইনত নাগৰিকৰ নাম, ঠিকনা, ব্যক্তিগত তথ্য নাথাকিব লগতে আধাৰ কাৰ্ডৰ ছবিখনেই হ’ব ব্যক্তিগৰাকীৰ পৰিচয়-পত্র হিচাপে মূল নথি। থাকিব কেৱল ছবি আৰু এটা কিউ আৰ কোড। কিউ আৰ কোডটো স্কেন কৰাৰ বাবে এইবাৰ ব্যৱহাৰ কৰিব লাগিব নতুন আধাৰ এপ। ইতিমধ্যে নতুন mAdhar এপ প্ৰৱৰ্তন কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই এপত কিউ আৰ কোডটো স্কেন কৰিলে নাগৰিকৰ তথ্য পোৱা যাব। নতুন ধৰণৰ আধাৰ কাৰ্ডত বহু বেছি আধুনিকতাৰ বৈশিষ্ট্য থাকিব। UIDAIয়ে প্রকাশ কৰা মতে, আধাৰ কাৰ্ডৰ মাধ্যমত অফলাইন ভেৰিফিকেচন বা তথ্য চুৰি ৰোধ কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। বহুক্ষেত্রত দেখা যায় যে হোটেল, ইভেন্ট অর্গেনাইজাৰ বা সংস্থাই আধাৰ কাৰ্ডৰ তথ্য সংগ্ৰহ কৰে। সেই তথ্যৰ কোনো নিৰাপত্তা নাথাকে। অথচ আধাৰ আইন অনুযায়ী অফলাইনত পৰিচয়-পত্ৰ হিচাপে এনেদৰে আধাৰ কাৰ্ডৰ তথ্য সংগ্ৰহ কৰিব পৰা নাযায়। আধাৰ কাৰ্ড বা তাৰ প্ৰতিলিপি জমা ৰাখিবও নোৱাৰি। আধাৰৰ তথ্য চুৰি ৰোধ কৰিবলৈ এই চিন্তা-চর্চা। তদুপৰি বৰ্তমানৰ চলিত ডিজাইনৰ আধাৰৰ তথ্য অনায়াসে পোৱা যায়। তাৰ ফলত সেই তথ্যৰ অপব্যৱহাৰৰ আশংকাও বহু বেছি থাকে। যাৰ ফলত আর্থিক প্ৰতাৰণা আনকি ভুৱা নথি তৈয়াৰ আৰু বিভিন্ন ধৰণৰ ফৌজদাৰী প্ৰৱণতা বৃদ্ধি পাইছে। ছিম কার্ড জালিয়াতি, অনুমোদিত ঋণ গ্রহণ তথা AePSৰ মাধ্যমত অবৈধ টকা সংগ্ৰহ কৰা আদি ৰোধ কৰাত আধাৰৰ এই নতুন পদ্ধতিয়ে সহায় কৰিব। ভেৰিফিকেচনৰ বাবে আধাৰ এপত ৰেজিষ্ট্ৰেচন বাধ্যতামূলক।
