আধাৰ কাৰ্ডক ফটোযুক্ত ভােটাৰ পৰিচয় পত্ৰৰ সৈতে  সংলগ্ন সম্পর্কীয় সজাগতা অভিযানৰ শুভাৰম্ভ 

আধাৰ কাৰ্ডক ফটোযুক্ত ভােটাৰ পৰিচয় পত্ৰৰ সৈতে  সংলগ্ন সম্পর্কীয় সজাগতা অভিযানৰ শুভাৰম্ভ 

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- আধাৰ কাৰ্ডক ফটোযুক্ত ভােটাৰ পৰিচয় পত্ৰৰ সৈতে সংযােগ কৰাৰ বাবে নাগৰিকৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে নির্বাচনী আয়ােগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।ইয়াৰ অংশ হিচাপে সমগ্র অসমতে এই সম্পর্কে সজাগতা সৃষ্টি কৰিবলৈ কামৰূপ মহানগৰ নির্বাচনী জিলা বিষয়াৰ উদ্যোগত গুৱাহাটীৰ বাণিজ্য মহাবিদ্যালয়ত আজি এক সজাগতা অভিযানৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।  ৰাজ্যৰ পঞ্চাশখন নির্বাচনী জিলাত বাটৰ নাট প্রদর্শন আৰু ম’বাইল এল ই ডি ভাৰ জৰিয়তে সজাগতা সৃষ্টিকৰিবলৈ লােৱা এই অভিযানৰ শুভাৰম্ভ কৰে অসমৰ মুখ্য নির্বাচনী বিষয়ানীতিন খাড়েয়েঅভিযাৰ শুভাৰম্ভ কৰি দিয়া ভাষণ প্রসংঙ্গততেখেতে কয় যেভাৰতৰ নির্বাচন আয়ােগৰ তত্ত্বাৱধানির্বাচন সম্পর্কীয় বিভিন্ন তথ্যৰ লগতে নতুন ভােটাৰৰ পঞ্জীয়ন বিষয়ক ব্যৱস্থাসমূহ নাগৰিকসকলক অৱগত কৰিবলৈ প্রয়াস অব্যাহত আছে। জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে আজিৰ এই পদক্ষেপ অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি তেখেতে আশা প্রকাশ কৰি ভােটাৰ তালিকাৰ সত্যাসত্য নিৰূপনৰ বাবে আধাৰ সংলগ্ন কৰিবলৈ সকলােকে আহ্বান জনায়।।  সজাগতা সভাত যুটীয়া মুখ্য নির্বাচনী বিষয়া এমিলি বৰুৱা, কামৰূপৰ অতিৰিক্ত উপায়ুক্ত মৃগাংক চৌধুৰী, কামৰূপ মহানগৰৰ নির্বাচনী বিষয়া শেখৰণ ফুকন, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ হােমেশ্বৰ কলিতা প্রমুখ্যে ভালেকেইগৰাকী বিষয়া আৰু বিদ্যার্থী উপস্থিত থাকে।