আধাৰশিলা আৰু সম্বৰ্দ্ধনা

আধাৰশিলা আৰু সম্বৰ্দ্ধনা

বংশৰ,ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলাৰ হাজো খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় আৰু শুৱালকুছি উন্নয়ন খণ্ডৰ অন্তৰ্গত বাপূজী প্ৰাথমিক বিদ্যালয়ত ৪ নৱেম্বৰত বিধায়ক পূজীৰ পৰা পোৱা দুটি কোঠালী নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে পশ্চিম শুৱালকুছি গাঁৱ পঞ্চায়তৰ সভানেত্ৰী পিংকি দাস আৰু অৱসৰী প্ৰধান শিক্ষক প্ৰফুল্ল শৰ্মাই। আধাৰশিলা স্থাপন উপলক্ষে প্ৰধান শিক্ষয়িত্ৰী তথা অনাতাঁৰ শিল্পী ৰুমী দেৱী কাকতি য়ে আতধৰা সভাখনত সভাপতিত্ব কৰে পৰিচালনা সমিতিৰ উপ-সভাপতি ধনেশ্বৰ দাসে। উক্ত সভাতে এইবেলি কামৰূপ জিলা প্ৰশাসন আৰু কামৰূপৰ শিক্ষা বিভাগে ৫ ছেপ্টেম্বৰত বংশৰ ভৃংগেশ্বৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ইন্দ্ৰ কান্ত বৈশ্যক কৃতী শিক্ষকৰ বঁটা সন্মান প্ৰদান কৰে।এই উপলক্ষে বাপূজী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰুমী দেৱী কাকতি, শিক্ষক শিক্ষয়িত্ৰী গোটৰ পৰা বৈশ্য ক সম্বৰ্দ্ধিত কৰে। সম্বৰ্দ্ধিত কৃতী শিক্ষক ইন্দ্ৰ কান্ত বৈশ্য ই কয় যে নিষ্ঠা ,সৎ, মনোযোগেৰে কাম কৰিলে ভাল ফল পায় আৰু ছাত্ৰ -ছাত্ৰী সকলৰ মাজত থাকি জীৱন গঢ়া খনিকৰ হৈ শিক্ষকৰ আনন্দ মুখৰ দিশ বৰ্ননা কৰে। বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী বিদ্যাৰাম দাস,মনিকান্ত ঠাকুৰীয়া,নয়নমনি দাস আৰু অভিযন্তা কমল কৃষ্ণ দাস উপস্থিত থাকে।