আধাসিজা প্ৰেমৰ বান্ধোন
বাহাৰুল ইছলাম
বালিজান, মৰিগাঁও
জোনাক চোৱাৰ হেঁপাহে
বুকুত হেঁচা মাৰি ধৰে
জুমি চাইছিলোঁ হৃদয়খনি
শুনা পাইছিলোঁ
নুবুজা কিছু শব্দৰ কোলাহল
কিছু বিকলাংগ ভালপোৱাৰ সুৰ ।
দীৰ্ঘ শ্বাস এটি লৈ পুনৰ সুধিলোঁ তাৰ হৃদয়খনিক
টপৰাই কিবা ক’লে আৰু মই নুবুজিলোঁ
সেই নুবুজা নুশুনা আবেগ এটাই
অনেক আমনি কৰিলে
য’তবাৰ জুমি জুমি চাইছিলোঁ
ত’তবাৰ প্ৰেমত পৰিলোঁ ।
ভালপোৱাৰ বঞ্চনাৰ হাঁহাকাৰত
আজি মই অৱহেলিত
আজি মই আঘাতপ্ৰাপ্ত
সমাধিস্থ কৰিছোঁ বাসনা
চকুৰ পলকতে
জাহ গৈছে ভালপোৱাৰ সুৰ।
নাজানিলোঁ অ’তদিনে
প্ৰেমৰ চাৰিসীমাৰ কথা
অবুজ প্ৰেমৰ বান্ধোনে কৰিলে ঘুণীয়া
তথাপিও প্ৰেমৰ কি তীব্ৰতা!
একে ৰ’ল তাৰ ৰং
তাৰ ওজন,তাৰ কামনা
শূণ্য স্থানত ঘূৰিছে আজি
এজাক বলীয়া বতাহ হৈ।