আদৰৰ ৰঙালী- ৰশ্মি ৰেখা দুৱৰা

pc Northeast Now

আদৰৰ ৰঙালী

 ৰশ্মি ৰেখা দুৱৰা
           জামিৰা,ডিব্ৰুগড়।

গছৰ ডালত বহি কুলি-কেতেকীৰ বিননিয়ে
দিলেহি ৰঙালী বিহুটিৰ আগলি বতৰা
ন-কুঁহিপাতে আদৰি আনিলে ব’হাগীক
ৰং ৰহইস্যৰে মতলীয়া প্ৰকৃতি বিনন্দীয়া।
অসমীয়াৰ বাপতি-সাহোন ৰঙালী বিহুটি
ঢুলীয়া-নাচনীৰ গাত নাই তৰণি
চ’ত সোমালেই গাঁৱে গাঁৱে হয়
হুচৰি,জেংবিহু,চেমনীয়া বিহুৰ আখৰা
আদৰৰ ৰঙালী বিহুটি ৰঙতে উতনুৱা।
গাঁৱৰ গাভৰুৱে তাঁতশালত সপোন ৰচে
কাকেনো পিন্ধাব ভমকাফুলীয়া বিহুৱান খনি
চেনাইধনে দিবনে খোপাত কপৌফুল গুজি
লাজতে ৰঙাছিঙা হৈ গাভৰুৱে
মাকোৰ খিটখিটনিত মনোহৰ ৰূপ দিয়ে
অসমীয়াৰ স্বাভিমান বিহুৱান খনি।
চিৰা,সান্দহ,পিঠাবোৰে ঢেঁকীৰ গুমগুমনিত
জীয়ৰী-বোৱাৰীৰ হাতৰ পৰশত প্ৰাণ পাই উঠে
অসমীয়াৰ গা সাতখন-আঠখন
চৌদিশৰ ঢেঁকী,ঢোল-পেঁপা,তাঁতৰ শব্দত
কঁকাল বেকা আইতা জনীয়ো ৰবকে নোৱাৰি
ডেকা-গাভৰুৰ সতে নিজকে বিলীন কৰি
এটি ক্ষণৰ বাবে অতীতৰ সোঁৱৰণিৰ পৃষ্ঠাত।
তাহানিৰ পৰম্পৰাক নীতি-নিয়মেৰে ধৰি
কৃষ্টি সংস্কৃতিৰ মান ৰাখি সম্প্ৰীতিৰ এনাজৰীৰে
আদৰোঁ চেনেহৰ ৰঙালী বিহুটিক।