আদৰ্শ শিক্ষক – এছ ইছলাম

আদৰ্শ শিক্ষক
 এছ ইছলাম, শিক্ষক, বৰপেটা
আদৰ্শ শিক্ষাগুৰু যেনিবা
এডাল জলন্ত মমবাতি
জ্বলি জ্বলি দিয়ে
চাৰিওফালে জ্ঞানৰ পোহৰ
নীৰৱে বিলায়
আদৰ্শৰ জ্যোতি।
সেই জ্ঞানৰ জ্যোতিত
আলোকিত হয়
গোটেই বিশ্ব-জগতৰ
ছাত্র-ছাত্ৰীহঁত।
ছাত্ৰ-ছাত্ৰীৰ উন্নতিত
শিক্ষকৰ মন হয় প্ৰফুল্লিত
নিজৰ উন্নতি নহ’লেও
ছাত্র-ছাত্ৰীৰ বাবে সি গৰ্বিত।
আদৰ্শ শিক্ষকে জীৱন কটায়
মহা আনন্দত
সৎজ্ঞানৰ আদৰ্শৰ প্ৰতি
সদায় তেখেত আদৰ্শিত।
এনে আদৰ্শৰ শিক্ষকৰ প্ৰতি
আমাৰ সকলোৰে
থাকিব লাগে গভীৰ আন্তৰিক
সহস্র শ্ৰদ্ধা-ভক্তি।