আদৰ্শ মহাবিদ্যালয়, নতুনকৈ মুকলি হোৱা শাখাত অৱসৰপ্ৰাপ্ত অধ্যাপক নিযুক্তিৰ বিৰোধিতা
আছুৰ উদ্যোগত হোৱা শিক্ষক সংগঠনৰ বৈঠকৰ সিদ্ধান্তক সমৰ্থন কটনৰ গৱেষক সংস্থাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ আদৰ্শ মহাবিদ্যালয় আৰু নতুনকৈ স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয়ৰ শাখাসমূহত অৱসৰ প্ৰাপ্ত অধ্যাপক নিযুক্তিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। এক প্ৰেছ বিবৃতি যোগে কটন বিশ্ববিদ্যালয় গৱেষক সংস্থাই অসম চৰকাৰৰ এই সিদ্ধান্তক হঠকাৰী আখ্যা দিয়ে। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ দ্বাৰা অসমৰ উচ্চ শিক্ষিত যুৱক-যুৱতীসকলৰ যোগ্যতাৰ ওপৰত প্ৰশ্নোত্থাপিত কৰাই নহয়, উচ্চ শিক্ষিত যুৱক-যুৱতীসকলৰ কৰ্মসংস্থাপনৰ বাট বন্ধ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে বুলি মন্তব্য কৰে গৱেষক ছাত্ৰ সংস্থাই। অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে মূলতঃ ৰাজ্যৰ উচ্চ শিক্ষাখণ্ডৰ ব্যক্তিগতকৰণৰ দিশে খোজ দিছে বুলি অভিযোগ কৰি সংস্থাটোৱে কয় যে চৰকাৰে এফালে নতুন নতুন বিশ্ববিদ্যালয় স্থাপন কৰি ৰাজ্যত গৱেষকৰ সংখ্যা বৃদ্ধি কৰিছে আনফালে এই গৱেষকসকলৰ যোগ্যতাৰ ওপৰত সন্দেহ কৰি তেওঁলোকৰ সংস্থাপনৰ বাট বন্ধ কৰিছে। উচ্চ শিক্ষা বিভাগৰ এই স্ববিৰোধী-হঠকাৰী সিদ্ধান্তই ভৱিষ্যত দিনত ৰাজ্যৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনক পংগু কৰিব বুলি মন্তব্য কৰে সংস্থাটোৱে। অৱসৰ লাভ কৰা শিক্ষাগুৰুসকলৰ অভিজ্ঞতা আৰু কৰ্মকুশলতাৰ প্ৰয়োজনীয়তা ৰাজ্যৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত সদায় থাকিব যদিও নতুনৰ বাট বন্ধ কৰি অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলক পুনৰ নিযুক্তি দিয়াটো কোনো যুক্তিতে গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলি কয় সংস্থাটোৱে। আনহাতে আদৰ্শ মহাবিদ্যালয় আৰু নতুনকৈ স্বীকৃতিপ্ৰাপ্ত শাখাসমূহত নতুন প্ৰাৰ্থীসকলক তিনিবছৰৰ বাবে মাহিলী মাত্ৰ পঞ্চাছ হাজাৰ টকাৰ দৰমহা দি প্ৰবেজনত ৰাখি এক অনিশ্চিত ভৱিষ্যতলৈ ঠেলি দিব বিচৰা হৈছে বুলি মন্তব্য কৰি সংস্থাটোৱে দাবী কৰে যে অসমৰ আদৰ্শ মহাবিদ্যালয় তথা নতুনকৈ স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয়ৰ শাখাসমূহৰ প্ৰতিটো পদত মেধাৰ ভিত্তিত নিয়মীয়া নিয়োগৰ ব্যৱস্থা কৰিব লাগে। কটন বিশ্ববিদ্যালয় গৱেষক সংস্থাৰ সভাপতি জিণ্টু ঠাকুৰীয়া আৰু সাধাৰণ সম্পাদক ত্ৰিবুজ্জ্বল প্ৰকাশে বিবৃতিযোগে ১৭ আগষ্টত গুৱাহাটীত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অনুষ্ঠিত ৰাজ্যৰ শিক্ষক সংগঠনসমূহৰ বৈঠকৰ সিদ্ধান্তক আদৰণী জনায়। সংস্থাৰ নেতৃবৃন্দই কয় যে ৰাজ্যৰ উচ্চ শিক্ষা ব্যৱস্থাটোলৈ আহিব পৰা চৰম সংকট আৰু উচ্চ শিক্ষিত, মেধাসম্পন্ন নিয়োগ প্ৰত্যাশীসকলৰ নিয়মীয়া নিয়োগ নিশ্চিতিৰ বিষয়ত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যৰ শিক্ষক সংগঠনসমূহ সহমতত উপনীত হোৱাটো এক ইতিবাচক খবৰ। কটন বিশ্ববিদ্যালয় গৱেষক সংস্থাই বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ সৈতে সহমত পোষণ কৰি শীঘ্ৰে ৰাজ্য চৰকাৰক সেইসমূহ ৰূপায়ণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়। সংস্থাই লগতে ৰাজ্যৰ বৌদ্ধিক মহল তথা ছাত্ৰ সংগঠনসমূহক অসম চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰোধীতাৰে পদক্ষেপ গ্ৰহণ তথা জনমত সৃষ্টিৰ বাবে আহ্বান জনায়।