আদ্য শ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জলি -দিলদাৰ বাবে
-অঞ্জু শাণ্ডিল্য
আমাৰ ডাঙৰ দাদা দিলীপ কুমাৰ গোস্বামী ।আমি দিলদা বুলি মাতিছিলো।মনত পৰা দিনৰেপৰা আমাৰ প্ৰতি থকা দিলদাৰ মৰম -স্নেহ দেখি আহিছো।সৰুতে দেউতাই আমাক নেদেখিলে মাক কৈছিল, “মাজনীক দেখা নাই, কোন ফালে আছে? ” মায়ে কৈছিল, “আগফালে দি ৰ লগত আছে ।” দেউতাই আকৌ কৈছিল, “এই সময়ত ৰাস্তাত বাগানৰ গাড়ী -মটৰ চলি থাকে ।গেটখনো খোলা আছে —–” দেউতাৰ কথাৰ মাজতে মায়ে কৈছিল, “দি আছে নহয়, চাই থাকিব ।”. ‘দি’ মানে দিলদা ।মা-দেউতাই মৰমতে ‘দি’বুলি মাতিছিল।
সৰুৰেপৰাই আমাক মৰম -স্নেহ কৰা দিলদাই পাছতো কিমান আদৰ-যত্ন কৰিছিল! যদিও আমাৰ দাদা আছিল কিন্তু বয়সত আমাতকৈ বহুত ডাঙৰ আছিল । কাৰণ আমাৰ মা দেউতাৰ দ্বিতীয়া পত্নী আছিল ।দিলদা মাক দেউতাৰ প্ৰথমা পত্নী আছিল ।কিন্তু দুগৰাকী মাকৰ সন্তান বুলি আমাক (দাদা, ভাইটী আমি) ক কোনেও ধৰিব নোৱাৰে।একমাত্ৰ ছোৱালী ৰূপে ঘৰ খনত মৰমত ডাঙৰ -দীঘল হৈছিলো আৰু দিলদাইও মৰম -স্নেহেৰে আৱৰি ৰাখিছিল।আমি পঢ়ি থাকোঁতেই দেউতাই চাকৰিৰ পৰা অৱসৰ লৈছিল আৰু দিলদাইও চাকৰিত নিযুক্তি লাভ কৰিছিল ।দেউতাৰ পেন্সন আৰু দিলদাৰ দৰমহাৰ টকাৰে ঘৰ খন সুন্দৰকৈ চলিছিল ।
আমি অভাৱ-অনাটনত ভোগা নাছিলো ।এক মধ্যবিত্ত পৰিয়ালৰ সৰু-সুৰা সমস্যা নথকা নহয়; কিন্তু দিলদাই সকলো চম্ভালি লৈছিল ।চাকৰি সূত্ৰে দেশ -বিদেশে ঘূৰি ফুৰা দিলদাই আমাৰ বাবে কিমান যে বয়-বস্তূ আনিছিল! যিবোৰ আমাৰ নিচিনা মধ্যবিত্ত পৰিয়ালৰ বাবে সপোনৰো অগোচৰ আছিল ।আমাৰ ঘন-দীঘল চুলিকোছা ৰাতিপুৱা ধুই ন’বজাত জেবি কলেজত ক্লাছ কৰোতে কেতিয়াবা নুশুকায়।দিলদাই কলকাতাৰপৰা হেয়াৰ দ্ৰায়াৰ আনি দিছিল ।ব্লাউজ-পেটিকোট এটা-দুটা নহয়, ডজন হিচাপে আনিছিল ।শাৰীও পাঁচ -ছখনকৈ একেলগে আনিছিল ।আমাৰ বিয়া মাত্ৰ দুমাহৰ ভিতৰতে ঠিক হৈছিল; কিন্তু দিলদাই আগৰেপৰাই সোণৰ গহনা, পাট-মুগাৰ কাপোৰ, ডিনাৰ চেট,বেড-ক’ভাৰ ,চুটকেছ আদি কিনি থোৱা বাবে বিয়াৰ সময়ত অসুবিধা নহ’ল।বিয়াৰ পাছত আমি গুৱাহাটীৰ বাসিন্দা হ’লো।
দিলদা আগৰেপৰা গুৱাহাটীত আছিল ।কেতিয়াবা বিহুত যোৰহাটৰ ঘৰলৈ যাব নোৱাৰিলে দিলদাৰ ঘৰলৈ গৈছিলো ।দিলদাৰ ঘৰখনলৈ গ’লে মা-দেউতাক পোৱা যেন লাগে।এইবাৰ ব’হাগ বিহুতো গৈছিলো; কিন্তু ভবা নাছিলো, এই শেষ বাৰৰ বাবে দিলদাক বিহুৰ ওলগ -সেৱা জনাবলগা হ’ব বুলি ।যোৱা ২৭মে’ত সকলোকে কন্দুৱাই উভতি নহাৰ বাটেৰে গুছি গ’ল।সেই দিনা আমাৰ মুৰত আকাশী সৰগ ভাগি পৰা যেন লাগিল।যেন মা-দেউতাক হেৰুৱাই পেলালো।যোৰহাটৰ ঘৰ খনত মানুহে নধৰা অৱস্থা ।সকলো শোকত ভাগি পৰিছে।গুৱাহাটী হাতীগাৱৰ শঙ্কৰ পথত দিলদাৰ বাসগৃহতো চৌপাশৰ মানুহে শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ ভিৰ কৰিছিল ।অনেকেই চকুলো টুকিলে।মৃতদেহ যোৰহাটৰ ঘৰলৈ লৈ যোৱা হ’ল।গভীৰ নিশাত সকলো মানুহে ৰৈ আছিল ।ঘৰৰ চৌহদত সন্মুখত মানুহ আৰু মানুহ! শ্মশান যাত্ৰাতো গাড়ীৰ লানি নিচিগা সোত। দিলদা, তোক চিৰশান্তি দিয়াৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ।