আদিএলেঙী সত্ৰৰ নামলগোৱানী মাকন ভূঞাৰ স্মৃতি চাৰণ অনুষ্ঠান : ৰাজহুৱা নাম কীৰ্তন: গুণমালা পুথি বিতৰণ:
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী জিলাৰ নামনি মাজুলীৰ আদিএলেঙী সত্ৰৰ নামলগোৱানী, বিশিষ্ট ধৰ্মপ্ৰাণা মহিলা, শিল্পী মহিলা মাকন ভূঞাৰ আজি ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠান আদি এলেঙী সত্ৰৰ নিজা বাসভৱনত অনুষ্ঠিত হয়। যোৱা ৬’ জানুৱাৰীত মৃত্যু হোৱা বিশিষ্ট শিল্পী মাকন ভূঞাৰ আজি পবিত্ৰ আদ্য শ্ৰাদ্ধ উপলক্ষে বিভিন্ন আধ্যাত্মিক কাৰ্যসূচী ৰূপায়ন কৰা হয়। বিশিষ্ট মহিলাগৰাকীৰ উক্ত, আদ্যশ্ৰাদ্ধ উপলক্ষে আজি পুৱা ন’ বজাত এখন স্মৃতি চাৰণ সভা অনুষ্ঠিত হয়। উক্ত, স্মৃতি চাৰণ অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে আদিএলেঙী সত্ৰৰ নামলগোৱা কৃষ্ণৰাম হাজৰিকাই। তাৰপিছত সদ্য প্ৰয়াত নামলোগোৱানীৰ ফটো উন্মোচন কৰা হয়। ফটো উন্মোচন কৰে কৃষ্ণৰাম হাজৰিকাই। তাৰপিছত এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। যদু কলিতাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিভিন্ন ব্যক্তিয়ে প্ৰয়াত শিল্পী,নামলগোৱানী মাকন ভূঞাৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তেওঁৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰা হয়।

পুৱা দহ বজাৰ পৰা ৰাজহুৱা নাম কীৰ্তন পৰিৱেশন কৰা হয়। আদি এলেঙী সত্ৰৰ নামলগোৱা ভৱ বৰাৰ পৰিচালনাৰে পৰিৱেশিত উক্ত নাম কীৰ্তন অনুষ্ঠানত মাজুলীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাশতাধিক বৈষ্ণৱে অংশগ্ৰহণ কৰে। নাম কীৰ্তনৰ পাছত অনুষ্ঠিত হোৱা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আদিএলেঙী সত্ৰৰ পৰিচালনা সমিতি, গোপিনী সমাজ আৰু মাকন ভূঞাৰ নাতি নাতিনীসকলে মাকন ভূঞাৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাই শ্ৰদ্ধাঞ্জলি পত্ৰ প্ৰদান কৰে। তাৰপিছত গুণমালা পুথি অৰ্পণ অনুষ্ঠান অনুষ্ঠিত হয়। যদু কলিতাই আঁত ধৰা উক্ত গুণমালা পুথি অৰ্পণ অনুষ্ঠানটো শুভাৰম্ভ কৰে বিশিষ্ট সমাজকৰ্মী, আউনীআটী সত্ৰৰ বৈষ্ণৱ যুগল ভূঞাই । অনুষ্ঠানটো শুভাৰম্ভ কৰি মাকন ভূঞাৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী, বৈষ্ণৱ আৰু আই-মাতৃক পৰিয়ালৰ তৰফৰ পৰা এখনকৈ গুণমালা পুথি অৰ্পণ কৰা হয়। সন্ধিয়া বন্তি প্ৰজ্বলন আৰু মাকন ভূঞাৰ স্মৃতিত পুনৰ নাম কীৰ্তন পৰিৱেশন কৰা হয়। অনুষ্ঠানত উপস্থিত ৰাইজক সম্বোধন কৰি শলাগ জ্ঞাপন কৰে মাকন ভূঞাৰ জ্যেষ্ঠ পুত্ৰ শিক্ষক ৰাতুল ভূঞাই।
