আদানি গ্ৰুপৰ বৰঝাৰস্থিত বিমানবন্দৰৰ ওচৰৰ ৫৪টা পৰিয়াললৈ উচ্ছেদৰ জাননী

pc- Sentinel Assam

আদানি গ্ৰুপৰ বৰঝাৰস্থিত বিমানবন্দৰৰ ওচৰৰ ৫৪টা পৰিয়াললৈ উচ্ছেদৰ জাননী

অনলাইন বাৰ্ত্তাসেৱা- গুৱাহাটী বৰঝাৰস্থিত লোকপ্ৰিয় বিমানবন্দৰটো কেন্দ্ৰীয় চৰকাৰে আদানি গ্ৰুপৰ হাতত গতাই দিয়াৰ পাছত তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়তেই দুখন গাঁও খালী কৰিবলৈ নিৰ্দেশ অহাৰ পাছতেই পৰিয়ালবোৰৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বিমানবন্দৰ ওচৰতে থকা কামৰুপ জিলাৰ পলাশবাৰী ৰাজহচক্ৰৰ অন্তৰ্গত কৈটাসিদ্ধি আৰু ৰাইবাৰী গাঁৱৰ ৫৪টা পৰিয়াললৈ হঠাতে বাসগৃহ উচ্ছেদৰ জাননী আহিছে। ৰাজহ গাঁও দুখনৰ গঞা ৰাইজে তেওঁলোকৰ মূৰত ৰামটাঙোন শোধাব খোজা কাৰ্যৰ প্ৰত্যুত্তৰ দিব বুলি সকীয়াই দিছে। ঘৰ-মাটি অধিগ্ৰহণ প্ৰক্ৰিয়া বন্ধ কৰাৰ বাবে স্থানীয় ৰাইজ, ভূমি অধিকাৰ সংগ্ৰাম সমিতি আৰু দক্ষিণ কামৰূপ সচেতন মঞ্চই চৰকাৰৰ ওচৰত দাৰী জনাইছে।

 

(RT)