আদানি গ্ৰুপৰ উত্তৰ প্ৰদেশত ৭০,০০০ কোটি বিনিয়োগ
ৰঙিলী বাৰ্ত্তাসেৱা- কোটিপতি উদ্যোগপতি গৌতম আদানীয়ে কৈছিল যে আদানি গ্ৰুপে উত্তৰ প্ৰদেশত ৭০,০০০ কোটি বিনিয়োগ কৰিছে। আদানীয়ে লগতে কয় যে উত্তৰ প্ৰদেশৰ পথ আৰু পৰিবহণৰ আন্তঃগাঁথনি বিকাশত ২৪,০০০ কোটি টকা বিনিয়োগ কৰা হ’ব আনহাতে ৰাজ্যখনৰ মাল্টিমোডেল লজিষ্টিক আৰু প্ৰতিৰক্ষা খণ্ডত আৰু ৩৫,০০০ কোটি বিনিয়োগ কৰা হ’ব। “আমি আশা কৰোঁ যে এই বিনিয়োগে ৩০,০০০ ৰো অধিক চাকৰি সৃষ্টি কৰিব,” আদানীয়ে কয়।