আদানিৰ এৰ’চিটি– উছন হ’ব ১,১১৬ টা পৰিয়ালৰ ভেটি আজাৰা, মিৰ্জাপুৰ, গৰলত অধিগ্ৰহণ কৰিব ৪১০ বিঘা ভূমি
এৰ’চিটি নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিচাৰিছে ৩,২২০ বিঘা মাটি
বিমান বন্দৰ, শক্তি প্ৰকল্প, স্মাৰ্ট মিটাৰৰ ঠিকা, এৰ’চিটি– বিজেপিৰ আমোলত অসমত ৰকেট গতিত আদানিৰ সাম্ৰাজ্য
ৰঙিলী বাৰ্ত্তাসেৱা- বিজেপিৰ “বন্ধ³” বুলি সততে অভিযোগ উত্থাপিত আদানি গ্ৰুপৰ এৰ’চিটি নিৰ্মাণৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰ্জাতিক বিমান বন্দৰৰ সমীপত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অধিগ্ৰহণ কৰিব ১,১১৬ টা পৰিয়ালৰ ৪১০ বিঘা ভূমি৷ ইতিমধ্যে ভূমি অধিগ্ৰহণৰ জাননী জাৰি কৰা হৈ গৈছে৷ বিমান বন্দৰৰ সমীপৰ ৩ খন গাঁও আজাৰা, মিৰ্জাপুৰ আৰু গৰলত অধিগ্ৰহণ কৰা হ’ব আদানিৰ এৰ’চিটিৰ বাবে এই বিশাল পৰিমাণৰ ভূমি৷ মিৰ্জাপুৰত ২৫৭ বিঘা ৯১.৫ লেচা, আজাৰাত ৮৩ বিঘা ৪ কঠা ১৫ লেচা আৰু গৰলত ৭০ বিঘা, ১৬ লেচা ভূমি অধিগ্ৰহণৰ বাবে যো-জা চলোৱা হৈছে৷ এই ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ কথাটো হ’ল এই তিনিখন গাঁৱৰ ৰাইজৰ মাটি এতিয়ালৈকে বিমান বন্দৰৰ বাবে চাৰিবাৰ পৰ্যন্ত অধিগ্ৰহণ কৰা হৈছে৷ এতিয়া বহু পৰিয়ালৰ কেৱল ভেটি মাটিহে আছে৷ এইবাৰ এৰ’চিটিৰ নামত অধিগ্ৰহণ হ’লে বহু পৰিয়ালে হেৰুৱাব নিজৰ ভেটি মাটিও৷কেৱল এই তিনিখন গাঁৱৰ মাটিয়েই নহয় আৰু অন্য মাটিও পৰৱৰ্তী সময়ত অধিগ্ৰহণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ কিয়নো ২০১৭ চনতে ভাৰত চৰকাৰে এৰ’চিটি নিৰ্মাণৰ বাবে ২,০০০ একৰ মাটি অসম চৰকাৰক বিচাৰিছিল অৰ্থাৎ, ৩,২২০ বিঘা মাটি৷ সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ পিছত আজাৰা ৰাজহ চক্ৰৰ অধীনৰ অঞ্চল জালুকবাৰী সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে৷ দ্ৰুতগতিত উন্নয়ন হৈ থকা অঞ্চলটো কৌশলৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ সমষ্টিৰ অন্তৰ্ভুক্ত কৰি লোৱাৰ সম্ভাৱনাই প্ৰৱল৷ কিন্তু যি সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কৈ আছে, সেই সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজ সমষ্টিতে থলুৱাৰ ভেটি উছন কৰি আদানিক মাটি গতাই দিব বিচাৰিছে৷ৰাজসাহাৰ্যৰে নিৰ্মাণ কৰা হ’ব আদানিৰ বাবে এৰ’চিটি৷ এৰ’চিটিৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল Advantage Assam ২ ত৷ তেতিয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল বিনিয়োগকাৰীক দিয়া হ’ব বিশেষ ৰাজসাহাৰ্যৰ সুবিধা৷ এতিয়াৰ থলুৱাৰ ভেটি উছন কৰি ৰাজকোষৰ ৰাজসাহাৰ্যৰে নিৰ্মাণ কৰা হ’ব আদানিৰ এৰ’চিটি৷ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ জাতিক ৰক্ষা দিবলৈ সংখ্যালঘুৰ দখলত থকা অঞ্চলত উচ্চেদৰ ৰাজনীতিৰে উচ্চেদ চলাই আছে৷ কিন্তু সেই একেটা সময়তে আদানিক মাটি গতাই দিবলৈ ৰ,ৰ১৬ টা খিলঞ্জীয়া পৰিয়াললৈ ভূমি অধিগ্ৰহণৰ জাননীও প্ৰেৰণ কৰা হৈছে৷ একেটা সময়তে এফালে ধুবুৰীত উচ্চেদ চলাই আছে আৰু আনফালে কাৰ্বি আংলংত আদানিক মাটি গতাই দিয়াৰ যো-জা চলাই আছে৷সংবাদ মেলত ৰাইজৰ দলে কয় যে বিজেপিৰ আমোলত অসমত ৰকেট গতিত বািI.ছে আদানিৰ বেপাৰ৷ দলটোৱে বিজেপিৰ আমোলত আদানিৰ বাণিজ্য সম্প্ৰসাৰণৰ এক তালিকাও দাখিল কৰে৷ লোকপ্ৰিয় আন্তঃজাৰ্তিক বিমান বন্দৰ ৷ ৮৪০ কোটি টকাৰ স্মাৰ্ট মিটাৰৰ ঠিকা৷ এৰ’চিটি৷ ধুবুৰীত ৩,৫০০ বিঘা ভূমিত ৩,০০০ মেগাৱাটৰ তাপ বিদ্যুৎ প্ৰকল্প৷কাৰ্বি আংলঙত ১২,০০০ বিঘা ভূমিত সৌৰ শক্তি প্ৰকল্প৷ (সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি) ৯,০০০ বিঘা মাটিত ডিমা হাচাওত চিমেণ্ট কোম্পেনী৷ (সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি)৷