আত্মৰক্ষা- কাজি শ্বাহাদত ইছলাম

Pc- pexels

আত্মৰক্ষা

মিথিলেশ নামৰ ব্যৱসায়ীজন অগাধ সম্পত্তিৰ মালিক। কেতিয়াবা জীৱনলৈ ভাবুকি আহিব পাৰে বুলি এমাহমান আগতে আত্মৰক্ষাৰ বাবে এটা পিস্তল ক্ৰয় কৰিছিল লাইচেন্স সহকাৰে। তেওঁৰ অসাৱধানতাৰ ফলত আজি পুৱা পিস্তলটো পাঁচ বছৰীয়া পুত্ৰ নীলিশৰ হাতত পৰিল আৰু দেউতাকে তেওঁৰ কাৰণে কিনি আনিছে বুলি আনন্দ মনেৰে দেউতাকলৈ চলাই দিলে- “ডাই…ডাই….ডাই…।” ক্ষণিকতেই টোপনিত লালকাল মিথিলেশৰ ওপৰত থকা বগা কম্বলখন ৰঙা হৈ পৰিল।

কাজি শ্বাহাদত ইছলাম
দক্ষিনগাঁও, কাহিলীপাৰা,গুৱাহাটী