আত্মোপলব্ধি আৰু আত্মসমালোচনা এক জীৱন দৰ্শন
ৰুহুল আমিন
সহকাৰী অধ্যাপক, শিক্ষা বিভাগ
চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়, বাঘবৰ
আমি জীৱনটোত কেনেকৈ শান্তিপূৰ্ণভাৱে জীয়াই থাকিব পাৰি তাৰ বাবে বিভিন্ন দাৰ্শনিক ধাৰণা উপলব্ধ আছে। তাৰেই দুটা গুৰুত্বপূৰ্ণ ধাৰণা হ’ল আত্মোপলব্ধি আৰু আত্মসমালোচনা। এই বিশেষ ধাৰণা দুটাই আমি নিজকে ভালদৰে বুজি উঠি সেইমতে জীৱনত অগ্ৰগতি লাভ কৰাত সহায় কৰে। ইয়াত আছে এনে এক চিন্তাৰ স্ৰোত যিয়ে নেকি আমাৰ জীৱনৰ গতি সলাই দিব পাৰে। নিজৰ ভাল-বেয়া বিবেচনা কৰা আৰু তাক আন্তৰিকতাৰে উপলব্ধি কৰাৰ মাজত থাকে এক ঐশ্বৰিক প্ৰশান্তি।
আত্ম-আৱিষ্কাৰৰ সকলোখিনিয়েই হৈছে আমি প্ৰকৃততে গভীৰভাৱে কোন সেইটো বিচাৰি উলিওৱা। যিদৰে পিঁয়াজৰ তৰপবোৰ খোলা কৰি তাৰ গুৰি বিচাৰি উলিওৱা হয়। ইয়াৰ অৰ্থ হ’ল আমি প্ৰকৃততে কিহত বেছি গুৰুত্ব দিওঁ আৰু কি কামত ভাল সেই বিষয়ে এক নিৰপেক্ষ বিচাৰ বিবেচনা থাকিব লাগে। যদিও এইটো সদায় সহজ নহয়, কিন্তু ইয়ে আমাক আমাৰ প্ৰকৃত স্বৰূপৰ সৈতে মিল থকা বিষয়সমূহ বাছনি কৰাত সহায় কৰে। এইদৰে আমি আমাৰ ভৱিষ্যতৰ কাৰ্যপন্থা নিৰ্ধাৰণ কৰি এক মজবুত ভেটি গঢ়ি তুলিব পাৰি।
কিন্তু এই আত্মোপলব্ধি সঠিক হোৱা দৰকাৰ। আমিও নিজকে সৎভাৱে চাব পৰাটো গুৰুত্বপূৰ্ণ আৰু আমি ক’ত ভাল কাম কৰিব পাৰো সেয়া চাব পৰাটো আৰু বেছি প্ৰয়োজনীয়। ইয়াক আত্মসমালোচনা বোলা হয়, যত থাকে ভাল-বেয়া, ভুল-শুদ্ধৰ সঠিক বিশ্লেষণ। নিজৰ কৰণীয়ৰ ওপৰত কঠিন হোৱাটোৱে শেষ কথা নহয় বৰঞ্চ আমি কেনেকৈ দুৰ্বল দিশটোৰ বৃদ্ধি আৰু উন্নতি কৰিব পাৰো সেইটো বুজি পোৱাটো হে ডাঙৰ কথা। ঠিক যিদৰে আমি বনোৱা এখন ছবি চাই তাক কেনেকৈ আৰু বেছি ভাল কৰিব পাৰো আৰু তাৰ বাবে আমি কি কৰিব পাৰো সেইটোতেই নিহিত হৈ থাকিব ইয়াৰ কৃতকাৰ্যতা।
আত্মোপলব্ধি আৰু আত্মসমালোচনা একেলগে একেটা মুদ্ৰাৰ দুফালৰ দৰে, মানে এটা আনটোৰ পৰিপূৰক। এই দুয়োটা বিষয়ে আমাক বহু প্ৰকাৰে সহায় কৰিব পাৰে; যেনেকৈ-
১/ নিজকে ভালদৰে জনা: আত্মোপলব্ধিয়ে আমাক বুজিবলৈ সহায় কৰে যে আমি কোন, আৰু আত্মসমালোচনাই আমাক শিকাই আমি কি ভালকৈ কৰিব পাৰো। ইয়াৰোপৰি আমাৰ সৱল আৰু দুর্বল দুয়োটা দিশ বিবেচনা কৰি আমাৰ নিজস্ব অস্তিত্ব জাহিৰ কৰাত সহায় কৰে। অৰ্থাৎ ইয়াৰ যোগেদি আমি নিজকে ভালদৰে জানিব পাৰি।
২/ প্ৰতিদিনে ভাল হোৱা: ভুলৰ প্ৰতি বেয়া অনুভৱ কৰাৰ পৰিৱৰ্তে আত্মসমালোচনাই আমাক তাৰ পৰা শিকিবলৈ আৰু অধিক শক্তিশালী হ’বলৈ সহায় কৰে। অৰ্থাৎ আমি কেনেকৈ প্ৰতিদিনে ভাল হৈ গৈ থাকিব পাৰোঁ সেই ক্ষেত্ৰত আত্মোপলব্ধি আৰু আত্মসমালোচনাই এক মাইলৰ খুটি হিচাপে কাম কৰে।
৩/ জীৱনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা: নিজকে জানি আৰু ক’ত উন্নতি কৰিব লাগে সেইটো গ্ৰহণ কৰি আমি জীৱনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাত অধিক স্থিতিস্থাপক হৈ পৰো। উপৰোক্ত ধাৰণা দুটাই আমাক জীৱনৰ সমস্যাসমূহৰ প্ৰতি অধিক স্থিতপ্ৰজ্ঞ সিদ্ধান্ত লোৱাত সহায় কৰে। আমাৰ নিজস্ব সত্বাটোক জনাৰ যোগেদি জীৱনত যিকোনো প্ৰত্যাহ্বান নেওচি আগুৱাই যাব পাৰি।
৪/ আনক বুজাৰ সক্ষমতা: আত্মসমালোচনা আৰু আত্মোপলব্ধিৰ জৰিয়তে আমি নিজক বুজাৰ লগে লগে আমি আনক বুজাৰ সক্ষমতাও লাভ কৰোঁ। ইয়ে আমাক এক অন্ত:দৃষ্টি প্ৰদান কৰে, যাৰ যোগেদি ব্যক্তিৰ স্বকীয়তাক উমান পাব পাৰি। এনেদৰে আমি এজনে আনজনৰ মনৰ ভাৱ বুজি উঠিব পাৰো।
৫/বাস্তৱ সংযোগ গঢ়ি তোলা: আমি নিজৰ প্ৰতি সৎ থাকি উন্নতিৰ বাট মুকলাই লোৱাত আমাক আনৰ সৈতে সৎ আৰু অৰ্থপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাত সহায় কৰে। এনেদৰে আমি প্ৰাপ্ত অভিজ্ঞতাক ঢাল হিচাপে লৈ বাস্তৱৰ সৈতে মুকাবিলা কৰি ইয়াৰে এক সুস্থ সংযোগ স্থাপন কৰিব পাৰি। আত্মসমালোচনা আৰু আত্মোপলব্ধিয়ে আমাক বাস্তৱ পৃথিৱীখনক বুজি উঠাত এক বিশেষ ধৰণে সহায় কৰে।
মুঠতে আত্মোপলব্ধি আৰু আত্মসমালোচনা নিখুঁত হবই লাগিব এনে কথা নহয়, বৰঞ্চ জীৱন বাটত আগুৱাই গৈ থকাৰ সৈতেও শিকি যাব পাৰি। এই ধাৰণাবোৰক আকোৱালি লৈ আমি এনে এক জীৱন যাপন কৰিব পাৰো যিয়ে নেকি নিজৰ প্ৰতি সৎ থকা, কঠিন সময়ত শক্তিশালী সিদ্ধান্ত লোৱা, দয়া প্ৰদৰ্শন আৰু বাস্তৱ সংযোগৰ লগত জড়িত হৈ আছে। এই দাৰ্শনিক ধাৰণাটোৱে আমাৰ জীৱনশৈলী অধিক মনোগ্ৰাহী আৰু সহজ-সৰল কৰি তুলিব পাৰে। ইয়াৰ যোগেদি আমি আমাৰ নিজস্ব সত্বাক উপলদ্ধি কৰাৰ উপৰিও আনৰ সমস্যা, দুখ-বেদনাৰো উমান লব পাৰোঁ। সেয়ে আমি জীৱশ্ৰেষ্ঠ মানুহে সদায় আত্মোপলব্ধি আৰু আত্মসমালোচনাৰে জীৱন পথত আগবাঢ়িব লাগে। যাতে আমি ইচ্ছাকৃত ভুলৰ পৰা বাছি থাকি উপযুক্ত পথ চয়ন কৰি আগুৱাই যাব পাৰি। যত বৰ্তি থাকিব অনুশাসন, নিয়মানুৱৰ্তীতা আৰু শান্তি- সম্প্ৰীতিৰে ভৰপূৰ এক জীৱন ব্যৱস্থা আৰু সমাজ ব্যৱস্থা।