আত্মোপচাৰ
——————-
লক্ষীপ্ৰিয়া বৰা
চিৰাচৰিত গতি মোৰ,
আপোন বাটেৰে ঘূৰিছোঁ অবিৰাম
ছাঁ-পোহৰ সামৰি।
আজিকালি বৰ ভাগৰ মোৰ
সহিব নোৱাৰি পিঠিৰ ভৰ,
উদৰো উদং কৰাৰ দ্ৰুত অভিযান
তথাকথিত সৰ্বশক্তিমানৰ।
কেতিয়াবা ভাৱো লওঁ নেকি জিৰণি,
বিলীন কৰি নিজকে মহাকাশৰ বক্ষত!
কিন্তু, মই যে মাতৃ!
বুকু সুদা হ’লেও লয় নহয় মমতাৰ;
অমাত অবুজ নিঃকিন সন্তানৰ মায়াৰ
ময়ো যে হ’লো সহজ চিকাৰ।
অৱশেষত কিন্তু মিলিল সকাহ
বুকুৰ ক্ষোভ নিগৰি ওলাল বিষ,
আৰু,
সেই বিষেৰেই কৰিলোঁ মই আত্মোপচাৰ।
@লক্ষীপ্ৰিয়া বৰা
গোলাঘাট (অসম)