আত্মিক উপলব্ধি – মঞ্জু কাকতি

আত্মিক উপলব্ধি

মঞ্জু কাকতি 
শুৱালকুছি, পি.কে.ৰোড 

স্নিগ্ধ জোনাকী মেলাত
বিচাৰি ফুৰিছোঁ মই
শৈশৱৰ সেই সোণালী দিনবোৰ
পখিলাই চুমি ফুৰা ফুলৰ ৰেণুত
তাৰেই সানিধ্য পাবলৈ উত্রাৱল
মোৰ মন সেই সময়ৰ পলকত
বৰ মিঠা ৰসযুক্ত সেই সময়
নাই তাত কপটতা অথবা হিংসা
আছে ভালপোৱাৰ আলিংগন
সপ্রতিভ দীপ্ততাৰে পূৰ্ণ
কৈশোৰ আৰু যৌৱনৰ
জীৱন কৰণি
সময়ৰ আহ্বানত এতিয়া প্রতিভাত হৈ উঠে
জীৱনৰ প্রাপ্তি-অপ্রাপ্তি, হৰ্ষ-বিষাদৰ
দুখৰীয়া চিত্র !
অচল জীৱন সাধনাৰ আত্মিক উপলব্ধি
এতিয়া যে মোৰ জীৱন লগৰী…..