আত্মহত্যা সমস্যাৰ কোনো সমাধান নহয় – কাজি শ্বাহাদত ইছলাম 

Pc Deccan Herald
আত্মহত্যা সমস্যাৰ কোনো সমাধান নহয়
কাজি শ্বাহাদত ইছলাম 
জনিয়া, বৰপেটা
মৃত্যু এনেকুৱা এটা শব্দ যাক দগাৰ এটা পাল্লাত ৰাখি আনটো পাল্লাত সমস্ত বিশ্বব্ৰহ্মাণ্ড ৰাখিলে মৃত্যুৰ ওজন বেছি হ’ব । পৃথিৱীৰ প্ৰতিটো অহংকাৰী সৃষ্টিয়েই মৃত্যুৰ ওচৰত নমনীয় হৈ পৰে । মৃত্যু এবিধ দৰৱ যাৰ অনুভূতিয়ে মানুহৰ অপৱিত্ৰ মনক নিৰ্মল পানীতকৈয়ো স্বচ্ছ কৰি তোলে । সাম্প্ৰতিক কালত এনেকুৱা ভয়ানক বিষয় এটাক  কিছুমান মানুহে অতি সহজভাৱে লৈ যেন মৃত্যু শব্দটোৰ গভীৰতাক হ্ৰাস কৰি এটি তৰল শব্দ লৈ পৰিৱৰ্তিত কৰিছে । বিশেষকৈ তথাকথিত প্ৰেমত সাগৰত সাঁতুৰি ভালপোৱা কিছুমান যুৱক যুৱতীৰ মাজত ইয়াৰ লক্ষণ বেছি । মৰিম বুলি ক’লেই মৰি যায় । “আত্মহত্যা” বিষয়টো যেন ভাত-মাছৰ দৰে সহজলভ্য হৈ পৰিছে ইহঁতৰ মাজত । আত্মহত্যাৰ জৰিয়তে মুক্তি বিচাৰি যোৱা প্ৰতিজন মানুহে আত্মহত্যা কৰাৰ আগলৈকে এটি ভুল ধাৰণাত ডুব গৈ থাকে । যি ভুল ভাঙে উশাহটো শৰীৰৰ পৰা ওলাই যোৱাৰ মুহূৰ্তত হে । কিন্তু পৰিতাপৰ কথা যে  তেতিয়ালৈকে বহু দেৰি হৈ যায় । মৃত্যু হ’ল one time experience । মৃত্যুত পতিত হোৱা কোনো প্ৰাণীয়েই আজিলৈ স্ব- অভিজ্ঞতাৰে মৃত্যু কষ্টৰ বৰ্ণনা দিব পৰা নাই কাৰণে কিছুমান মানুহ মৃত্যুৰ ক্ষেত্ৰত উদাসীন ।
সাধাৰণতে সৰিয়হ খেতিত থকা সৰিয়হ গছ অথবা ফুল যিমানেই পাতল নহওক কিয় দূৰৈৰ পৰা তাক অনুমান কৰিব নোৱাৰি । দূৰৈৰ পৰা বহুত ঘন যেন লাগিলেও ওচৰত অহাৰ লগে লগে মনৰ ভ্ৰম ভাঙি যায় ।  ঠিক তেনেদৰে কিছুমানে ভাবে যে মৃত্যুৰ সিপাৰৰ জীৱনটো বহুত সহজ আৰু বহুত সুখৰ , যাৰ কাৰণে সামান্য কষ্টতেই পাৰ্থিৱ জীৱন ত্যাগিবলৈ সিদ্ধান্ত লোৱাত বুকু নকঁপে চাগৈ । কোনোবাই পাৰ্থিৱ জীৱনৰ লগত যদি মৃত্যুৰ পাছৰ জীৱনৰ লগত তুলনা কৰে তেন্তে কথাটো এনেদৰে ভাবি চাব পাৰে । যেনে এফালে সাতোটা মহাসাগৰ(মৃত্যুৰ পাছৰ জীৱন) আনফালে এটোপাল পানী (পাৰ্থিৱ জীৱন) । মই দাঙি ধৰা কথাটো শতভাগ শুদ্ধ নহয় কাৰণ সাগৰৰ পানী এটোপাল এটোপালকৈ গণি শেষ কৰিব পাৰিব কিজানি কাৰণ ই সীমিত । কিন্তু মৃত্যুৰ পাছৰ জীৱন অসীম যাৰ কোনো শেষ নাই । পাৰ্থিৱ জীৱন মৃত্যুৰ পাছৰ জীৱনৰ তুলনাত কিমান তুচ্ছ তাকেই বুজোৱাৰ বাবে হে উদাহৰণৰ ব্যৱহাৰ কৰা হৈছে । ইমান ক্ষুদ্ৰ জীৱনকালৰ ক্ষুদ্ৰ কষ্টক সহিব নোৱাৰি আত্মহত্যা কৰিব বিচৰা প্ৰতিজন মানুহৰে পৰজীৱনৰ বিষয়ে আন্দাজ থকাৰ প্ৰয়োজন । তেনেহ’লে এনেধৰণৰ চয়তানি মনোভাৱে সিহঁতক কেতিয়াও টলাব নোৱাৰিব ।
কিছুমান মানুহে জীৱনৰ সৌন্দৰ্যবিলাক কেতিয়াও অনুসন্ধান নকৰে । সিহঁতে নাজানে যে সুখী হ’বলৈ বহুতো কাৰণ পৃথিৱীজুৰি অৱশিষ্ট আছে । কাৰণ মানুহৰ মগজুটো ঋণাত্মক চিন্তাৰ আড্ডখানা । মানুহে যিকোনো বিষয়ত ঋণাত্মক চিন্তাটো আগতে কৰে । ঋণাত্মক চিন্তা কৰা অতিশয় সহজ যেনেদৰে বোঁৱতি পানীৰ লগত ভাহি যোৱাটো সহজ । মানুহে এনেদৰেও ভাবিব পাৰি যে তেওঁলোকৰ চাৰিওফালে শত শত সম্পৰ্ক আছে যিবোৰত আবদ্ধ হৈ সুশৃংখল ভাৱে জীৱন অতিবাহিত কৰিব পাৰে । যিবোৰ সম্পৰ্কত জড়িত থাকিলে পাৰ্শ প্ৰতিক্ৰিয়াৰ সুযোগ খুবেই কম । তথাপি সেইবোৰ সম্পৰ্ক ধূলিস্যাৎ কৰি এনেকুৱা সম্পৰ্কত আবদ্ধ হৈ পৰে যি সম্পৰ্ক বৰ ঠুনুকা । কচুপাতত পানী থকা সম্ভৱ হ’লেও তেনে সম্পৰ্কত একাত্মা হৈ থকাটো সম্ভৱ নহয় । মই ক’ব খোজা নাই যে তেনে সম্পৰ্ক কৰা প্ৰতিজন মানুহেই অসুখী । আচলতে তেনে সম্পৰ্কবোৰত সুখীৰ সংখ্যা তেনেই নগন্য । গতিকে কোনেও বুকু ডাঠি ক’ব নোৱাৰে যে তেওঁ কৰা সম্পৰ্কটোও সেই নগন্য সংখ্যক সুখীৰ তালিকাত অন্তৰ্ভূক্ত হ’বই । যিহেতু জীৱন এবাৰেই মিলে গতিকে ভাগ্যক পৰীক্ষা কৰিবলৈ তেনে সম্পৰ্কৰ লগত জড়িত হৈ নিজকে বিপদাশংকাতা পেলোৱাটো মহা মুৰ্খামীৰ বাহিৰে একো নহয় । মাকৰ লগত সন্তানৰ যিটো সম্পৰ্ক , পৃথিৱীৰত ইমান দামী সম্পৰ্ক আৰু নাই । যি সম্পৰ্কই মাকৰ লগত থকা সম্পৰ্কক ছিন্ন কৰে তেনে সম্পৰ্ক কেৱল চয়তানৰ পক্ষৰ পৰাই আহিব পাৰে । গতিকে সকলোয়ে বুজিব লাগিব যে কোনটো সম্পৰ্কই মানুহৰ জীৱনক শান্তিময় কৰি তুলিব । সহজ কথাত ক’ব গ’লে যি সম্পৰ্কৰ আগত অভিভাৱকৰ লগৰ সম্পৰ্ক তুচ্ছ হৈ পৰে সেই সম্পৰ্ক একমাত্ৰ চয়তাৰ পক্ষৰ পৰা দেখুওৱা মৰিচীকা হে কেৱল । আৰু তেনে সম্পৰ্কৰ সমাপ্তিত বহুতো জীৱনৰো সমাপ্তি ঘটে । আৰু নিজ হাতে জীৱনৰ সমাপ্তি ঘটাই কোনেও আজিলৈকে ইতিহাসৰ পৃষ্ঠা দখল কৰিব পৰা নাই । বৰঞ্চ কাপুৰুষ তথা ভীৰু উপাধি হে পাইছে । প্ৰতিটো মৃত্যু যিহেতু বেদনাদায়কেই হয় তেন্তে কোনোবাই কিয় কাপুৰুষীয়া মৃত্যুক আকোঁৱালি ল’ব । মানুহ এজনে যাৰ প্ৰতি বিৰক্ত হৈ অথবা যাৰ কাৰণে আত্মহত্যা কৰে তেওঁ অনুতপ্ত হয় জানো ? আৰু অনুতপ্ত হ’লও কবৰ বা শ্মশানৰ পৰা উঠি আহি তো চাই যাব নোৱাৰে । যিটো কৰ্মৰ ফলাফল নিজ চকুৰে চোৱা অসাধ্য তেনে কৰ্ম কৰাটো নিৰৰ্থক ।
জীৱনকালত মানুহৰ কৰিবলগীয়া বহুতো কাম থাকে । কিন্তু সেইবোৰৰ প্ৰতি ভ্ৰুক্ষেপ নাই অথচ দুদিনৰ কাৰণে জীৱনলৈ অহা মানুহ এজনৰ কাৰণে জঘন্যতম সিদ্ধান্তত উপনীত হয় গৈ । এটা সন্তান জন্ম দিওঁতে মাকে কৰা কষ্ট আৰু ত্যাগক হেজাৰ ভাগ কৰিলে এভাগৰ সমতুল্য ত্যাগ কৰিব নোৱাৰ মানুহ এজনৰ কি মূল্য আছে তাৰ প্ৰেমিক / প্ৰেমিকাৰ ওচৰত ? আজিলৈকে এজন দেউতাকৰ সমান ত্যাগ কৰিব পৰা প্ৰেমিক বাবে প্ৰেমিকা ক’ৰবাত ওলাইছে নে ? নাই ওলোৱা । অথচ্ পৃথিৱীত কেইজনে নিজৰ মাক-দেউতাকৰ কাৰণে আত্মহত্যা কৰে ? মাক- দেউতাকৰ সম্পৰ্কই সঁচা অৰ্থত জীৱনৰ  মূল্যবোধ অনুধাৱন কৰোৱায় আৰু সুন্দৰকৈ জীয়াই থাকিবলৈ শিকোৱায় । কিন্তু তথাকথিত প্ৰেমৰ সম্পৰ্কই মিছা সপোন আৰু মিছা প্ৰতিশ্ৰুতি হে দিয়ে কেৱল। নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি মৃত্যুৰ সৈতে যুঁজ দি সন্তানক পৃথিৱীৰ মুখ দেখুওৱা মাকজনী যথেষ্ট নহয় নেকি জীয়াই থকাৰ অজুহাত হিচাপে ?
পৃথিৱীৰ প্ৰতিজন যুৱক যুৱতীৰ প্ৰতি অনুৰোধ – “মৃত্যুক আকোঁৱালি লোৱাৰ হেজাৰ অজুহাত নস্যাৎ কৰি জীৱনক সৰ্বসুখেৰে শান্তিময় কৰিবলৈ মাক-দেউতাকক সুখী ৰখাৰ অজুহাত বিচাৰি ফুৰোঁ আহক ।”