আত্মহত্যা চেষ্টা চলোৱা ADC ত্ৰিদীপ কোঁৱৰৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত (ADC) ত্ৰিদীপ কুমাৰ কোঁৱৰৰ মৃত্যুৰ ঘটনাই গুৱাহাটীত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নেমকেয়াৰ হাস্পতালত মৃত্যু ঘটে ADC ত্ৰিদীপ কুমাৰ কোঁৱৰৰ । অতিৰিক্ত উপায়ুক্ত ত্ৰিদীপ কুমাৰ কোঁৱৰে ১০ জুলাইত গুৱাহাটী ক্লাৱৰ মেজিষ্ট্ৰেট কলনীত বাস কৰা চৰকাৰী আবাসৰ ৪ নম্বৰ মহলাৰ চাদৰ ওপৰৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা চলাইছিল। তাৎক্ষণিকভাৱে সংকটজনক অৱস্থাত বিষয়াগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয়। সংকটজনক অৱস্থাত নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা কোঁৱৰৰ ১৪ জুলাইত মৃত্যু হয় । প্ৰাপ্ত তথ্য অনুসৰি, ত্ৰিদীপ কুমাৰ কোঁৱৰে তেওঁৰ এই চৰম সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে এখন চিঠি লিখি থৈ গৈছিল। চিঠিখনত তেওঁ উল্লেখ কৰিছিল যে তেওঁৰ এই কাৰ্যৰ বাবে তেওঁ নিজেই দায়ী আৰু তেওঁৰ পত্নী আৰু সন্তানক তেওঁৰ এই সিদ্ধান্তৰ পৰিণাম ভুগিবলৈ নিদিব। চিঠিত তেওঁ লিখিছিল, “মোৰ কাৰ্যৰ বাবে মই নিজেই দায়ী। মোৰ সন্তান আৰু পত্নীয়ে মোৰ কাৰণে কষ্ট পোৱাটো মই নিবিচাৰো। মোৰ ভুলৰ পৰিণাম মোৰ পৰিয়ালে ভুগিব নালাগে। I AM SORRY.” জানিব পৰা মতে, ত্ৰিদীপ কোঁৱৰ বিগত এবছৰৰ পৰা ষ্ট্ৰোকৰ ফলত সৃষ্টি হোৱা এটা নিউৰ’লজিকেল সমস্যাত ভুগি আছিল আৰু তাৰ বাবে তেওঁ চিকিৎসা গ্ৰহণ কৰি আছিল। চিকিৎসাৰ উচ্চ ব্যয়ৰ ফলত তেওঁ মানসিক চাপত আছিল বুলি জানিব পৰা গৈছে। ঘটনাৰ দিনাও তেওঁ চিকিৎসা গ্ৰহণ কৰি চৰকাৰী বাসভৱনলৈ ওভতি আহিছিল আৰু পৰিয়ালৰ সদস্যসকলক তেওঁৰ অবিহনে ৰাতিৰ আহাৰ গ্ৰহণৰ বাবে বাহিৰলৈ যাবলৈ কৈছিল। অকলশৰীয়া হৈ থকাৰ সময়তে তেওঁ এই দুৰ্ভাগ্যজনক সিদ্ধান্ত গ্ৰহণ কৰে। এই ঘটনাই প্ৰশাসনিক মহলৰ লগতে জন্মস্থান শিৱসাগৰতো শোকৰ ছাঁ পৰিছে। ত্ৰিদীপ কোঁৱৰৰ মৃত্যুৰ পিছত পুলিচে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। তেওঁৰ এই সিদ্ধান্তৰ পিছত থকা মানসিক আৰু আৰ্থিক চাপৰ বিষয়ে অধিক তথ্য সংগ্ৰহৰ বাবে তদন্ত অব্যাহত আছে। এই ঘটনাই প্ৰশাসনিক বিষয়াসকলৰ মানসিক স্বাস্থ্যৰ প্ৰতি গুৰুত্ব প্ৰদানৰ প্ৰয়োজনীয়তাৰ বিষয়ে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। ইফালে ত্ৰিদীপ কোঁৱৰে আত্মহত্যা চেষ্টা চলোৱাৰ কথা মানি লোৱা নাই পৰিয়ালে। সমগ্ৰ বিষয়টোক ৰহস্যজনক বুলি উল্লেখ কৰিছে পৰিয়ালৰ লোকে। তেওঁলোকৰ মতে, আত্মহত্যাৰ চেষ্টা কৰা বুলি ভুল বাতৰি প্ৰচাৰ কৰিছিল সংবাদ মাধ্যমে। লগতে কয়, আত্মহত্যাৰ যদি চেষ্টা কৰিছিল আৰক্ষীক তথ্য ৰাজহুৱা কৰিবলৈ আহ্বান। তেওঁলোকে কয়, “এতিয়া মৃত্যু ঘটিলে যেতিয়া পৰিয়ালৰ লোকেই সকলো কৰিব লাগিব। চিকিৎসকসকলে চেষ্টা চলাইছিল বচাবলৈ কিন্তু নোৱাৰিলে।”