এক মিনিটৰ চিন্তা
আত্মস্নেহ
হেৰম্ব নাথ
জীৱনৰ প্ৰতি অসীম শ্ৰদ্ধা-ভালপোৱা আছে বাবে সময়ক সোণতকৈয়ো মূল্যবান বুলি গণ্য কৰোঁ। সেয়ে, ভাবিবলৈ বাধ্য হৈছোঁ যে মোৰ জীৱন আৰু সময়: এটা আত্মোন্নয়নৰ অমোঘ মন্ত্ৰ! এই মন্ত্ৰ জপ কৰি প্ৰতিপল সময়ক উজ্জীৱিত কৰাৰ প্ৰয়াস কৰিছোঁ অবাৰিত গতিত।
তদুপৰি, আত্মস্নেহে কৰ্মস্পৃহাক তাগিদা দিছে যে কৰ্মৰ কোনো বিকল্প নাই। আকৌ, আত্মবিশ্বাসে যেনিবা অনুৰাগী মনক ৰণক্ষেত্ৰৰ তেজী ঘোঁৰা সজাইছে। অনাগত দিনত কি বা হয় নাজানো কিন্তু মনত ৰাখিছোঁ: “কৰ্মণ্যেবাধিকাৰস্তে মা ফলেষু কদাচন!”
