আত্মবিশ্লেষণে মনত সৃষ্টি কৰে বিকশিত মানসিকতাৰ
প্ৰাণ প্ৰতিমা বড়া
অধিবক্তা তথা লেখিকা,গুৱাহাটী
সমাজত বাস কৰা প্ৰতিজন মানুহৰ চৰিত্ৰ ভিন-ভিন হয় ৷ বৰ্তমান সময় বৰ জটিল ৷ দিনকদিনে বাঢ়ি অহা অপৰাধমূলক ঘটনাবোৰে সকলোৰে মন শংকিত কৰি তুলিছে ৷ কিয়নো বৰ্তমান সময়ত মানুহে মানুহক চিনি নোপোৱাতো তেনেই সাধাৰণ কথা হৈ পৰিছে ৷ মানুহ শিক্ষিত হওঁক বা অশিক্ষিতই হওঁক সেইটো ডাঙৰ কথা নহয় , বৰ্তমান সময়ত মানুহেই মানুহৰ বাবে হৈ পৰিছে আতাইতকৈ জটিল সমস্যা ৷ ইয়াৰ কাৰণ হৈছে মানুহবোৰৰ মানসিক স্থিতি তেনেই সংকীৰ্ণ হৈ পৰিছে ৷ প্ৰতিযোগিতাৰ পিছত দৌৰাদৌৰি মানুহে মানুহৰ আৱেগৰ কথা পাহৰি গৈছে ৷ সুন্দৰ সময়বোৰ বৰ্তমান স্থিৰ মানসিকতাৰ মানুহে তেনেই অস্থিৰ কৰি তুলিছে ৷ কিয়নো এতিয়া সম্পৰ্কবোৰৰ মাজত মৰম-চেনেহ-আদৰৰ পৰিৱৰ্ত্তে মামৰে আগুৰি ধৰিছে । বৰ্তমান সময়ত এনে স্থিৰ মানসিকতাই কোঙা কৰা মানুহৰ মনবোৰ সলনি কৰিবলৈ হ’লে মানুহে আত্মবিশ্লেষণ কৰাতো অতিকৈ জৰুৰী হৈ পৰিছে ৷ আত্মবিশ্লেষণে মানুহক আত্মশুদ্ধি কৰে ৷ কিয়নো স্থিৰ মানসিকতা মানুহে প্ৰতিদিনেই নিজকে আনৰপৰা পৃথক কৰি তোলে ৷ তেনে মানসিকতাৰ মানুহে সমাজত অতিকৈ সমস্যাৰ সৃষ্টি কৰি আহিছে ৷এতিয়া প্ৰশ্ন হ’ল – স্থিৰ মানসিকতাৰ মানুহ কোনবোৰ ?
এই শ্ৰেণীৰ মানুহে নিজকে আনৰ পৰা আতঁৰত ৰাখি ভাল পায় ৷ বিকশিত মানসিকতাৰ পৰিবৰ্তে নিজৰ মানসিকতা স্থিৰ কৰি ৰাখে ৷ আনৰ উন্নতি এই শ্ৰেণী মানুহে সহ্য কৰিব নোৱাৰে ৷ আনৰ ভাল কৰ্মক কেতিয়াও কৃতজ্ঞতা স্বীকাৰ নকৰে ৷ দিনৰ বেছিভাগ সময় আনৰ বেয়া কথা আলোচনাত মনোনিৱেশ কৰি ভাল পায় ৷ বহুত ক্ষেত্ৰত আনৰ লগত সৎকৰ্মৰ ফেৰ মাৰিব নোৱাৰি নিজৰ আত্মবিশ্বাস হেৰুৱাই ৷
এই শ্ৰেণীৰ মানুহ শিক্ষিতই হওঁক অথবা অশিক্ষিতই হওঁক আনৰ বদনাম, অপবাদ কৰি ভাল পায় ৷লগতে আনৰ সমালোচনাত জীৱনৰ বহুতো মূল্যৱান সময় নষ্ট কৰে ৷
বৰ্তমান জটিল সময়ত মানুহৰ নিজক আত্মবিশ্লেষণ কৰাৰ অতিকৈ প্ৰয়োজন হৈ পৰিছে ৷ কিয়নো দিনৰ দিনটো ব্যস্ততাৰ পিছত যেতিয়া আমি শুবলৈ যাওঁ , সেই সময়ত অন্ততঃ দহ মিনিটমান সময় উলিয়াই আমি নিজকে আত্মবিশ্লেষণ কৰা দৰকাৰ ৷ দিনটোত আমি কি ভাল কাম কৰিলোঁ ? কি বেয়া কাম কৰিলোঁ ? এই দুটা প্ৰশ্নৰ উত্তৰ আমি নিজক শুধিব লাগে ৷ তেতিয়াই আমি আমাৰ মনক আত্মবিশ্লেষণৰ জৰিয়তে ভাল-বেয়া, ভুল-শুদ্ধ বিচাৰ কৰিব পাৰিম ৷ সমাজত বাস কৰা প্ৰতিজন সমাজ সচেতন মানুহ হিচাপে যদি আমি প্ৰত্যেকেই নিজকে আত্মবিশ্লেষণ কৰিব পৰা মানসিকতা গঢ় দিব পাৰোঁ তেতিয়াহ’লে আমাৰ আত্মশুদ্ধি হোৱাৰ ওপৰিও সমাজৰ লেতেৰা মানসিকতাৰ লাহেলাহে লুপ পাবলৈ ধৰিব ৷
আমি সকলোৱে বিকশিত মানসিকতাৰ মানুহৰ সন্ধানত নিজকে বৰ্তি ৰাখিব লাগে ৷ বিকশিত মানসিকতাৰ মানুহৰ চিন্তাধাৰা সদায়েই পজিটিভ হয় লগতে তেনে মানসিকতাৰ মানুহৰ পৰা আমি নিজৰ মনত পজিটিভ চিন্তাৰ সূত্ৰপাত ঘটাব পাৰোঁ ৷
জীৱনত লগ পোৱা প্ৰতিজন মানুহে মানুহক কিছু অভিজ্ঞতা দি যায় ৷ সেয়া হয়তো কেতিয়াবা ভাল অভিজ্ঞতা নহয়তো বেয়া অভিজ্ঞতা ৷ গতিকে ভাল-বেয়া দুয়োটা অভিজ্ঞতাৰ মাজেৰে আমাৰ শিকিবলগীয়া বহুত কথা থাকে ৷ জীৱনত মানুহৰ পৰা পোৱা অভিজ্ঞতাসমূহক আওকাণ কৰা উচিত নহয় ৷ জীৱনত লাভ কৰা দুয়োটা অভিজ্ঞতা ভালেই হওঁক অথবা বেয়াই হওঁক জীৱনৰ প্ৰয়োজনীয় শিক্ষা বুলি গ্ৰহণ কৰিলে আমি লাভৱান হোৱাটো খাতাং ৷
মানুহৰ মানসিকতা শুদ্ধ হবৰ বাবে আত্মবিশ্লেষণ কৰাটো অতিকৈ প্ৰয়োজনীয় ৷ আমি প্ৰত্যেকেই যদি আত্মবিশ্লেষণ কৰিবলৈ শিকিম তেতিয়াহ’লে আমাৰ নিজৰ ভুল-শুদ্ধ বিচাৰ কৰিব পাৰিম ৷ তেতিয়াহে আমাৰ মানসিক স্থিতি বিকাশৰ লগতে সমাজৰ মানুহৰ প্ৰতি আমি দায়িত্বশীল হব পাৰিম ৷
