আত্মবিশ্বাসৰ নদী – চবিন চন্দ্ৰ নাথ

আত্মবিশ্বাসৰ নদী

চবিন চন্দ্ৰ নাথ, মৈৰাপুৰ

মোৰ দুঃসাহসৰ
যাত্ৰাৰ প্ৰতিটো কেঁকুৰিত
উজাগৰী নিশা কটোৱা
সুখ দুখৰ গোপন কক্ষত
হাত দুখন আগবঢ়াই দিলে
মই পিয়াহ পলুৱাই পানী খাম
আত্মবিশ্বাসৰ নদীখনত।

মোৰ অভিভাৱকহীন মনটোক
পাখি সৰাল দিবলৈ
মই হেঁপাহ পলুৱাই পানী খুৱাম
অগাধ বিশ্বাসেৰে
আত্মবিশ্বাসৰ নদী এখন দিলে।

মই সাহসী মানুহৰ সন্তান
যুক্তি যদি যুক্তিপূৰ্ণ হয়
তোমাৰ আত্মবিশ্বাসৰ নদীখনৰ পানী
হেঁপাহ পলুৱাই খাম।