আত্মবিশ্বাসৰ অভাৱ : এক ভয়ংকৰ বেমাৰ
মুনিন্দ্ৰ বৈশ্য, ওদালগুৰি
“তোমালোকৰ আটাইতকৈ কৃচ্ছ্ৰসাধ্য ব্যক্তিগত সমস্যাটো কি?” এখন প্ৰখ্যাত বিশ্ববিদ্যালয়ে কৰি থকা এটা গৱেষণাৰ অংশস্বৰূপে ছয়শ ছাত্র-ছাত্ৰীক সোধা হৈছিল এই প্ৰশ্নটো। পয়সত্তৰ শতাংশ ছাত্ৰী-ছাত্ৰীয়ে উত্তৰ দিছিল এইবুলি― “আত্মবিশ্বাসৰ অভাৱ।” এটা অভাৱনীয় উত্তৰ, লগতে অভাৱনীয় পৰিসংখ্যাটো। পৃথিৱীৰ সকলো মানুহকেই যদি এই প্ৰশ্নটো কৰা হয়, তেতিয়াও হয়তো ইমান ডাঙৰ সংখ্যা এটাই পোৱা যাব।
আপুনিও হয়তো প্ৰায়ে, প্ৰতিদিনে এনে বহু সংখ্যক মানুহৰ সংস্পৰ্শলৈ আহে যি চৰম আত্মবিশ্বাসহীনতাত ভুগি আছে, যাৰ বাবে তেওঁলোকে অনবৰতে শংকাৰ সাগৰত ডুব গৈ থাকে। এটা অসুৰক্ষিত আৰু অনিশ্চিত: ভৱিষ্যতৰ চিন্তাই তেওঁলোকক ঘূণে কাঠ খোৱাৰ দৰে খুলি খুলি খাই থাকে, যাৰ বাবে জীৱনত কোনো কামতেই সফল হ’ব নোৱাৰে; আনকি নিজৰ ভিতৰত নিহিত শক্তি-সামৰ্থৰ বিয়াগোম ভঁৰালটো আৱিষ্কাৰ কৰিবলৈও অপাৰগ। সেয়ে তেওঁলোকে নিজৰ যোগ্যতা আৰু ক্ষমতাতকৈও বহুত কম কিবা এটাতে সন্তুষ্ট হৈছে বা হ’বলৈ চেষ্টা কৰিছে, নাইবা বাধ্য হৈছে।
আজিৰ মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে আত্মবিশ্বাসৰ অভাৱ। ই হৈছে এক প্রকাৰৰ ভয়ংকৰ বেমাৰ― চিন্তাৰ বেমাৰ। মানুহৰ thought pattern বা চিন্তাৰ আৰ্হিয়েই হৈছে এই বেমাৰৰ মূল কাৰণ। চিন্তাৰ আৰ্হি ইতিবাচক হ’লে মানুহ আত্মবিশ্বাসী হয় আৰু নেতিবাচক হ’লে আত্মবিশ্বাস হেৰুৱাই পেলায়। নৰ্মান ভিনচেন্ট পিলে কৈছে― “Feellings of confidence depend upon the type of thoughts that habitually occupy your mind. Think defeat and you are bound to feel defeated.”
আমি যদি এসোপামান নেতিবাচক চিন্তা মূৰত সুমুৱাই লৈ এটা অসুৰক্ষিত ভৱিষ্যতৰ আতংকত আতংকিত হৈ থাকোঁ, তেতিয়া নিশ্চিত:ভাৱে আমাৰ ভৱিষ্যৎ তেনেকুৱাই হ’ব। কিন্তু আমি যদি চিন্তাৰ আৰ্হি সলনি কৰিব পাৰোঁ, তেতিয়া আমাৰ ভৱিষ্যতো সলনি হ’ব। আমেৰিকাৰ গৃহ যুদ্ধৰ সময়ত জেনেৰেল জেকচনে এটা দুঃসাহসী আক্ৰমণৰ পৰিকল্পনা কৰিছিল। তাকে দেখি এজন সেনাধক্ষ্য হেনো ভয়তে পেঁপুৱা লাগিছিল। সেনাধক্ষ্যজনৰ কান্ধত হাত থৈ জেনেৰেল জেকচনে কৈছিল― “জয়ী হ’বলৈ হ’লে ভয় খোৱাৰ কথা আলোচনা কৰাতো বহু দূৰ, মনলৈয়ে নানিব।”
কিন্তু আমি চিন্তাৰ আৰ্হি সলনি কৰিম কেনেকৈ? নৰ্মান ভিনচেন্ট পিলে কি সুন্দৰ বৰ্ণনা দিছে জানোহঁক। এবাৰ এটা ভাষণ দিবলৈ মোক আমন্ত্ৰণ কৰা হৈছিল। যাত্ৰাপথ আছিল প্ৰায় পঞ্চাছ কি:মি:। যাত্ৰা আৰম্ভ কৰিয়েই অনুভৱ কৰিলোঁ চালকে তীব্ৰ গতিত গাড়ী দৌৰাইছে। মোৰ বাবে এদিনীয়া চালক, গতিকে অলপ ভয় লগাটোৱে স্বাভাৱিক। লাহেকৈ ক’লোঁ― “অলপ লাহে লাহে।” “আপুনি নিশ্চিন্ত মনে বহি থাকিব পাৰে মহাশয়, শংকাৰ কোনো কাৰণ নাই। মই বহু বছৰ ধৰি গাড়ী চলাই আছোঁ।”― প্ৰবল আত্মবিশ্বাসেৰ উত্তৰ দি চালকজনে আৰম্ভ কৰিলে তেওঁৰ জীৱন কাহিনী― এটা সময়ত ময় বৰ ভয়াতুৰ আছিলোঁ। প্ৰতিটো মুহূৰ্ততে মোক এটা অজান শংকাই খেদি ফুৰিছিল। এই ধৰক― গাড়ী বা জাহাজত গৈ থকা সময়ত এনে লাগে যেন অলপ পিছতে দুৰ্ঘটনাত পতিত হৈ মই শেষ হৈ যাম। পৰিয়ালৰ কোনোবা সদস্য এফালে ওলাই গ’লে মনলৈ এনে ভাব আহে জানোচা তেওঁলোকৰ কিবা অঘটন ঘটিব, আহি নোপোৱালৈকে চটফটাই থাকোঁ। ভয়ংকৰ দুখ-যাতনাই মোৰ জীৱনটো বৰবাদ কৰি পেলাব― এনে ভাবে মোৰ সমস্ত সুখ-শান্তি হৰি অশান্ত জর্জৰ কৰি তুলিছিল। ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিছিল মোৰ ব্যৱসায়ত। ফলত ব্যৱসায়ত মই বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিলোঁ। আনকি সেই ব্যৱসায় মই বাদ দিবলগীয়া হ’ল। এটা সময়ত মোৰ পাগল হোৱাৰ উপক্ৰম হৈছিল। কিন্তু পিছলৈ গৈ মই বুজি পালোঁ এয়া আচলতে মোৰ ভয় নাছিল; আছিল আত্মবিশ্বাসৰ অভাৱ।
“সেয়া মোৰ আত্মবিশ্বাসহীনতাৰ প্ৰভাৱ আছিল বুলি যেতিয়াই বুজি উঠিলোঁ, তেতিয়া মই কৰিলোঁ কি”― এইবুলি কৈ তেওঁ দুখন সৰু কার্ড উলিয়াই মোৰ হাতত দিলে। মই কাৰ্ড দুখনত চকু ফুৰালোঁ। দুটা বৰ সুন্দৰ বাণী লিপিবদ্ধ কাৰ্ড দুখন তেওঁ সযতনে ৰাখিছে।
কাৰ্ড দুখন আগৰ জাগাত থৈ তেওঁ আকৌ আৰম্ভ কৰিলে― “মই বহু বছৰ ধৰি গাড়ী চলাই আছোঁ। বহু যাত্ৰীয়ে আপোনাৰ দৰে ভয় কৰে, গাড়ী লাহে লাহে চলাবলৈ কয়। এই অভিজ্ঞতাই মোক ইয়াকে শিকাইছে যে, সকলো মানুহেই অনবৰতে বহু কথাই ভাবি থাকে। যদিহে তেওঁৰ চিন্তাৰ আৰ্হি নেতিবাচক হয়, তেন্তে তেওঁ গোটেই দিনটো কিয়, গোটেই জীৱনটো কেৱল নেতিবাচক কথাকেই চিন্তা কৰি থাকিব। চিন্তাৰ এই নেতিবাচক আৰ্হিয়ে তেওঁৰ জীৱনটো তিলতিলকৈ ধ্বংসৰ মুখলৈ লৈ যাব; যিটো মোৰ ক্ষেত্ৰত হৈছিল। যেতিয়াই মই সেই কথাটো হৃদয়ংগম কৰিব পাৰিলোঁ, তেতিয়া মই এটা ফৰ্মূলা আৱিষ্কাৰ কৰিলোঁ।
মই বুজি উঠিলোঁ আচলতে ভয় বুলি কোনো কথা নাই; মূল কথাটো হৈছে আত্মবিশ্বাস। আত্মবিশ্বাসৰ অভাৱেই হৈছে ভয়ৰ আচল কাৰণ। আত্মবিশ্বাসেই সৰ্বেসৰ্বা। বাইবেলে কৈছে― “If you have faith, nothing shall be impossible unto you.” হয়, একেবাৰে সচাঁ কথা। যদি মোৰ নিজৰ ওপৰত বিশ্বাস থাকে, তেন্তে অসম্ভৱ বুলি একো বস্তুৱেই থাকিব নোৱাৰে। মই এই বাণীটোও ক’ৰবাত পঢ়িবলৈ পালোঁ― “If God be for us, who can be against us?” যদি স্বয়ং ঈশ্বৰেই মোৰ কাষত আছে, তেন্তে মোৰ বিৰুদ্ধে কোন থিয় হ’ব পাৰে? এই দুটা বাণীয়ে মোৰ মগজত প্ৰচণ্ড জোকাৰণিৰ সৃষ্টি কৰিলে। সেয়ে মই বাণীদুটাক জীৱনৰ মূলমন্ত্ৰ কৰি ল’লোঁ। তাৰ পিছত লাহে লাহে মই চিন্তাৰ আৰ্হি সলনি কৰিবলৈ অভ্যাস কৰিলোঁ। সেই অভ্যাসৰ অংশস্বৰূপেই কেইখনমান কাৰ্ডত এই বাণীদুটা লিখি মোৰ ঘৰ, গাড়ী সকলোতে দুখনকৈ কাৰ্ড চকুত পৰাকৈ ৰাখিলোঁ আৰু বাণীদুটা দিনটোত যথাসম্ভৱ আওৰাই থাকিলোঁ।
এনেদৰে মই ক্ৰমাৎ আত্মবিশ্বাসী হৈ উঠিলোঁ আৰু মোৰ পূৰ্বৰ সকলো ভয় নাইকিয়া হ’ল। মই ইমানেই আত্মবিশ্বাসী হৈ পৰিলোঁ যে, মোৰ নতুন ব্যৱসায় বৰ্তমান সফলতাৰ শীৰ্ষত। শাৰীৰিক আৰু মানসিক সুখ-শান্তিৰ অপূৰ্ব লহৰে মোৰ পৰিয়াল মোহাচ্ছন্ন কৰি ৰাখিছে। অৰ্থাৎ, চালকজনে কৰোঁ বুলিয়েই এটা সাংঘাতিক পৰিৱৰ্তন কৰি পেলালে। সেইবাবেই এমাৰ্চনে কৈছিল― “They conquer who beleive they can.”
