আত্মগ্লানি হয়নে কেতিয়াবা ?- চন্দ্ৰ শেখৰ পৰাজুলী

আত্মগ্লানি হয়নে কেতিয়াবা ?

     চন্দ্ৰ শেখৰ পৰাজুলী

      বিশ্বনাথ চাৰিআলি

         বাস্তৱত সত্য অৰ্থত কবলৈ হ’লে আমি সকলোৱে নিজে নিজ দেশৰ ৰজা বুলিয়েই অনুভৱ কৰোঁ। কিন্তু আমিয়েই যে সৰ্বেসৰ্বা এনেধৰণৰ চিন্তাধাৰায়ে আমাৰ জীৱনৰ পথ ভ্ৰমিত কৰে । আচলতে আমাৰ নিজ দেশত আমি প্ৰতিজনে শ্ৰেষ্ঠ। আমি জন্ম পৰা বৰ্তমান সময়লৈকে বিভিন্ন ধৰণৰ ঘাত-প্ৰতিঘাত, নানান ধৰণৰ সংগ্ৰাম, সংঘৰ্ষ আদিৰ মাজেদি জীৱন অতিবাহিত কৰি আহিছোঁ নহয়নে? ইয়াৰ লগতে আমি জানি শুনি অথবা নজনাকৈ বহুতো ভাল, বেয়া দিশৰ লগত মুখামুখি হৈ আহিছোঁ। সেয়েহে নিজৰ ভাল দিনবোৰৰ পৰা আতৰি আহি নিজে কৰা বেয়া কাৰ্য সমূহ বা আমাৰ জীৱন কালত লিপ্ত হৈ থকা বেয়া দিনবোৰৰ প্ৰতি আমি নিজকে লৈ আত্মগ্লানি হয়নে কেতিয়াবা ? আমি সদায় আনক দোষাৰোপ কৰিবলৈ হয়তো বহুত আগবাঢ়ি থাকো। কিন্তু আনক আঙুলি দেখোৱাৰ আগতে নিজৰ ফালে কেতিয়াবা আঙুলি পকাই আত্মবিশ্লেষন কৰি চাইছোনে?

আচলতে পোনপ্ৰথমে উল্লেখ কৰিছোঁ যে, আমি নিজ দেশৰ নিজে ৰজা। আমি যিহেতু প্ৰতিজনে ৰজা সেই গতিকে আমি বেয়া দিশবোৰৰ মাজতো নিজৰ ইচ্ছা অনুসৰি অন্তৰ বিচাৰিবলৈ আৰম্ভ কৰি দিওঁ নহয়নে ? এনেধৰণে নিজৰ মনৰ মাজতে নানা অজুহাত দেখুৱাই বাস্তৱ চিৰসত্য কথাবোৰৰ পৰা আঁতৰি আহিব বিচাৰোঁ। কিন্তু মোৰ দৃঢ় বিশ্বাস বাস্তৱ চিৰসত্য কথাবোৰ সৃষ্টিৰ অন্তিম সময়লৈকেওঁ কোনেও একো প্ৰভেদ, পাৰ্থক্য বা সলনি কৰাটো সম্ভৱপৰ হৈ নুঠে। গতিকে আমি নানান অজুহাত দেখাবলৈ বাদ দি যদি সকলোৱে নিজৰ আত্মগ্লানিৰ জৰিয়তে নিজকে সংশোধন কৰিবলৈ বিচাৰিলেহেঁতেন তেন্তে এই জগতখনৰ এনে দুৰ্দশাৰ পৰা লাহে লাহে অন্ত পৰিলেহেঁতেন । সচৰাচৰ দেখিবলৈ পোৱা মতে সামান্য স্তৰৰ মানুহে পৰাপক্ষত কম বেছি পৰিমাণে হ’লেওঁ আত্মগ্লানি জৰিয়তে নিজৰ বেয়া দিনবোৰৰ সংশোধনৰ প্ৰচেষ্টাত লাগি থাকে। কিন্তু আমাৰ দেশ, আমাৰ ৰাজ্যৰ বা আমি বসবাস কৰি অহা সমাজৰ বেছিভাগে ক্ষমতাসম্পন্ন, প্ৰভাৱশালী আৰু ক্ষমতাত অধিষ্ঠিত মানুহবোৰে সপোনতো যদি নিজক লৈ আত্মগ্লানি,আত্মবিশ্লেষন কৰি নিজকে সংশোধন কৰাৰ জৰিয়তে সমাজ এখনৰ নেতৃত্ব বহন কৰিলেহেতেন তেন্তে আমাৰ অসম তথা ভাৰতবৰ্ষয়ে অতি সোনকালেই সফলতাৰ সৰ্বোচ্চ শিখৰত উপনীত হ’লহেঁতেন । এই সকলোবোৰ কথা বাদে দিয়ক আমি আজি ধৰ্মৰ নামত মানুহৰ আস্থা,ভৱনাৰ লগত খেল খেলিবলৈওঁ কুণ্ঠবোধ কৰা নাই। আচলতে ধৰ্মৰ প্ৰচাৰক সন্ত, মহন্ত সকলে যদি আত্মগ্লানিৰ জৰিয়তে নিজকে ঠিক কৰিবলৈ সম্ভৱপৰ নহয় তেন্তে আমি সৰ্বসাধাৰণ মানুহে নহয় জানো? গতিকে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে প্ৰত্যকজনে আত্মগ্লানি বা আত্মবিশ্লেষ কৰি যোৱাৰ অত্যন্ত প্ৰয়োজনীয়তা আছে। সেই তেতিয়া আমি নিজে নিজ দেশৰ ৰজা হৈয়ো প্ৰজাৰ দৰে সামান্য মনোভাৱ জৰিয়তে নিজ দেশ তথা নিজক শাসন কৰি জীৱন আগুৱাই লৈ যাবলৈ বহুত সুবিধা হ’লহেঁতেন।