আড্ডাৰ ভিন্নস্বাদ
——————————–
আড্ডাৰ অৰ্থাৎ আলোচনা বা কোনো বিষয়ৰ চৰ্চা । কেণ্টিনত আড্ডা, স্কুল কলেজত আড্ডা, তিনিআলিত আড্ডা, ক্লাৱত আড্ডা, দোকানৰ মুখত আড্ডা, ধৰ্মীয় অনুষ্ঠানত আড্ডা আনকি বিয়নি মেলো একোখন একোখন আড্ডাৰে থলী । য’তে দুজন বা ততোধিক লোক লোক গোট খাই কিবা বিষয়ৰ ওপৰত আলোচনা বা চৰ্চা কৰি থাকে সেয়াই আড্ডা । এই আড্ডাবোৰৰ বিষয় ৰাজনীতি, ধৰ্মীয়, সাহিত্য-সংগীত-খেল আৰু পৰ চৰ্চা, পৰ নিন্দাও হ’ব পাৰে । নিৰ্বাচনৰ সময়ত যেনেকৈ ৰাজনীতি আড্ডাৰ প্ৰধান বিষয় হৈ পৰে তেনেকৈ দুজন বা তাতকৈ বেছি ভকত গোট খালে ধৰ্মীয় চৰ্চা হয় । ঠিক সেইদৰে সাহিত্যিক দুজন লগ লাগিলে সাহিত্যৰ চৰ্চা, বৈজ্ঞানিক লগ লাগি বিজ্ঞানৰ চৰ্চা , সংগীতজ্ঞ লগ লাগিলে সংগীতৰ চৰ্চা বা খেলুৱৈয়ে খেলৰ বিষয়ে আড্ডা দিয়ে । এই আড্ডাবোৰ জ্ঞান আহৰণৰ এটা মাধ্যম বুলিও ক’ব পাৰি । একঘেয়ামী তথা গতানুগতিক জীৱনৰ পৰা মানুহৰ মনলৈ হতাশা অহাটো স্বাভাৱিক । বিৰক্তি দূৰ কৰি শৰীৰত প্ৰাণৱন্ত অনুভূতিৰ সৃষ্টি কৰাত সহায় কৰে আড্ডাই । প্ৰিয় মানুহ আৰু মনে মিলা বন্ধু-বান্ধৱৰ লগত ভাৱৰ আদান প্ৰদানে মানুহৰ জীৱন প্ৰাণৱন্ত কৰি তোলে । আড্ডাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আমাৰ জীৱনত যদিহে আড্ডা গঠনমূলক হয় । আড্ডা নিসংগ জীৱনৰ লগৰী , আড্ডা ব্যস্ত জীৱনৰ পৰা আঁতৰি অকণমান জিৰণি লোৱাৰ আহিলা । বিশেষকৈ বয়স বাঢ়ি অহাৰ লগে লগে অকলশৰীয়া অনুভৱ হোৱাৰ সময়খিনিত সংগ বেছিকৈ দৰকাৰ হয় । সেইসময়ত মনক অকণমান আনন্দ দিবলৈ মনৰ নিসংগতা দূৰ কৰিবলৈ মনে মিলা বন্ধুৰ খুব প্ৰয়োজন হয় । খোজ কাঢ়িবলৈ যাওঁতেও সদায় লগ পোৱা বিভিন্ন মানুহৰ লগত হোৱা কথা বতৰাই তেওঁলোকৰ মন ভৰাই তোলে । বয়োজ্যেষ্ঠসকলৰ আলোচনাৰ থলী ধৰ্মীয় অনুষ্ঠানৰ উপৰিও ক্লাৱো ঠায়ে ঠায়ে আছে । ব্যায়াম , প্ৰাণায়াম কৰাৰ মুকলি ঠাই , লাফিং ক্লাৱ আদিবোৰো তেখেতসকলৰ আড্ডা বা চৰ্চাৰ থলী হৈ পৰে । ভাৱৰ মিল থকা মানুহৰ লগত আত্মীয়তা গঢ়ি উঠে আড্ডাৰ জৰিয়তে । আড্ডাত আলোচ্য বিষয়সমূহৰ পৰা মনত নতুন ভাৱৰ সঞ্চাৰ হয় , নতুন পথৰ সন্ধান পাব পাৰি । পৃথিৱীৰ বিখ্যাত বিখ্যাত লোকেও আড্ডাৰ জৰিয়তে নতুনৰ সন্ধান পাইছিল । প্লেটোৱে ছক্ৰেটিছৰ সৈতে আড্ডাত বহিয়েই জ্ঞানৰ ভাণ্ডাৰ চহকী কৰিছিল আৰু মহান দাৰ্শনিক ৰূপে পৰিগণিত হৈছিল । ইংৰাজী ভাষাৰ প্ৰথম অভিধানখন চেমুৱেল জনছনে লিখি উলিয়াইছিল আড্ডাৰ পৰাই । ইংৰাজী সাহিত্যৰ শ্ৰেষ্ঠ জীৱনীখন জেইমছ বছবেলক লিখি উলিওৱাত সহায় কৰিছিল আড্ডাই । লেনিনে মাণিক বোটলাদি জ্ঞান বুটলিছিল পণ্ডিতসকলৰ লগত হোৱা সাৰগৰ্ভ আড্ডাৰ পৰা । ষ্টিফেনে খুব ঘনিষ্ঠ কেইজনমান বন্ধুৰ লগত ঈশ্বৰৰ অস্তিত্ব, পদাৰ্থ বিজ্ঞান , ধৰ্মমূলক আদি আলোচনাৰে তেওঁলোকৰ আড্ডা গৰম কৰি ৰাখিছিল । মহৎ লোকৰ মহান আড্ডাত মানৱ জাতিক পোহৰৰ বাট দেখুওৱাৰ আলোচনা হৈছিল । আড্ডা যেতিয়া বলিষ্ঠ আৰু গঠনমূলক হয় তেনে আড্ডাৰ পৰা সমাজৰ দহজনৰ উপকাৰ হয় । চোতালৰ বিয়নি মেলৰ আড্ডাত নানা মুখৰোচক , ধৰ্মীয়, পৌৰাণিক কাহিনীৰ বিষয়ে আলোচনা হোৱাৰ লগতে চোতালখনৰ লগত অসমীয়াৰ আবেগ জড়িত হৈ আছে ।
এনেকুৱা ইতিবাচক প্ৰভাৱৰ বিপৰীতে কিছুমান আড্ডাই সমাজত নেতিবাচক প্ৰভাৱো পেলাই আহিছে । ৰাস্তামুখ বা তিনিআলিত চনাই বনাই ঘূৰি ফুৰা ডেকা ল’ৰাৰ আড্ডাত মদ , জুৱা , ধূমপান সেৱনৰ প্ৰকোপ বাঢ়িছে । কাম বনৰ ফালে পিঠি দি জুম পাতি অনাহকত সময় ব্যয় কৰা , কেৰম আদি খেলি সময় কটোৱা এইবোৰ আড্ডা কেতিয়াও সমাজৰ উপকাৰী হ’ব নোৱাৰে । কিছুমান আড্ডাত অশ্লীল মাত কথাৰ পয়োভৰ বেছি হোৱা বাবে এনেবোৰ আড্ডা থলীৰ কাষেদি যাবলৈকো ভাবিব লগীয়া হয় । ছাত্ৰ ছাত্ৰীৰ বাবে বিনা কাৰণত দিয়া আড্ডাই সময় অপব্যয়ৰ বাদে অন্য একো নিদিয়ে । যুৱচামৰ মাজত হোৱা প্ৰেম, অশ্লীলতা আদিৰ আড্ডাই যুৱ উচ্ছৃংখলতা সৃষ্টি কৰাই নহয় ধৰ্ষণ , মাৰ্ডাৰ , আত্মহনন আদিৰ দৰে ঘটনা বাঢ়িছে । বহুতৰ আকৌ আড্ডাৰ বিষয়বস্তু সমালোচনা । আনৰ সমালোচনা, পৰচৰ্চা , পৰনিন্দা এইবোৰ যেতিয়া আলোচনাৰ বিষয় হৈ পৰে তেতিয়া তেনে আড্ডাৰ পৰা শিকিবলৈ একোৱেই নাথাকে । সমাজৰ ব্যাধিহে হয়গৈ এনে আড্ডা । নামঘৰত ধৰ্ম চৰ্চাৰ সলনি যদি পৰচৰ্চা হয় , ছাত্ৰ ছাত্ৰীৰ মাজত অধ্যয়নৰ সলনি যদি প্ৰেমৰ চৰ্চা হয় তেন্তে অৰাজকতাৰ সৃষ্টি হ’বই । ছাত্ৰ ছাত্ৰীয়ে পাৰ্ক , ৰেষ্টুৰেন্ট, দোকানৰ মুখত দিয়া আড্ডা কেতিয়াও গঠনমূলক হ’ব নোৱাৰে । এনেধৰণৰ আড্ডাৰ পৰা যুৱচাম আঁতৰি থকাই মংগল ।
নষ্টালজিক হৈ পৰা মনৰ ভাৱৰ আদান প্ৰদান হোৱা আড্ডা সংস্কৃতি আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে । আড্ডা সমাজ বা জাতি এটাক সঞ্জীৱিত কৰি ৰখাৰ মজবুত স্তম্ভ । যুগজয়ী কাৰ্য্য আৰু চিন্তাৰ সৃষ্টি হোৱা আড্ডাসমূহৰ সমাজত নিতান্তই প্ৰয়োজন ।
জুৰি শইকীয়া