আট্টাৰি সীমান্তৰে গোপনে পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- যোৰহাটৰ কংগ্রেছ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ কলবার্ন গগৈৰ পাকিস্তান-আইএছআইৰে সম্পৰ্ক সন্দর্ভত অসম আৰক্ষীৰ এছআইটিয়ে দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তলৈ গৈ পূর্ণগতিত তদন্ত চলাই থকাৰ মাজতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰে সম্পর্ক সন্দর্ভত মহাবিস্ফোৰণ ঘটাইছে। মুখ্যমন্ত্রী ড° শৰ্মাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত তোলা অভিযোগ অনুসৰি সাংসদ গৌৰৱ গগৈয়ে আট্টাৰি সীমান্তৰে পাকিস্তানলৈ গৈছিল। বিমানবন্দৰেৰে গ’লে ধৰা পৰিব বুলিয়ে আট্টাৰি সীমান্তৰে গোপনে পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈয়ে। আনকি তেওঁ ইছলামাবাদত ১৫ দিন কটাইছিল। সেইদৰে সাংসদ গৌৰৱ গগৈৰ পুত্র-কন্যাও ভাৰতীয় নাগৰিক নহয় বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই মন্তব্য কৰি কয় যে সন্তানৰ ভাৰতীয় নাগৰিকত্ব প্ৰত্যাহাৰ কৰিবলৈ গৌৰৱ গগৈয়ে চৰকাৰৰ ওচৰত আবেদন পর্যন্ত কৰিছিল। মূলতঃ সন্তানক আন দেশৰ নাগৰিকত্ব দিয়াৰ বাবেই সাংসদ গৌৰৱ গগৈয়ে এই পদক্ষেপ লৈছিল। মুখ্যমন্ত্রী ড° শর্মাই কয় যে সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্রমণ তথা দেশখনৰে সম্পৰ্ক সন্দৰ্ভত এয়া দুই-এটা ইংগিতহে দিয়া হৈছে। অনাগত দিনত ইয়াৰ অধিক তথ্য পোহৰলৈ আহিব। গৌৰৱ গগৈৰ এনে কাৰ্যকলাপৰ বাবে কংগ্ৰেছ দল যথেষ্ট সমস্যাত পৰিব বুলিও মুখ্যমন্ত্রীগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।