আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিনোদন ক্লাবৰ চইকেল ৰেলী

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিনোদন ক্লাবৰ চইকেল ৰেলী

ৰঙিলী বাৰ্ত্তাসেৱা- বৰ্তমান সময়ে সময়ে চৰকাৰী-বেচৰকাৰী সংগঠন বোৰে স্বাস্থ্য সম্বন্ধী বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে জনসাধৰণৰ সহযোগিতা কামনা কৰি আহিছে। তেনে এক কাৰ্যসূচীৰ অংশ হিচাবে ১৩ ফেব্ৰুৱাৰীত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটীৰ বিনোদন ক্লাবে এক চাইকেল ৰেলীৰ আয়োজন কৰে । পৰিৱেশ তথা জন-স্বাস্থ্যৰ প্ৰতি সজাগতা বৃদ্ধি উদ্দেশ্যৰে আৰম্ভ কৰা এই চাইকেল ৰেলী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটীৰ পৰা আৰম্ভ হৈ অঞ্চলটোৰ বিভিন্ন গাঁও তথা চুবুৰীৰ জনসাধৰণক স্বাস্থ্য তথা পৰিৱেশৰ সম্বন্ধে সজাগতামূলক বার্তা দিবলৈ চেষ্টা কৰে। অৱশেষত অসম মেঘালয়ৰ সীমান্ত অঞ্চল কপিলীত চাইকেল ৰেলীৰ সফল সামৰণি পৰে। ৰেলীৰ আৰম্ভণিতে ক্লাবৰ উপদেষ্টা শৈলেন শইকীয়া আৰু সাংস্কৃতিক সম্পাদক মিন্টু শর্মাই কেক কাটি চাইকেল ৰেলী শুভাৰম্ভ কৰে তথা চাইকেল চলোৱাৰ উপকাৰীতাৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰে ।