আজি ৰাজস্থানত উদ্বোধন হ’ব ‘বিশ্বৰ সৰ্বোচ্চ’ শিৱ প্ৰতিমূৰ্তিটো

Pc India Tv News

আজি ৰাজস্থানত উদ্বোধন হ’ব ‘বিশ্বৰ সৰ্বোচ্চ’ শিৱ প্ৰতিমূৰ্তিটো

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজস্থানৰ নাথদ্বাৰা চহৰত স্থাপন কৰা ৩৬৯ ফুট উচ্চতাৰ শিৱ প্ৰতিমূৰ্তি ‘বিশ্ব স্বৰূপম’ আজি উদ্বোধন কৰা হ’ব।জিলাখনৰ নাথদ্বাৰ চহৰত স্থাপন কৰা ভগৱান শিৱৰ ৩৬৯ ফুট ওখ প্ৰতিমূৰ্তিটো মুখ্যমন্ত্ৰী অশোক গেহলট, বিধানসভাৰ অধ্যক্ষ চি পি যোশী আৰু অন্যান্যসকলৰ উপস্থিতিত গুজৰাটৰ আধ্যাত্মিক নেতা আৰু ধৰ্ম প্ৰচাৰক মোৰাৰী বাপুৰ দ্বাৰা ৰাইজৰ বাবে মুকলি কৰা হ’ব। উল্লেখ্য যে, প্ৰতিমূৰ্তিটো উদ্বোধন কৰাৰ পিছত ৰাজ্যখনত ২৯ অক্টোবৰৰ পৰা ৬ নৱেম্বৰলৈ ৯ দিনৰ বাবে ধাৰ্মিক, আধ্যাত্মিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ এটা শৃংখলা অনুষ্ঠিত হ’ব বুলি সান্সথান ট্ৰাষ্টী আৰু মিৰাজ গোটৰ অধ্যক্ষ মদন পালিৱালে জনাইছে।