আজি সৰুসজাইত লক্ষ লক্ষজনে শ্রদ্ধাঞ্জলি জনাব হাৰ্টথ্ৰ’ব জুবিন গাৰ্গক 

আজি সৰুসজাইত লক্ষ লক্ষজনে শ্রদ্ধাঞ্জলি জনাব হাৰ্টথ্ৰ’ব জুবিন গাৰ্গক 

ৰঙিলী বাৰ্ত্তাসেৱা-  নর্থ-ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ গৈ দুর্ভাগ্যজনকভাৱে অন্তিম শয়নত শুই পৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা ছিংগাপুৰতে সম্পন্ন হয়। ইয়াৰ পিছতে একেধাৰে জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ নশ্বৰদেহ ছিংগাপুৰস্থিত ভাৰতীয় দূতাৱাসৰ বিষয়াসকলৰ উপস্থিতিত তেওঁৰ সহযাত্রী শেখৰজ্যোতি গোস্বামী, সন্দীপন গাৰ্গ আৰু মেনেজাৰ সিদ্ধার্থ শর্মাক চমজাই দিয়ে। ছিংগাপুৰৰ পৰা জুবিন গাৰ্গৰ নশ্বৰদেহ লৈ অহা বিশেষ বিমানখন শনিবাৰে নিশা ১১.৩০ মান বজাত নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে।নতুন দিল্লীৰ পৰা ৰাতিপুৱা তেওঁৰ পাৰ্থিৱ শৰীৰ গুৱাহাটীলৈ অনাৰ হয়।  নতুন দিল্লীৰ বিমানবন্দৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই জুৱিনৰ পাৰ্থিৱ শৰীৰ  চমজি লয় আৰু বিমানবন্দৰতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সেই সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কফিনৰ ওপৰত অসমীয়াৰ স্বাভিমান গামোচা আৰু বড়োসকলৰ পৰম্পৰাগত আৰ’নাই ৰাখে ।বিমানবন্দৰৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম চৰকাৰৰ বহু উচ্চ পদস্থ বিষয়াসকলেও অংশগ্ৰহণ কৰে । শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত সকলোৱে কালজয়ী গীত ‘মায়াবিনী’ গুণগুণাই শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পিছত জুবিন গাৰ্গৰ নশ্বৰদেহ ৰাণৱেৰ পৰা পুনৰ এম্বুলেন্সেৰে লৈ যোৱা হয় ।  জুবিন গাৰ্গৰ নশ্বৰদেহ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তজাতিক বিমানবন্দৰৰ পৰা পোনে পোনে অনা হ’ব কাহিলিপাৰাৰ বাসভৱনলৈ। আৰু ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে কাহিলিপাৰাৰ বাসভৱনৰ পৰা সৰুসজাই ক্রীড়া প্রকল্পলৈ লৈ যোৱা হ’ব। ইয়াৰ পূৰ্বে মুখ্যমন্ত্রী ড° শৰ্মাই শনিবাৰে পুৱা আৰু বিয়লি ভাগত দুবাৰ সৰুসজাইত উপস্থিত হৈ ইয়াৰ প্ৰস্তুতিৰ বুজ লয়। তাৰ মাজতে সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ছিংগাপুৰত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ আমি নতুন দিল্লীলৈ আনিম। তাৰ পৰা বিশেষ বিমানেৰে নশ্বৰদেহ গুৱাহাটীলৈ অনা হ’ব। গুৱাহাটীলৈ অনাৰ পাছত জুবিন গাৰ্গৰ নশ্বৰদেহ প্ৰথমে তেওঁৰ ঘৰলৈ নিয়া হ’ব। সেইখিনি সময়ত কোনো ৰাইজ যাতে তাত নাথাকে, সেইটো আমি বিচাৰিম। কাৰণ পৰিয়ালটোৱে একান্তভাৱে জুবিন গাৰ্গৰ সৈতে কটোৱাৰ সেইখিনিয়েই শেষ সময়। এবাৰ সৰুসজাইলৈ আনিলে পৰিয়ালে জুবিন গাৰ্গৰ লগত সময় কটাব নোৱাৰিব। সেয়েহে পৰিয়ালে আমাৰ পৰা বিচাৰিছে- জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ প্ৰথমতে ঘৰলৈ অনা হওক। তেওঁৰ ৮৫ বছৰীয়া পিতৃ বা পৰিয়ালৰ লোকে অলপ নিবিড় মুহূর্ত যাতে কটাব পাৰে। তেওঁৰ নশ্বৰদেহ ঘৰত এঘণ্টা সময় থাকিব। আমাক এইক্ষেত্রত বেয়া পাব নালাগে। পৰিয়ালে অন্তৰংগ মুহূৰ্ত কটোৱাৰ সময় সৃষ্টি কৰিবলৈ আৰক্ষীক কোৱা হৈছে। তাৰ পাছত নশ্বৰদেহ সৰুসজাইলৈ আনি অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পৰ চৌহদত থকা ইনড’ৰ ষ্টেডিয়ামৰ সন্মুখত ৰখা হ’ব। তেওঁ পুনৰ কয় যে যিমান সময়লৈকে মানুহ আহি থাকিব আমি নশ্বৰদেহ ৰাখিব পাৰিম। কিন্তু পাৰ্থিৱ শৰীৰটো কিমান সময়লৈকে ৰাখিব পৰা যায় সেইটো চিকিৎসকেহে আমাক ক’ব। অন্তিম সংস্কাৰলৈ লৈ যোৱাৰ সময়ত যদি নশ্বৰদেহৰ অৱস্থা বেয়া হয়, তেতিয়া মানুহে বেয়া পাব। সেয়েহে এই কথা নিৰ্ভৰ কৰিব চিকিৎসকৰ ওপৰত। ছিংগাপুৰৰ পৰা নশ্বৰদেহ লৈ আহোঁতে ২৪ ঘণ্টা হৈ যাব। ইয়াত ২৪ ঘণ্টা হ’লে মুঠ ৪৮ ঘণ্টা হ’ব। যদি আমি আৰু এদিন বঢ়াই দিওঁ তেতিয়া সময় হ’ব ৭২ ঘণ্টা। সেইদৰে যোৰহাটলৈ নিব লাগিলে আন ৬ ঘণ্টা সময় লাগিব। ইমান দেৰি পাৰ্থিৱ শৰীৰটো সুৰক্ষিত হৈ থাকিব নে নাই, সেইটো চিকিৎসকসকলেহে ক’ব পাৰিব। চমু জীৱনকালত অসংখ্য কালজয়ী সৃষ্টিৰে যুৱপ্ৰজন্মৰ হার্টথ্র’বত পৰিণত হোৱা তথা বলীউড-বাংলা সংগীত জগততো খোপনি পোতা জুবিন গাৰ্গৰ শেষকৃত্য সন্দর্ভতো মুখ্যমন্ত্রী ড° শৰ্মাই গুৰুত্বপূর্ণ মন্তব্য কৰে। তেওঁ এই প্রসংগত কয় যে তেজপুৰত জ্যোতি-বিষ্ণু আছে। গুৱাহাটীত আছে ড° ভূপেন হাজৰিকা। গতিকে জুবিন গাৰ্গ যোৰহাটত থাকিব লাগে বুলি তাৰ ৰাইজে দাবী কৰিছে। যোৰহাটৰ ৰাইজৰ লগতে জুবিন গাৰ্গৰ গুণমুগ্ধ, বিশেষকৈ উজনিৰ জনসাধাৰণে আমাক ইয়াৰ বাবে যথেষ্ট অনুৰোধ জনাইছে। কিন্তু এই বিষয়ত চৰকাৰে অকলে সিদ্ধান্ত ল’ব খোজা নাই। অসম সাহিত্য সভা-ছাত্র সস্থা বা জুবিনৰ লগত যথেষ্ট নিবিড়ভাবে কটোৱা আমাৰ যিসকল শিল্পী আছে, আমি তেওঁলোকৰ লগত আলোচনা কৰিম। এইক্ষেত্ৰত পৰিয়ালৰ মতামত আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ব- তেওঁলোকে কি বিচাৰে? গতিকে এই গোটেই কথাখিনি পতাৰ পিছতহে আমি অন্তিম সৎকাৰৰ সিদ্ধান্ত ল’ম। মই এই বিষয়ে কথা পতাৰ বাবে মন্ত্রী ডাঃ ৰণোজ পেণ্ড আৰু বিমল বড়াক দায়িত্ব দিছোঁ। তেওঁলোকে দল-সংগঠন আৰু কলা-কুশলী সকলোৰে লগত কথা পাতিব। জুবিন গাৰ্গৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত চৰকাৰীভাবে নকৰি ৰাইজৰ দ্বাৰা কৰিব বিচাৰিছোঁ। যাতে ৰাইজে বিচৰা মতে আমি কৰিব পাৰোঁ।