আজি সৰুসজাইত বাগৰুম্বাৰ চূড়ান্ত আখৰা পৰ্যবেক্ষণ কৰিব মুখ্যমন্ত্রীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- বিহু বিনন্দীয়া আৰু ঝুমইৰ বিনন্দিনীৰ পিছত বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰত উপস্থাপনৰ লক্ষ্যৰে অহা ১৭ জানুৱাৰীত ১০ হাজাৰকৈ শিল্পীয়ে পৰিৱেশন কৰিব এই নৃত্য। বাগৰুম্বা নাচৰ ঐতিহাসিক পৰিৱেশনেৰে বিশ্বৰ মানচিত্ৰত প্রতিষ্ঠা কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপক কাৰ্যকৰী কৰাৰ লক্ষ্যৰে আৰম্ভ হৈছে ব্যাপক প্রস্তুতি। যোৱা সময়ছোৱাত জিলাই জিলাই চলা আখৰাৰ অন্তত ১০ বড়ো জনগোষ্ঠীৰ শিল্পীয়ে অহা ১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য অনুষ্ঠান আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই প্রকাশ কৰে যে ৰাজ্যৰ বৈচিত্র্যপূর্ণ সাংস্কৃতিক বৈভৱসমূহক বিশ্ব মঞ্চত উদ্ভাসিত কৰি তোলাৰ বাবেই বিগত কেইবছৰমানৰ পৰা কেতবোৰ বিশেষ পদক্ষেপ গ্রহণ কৰি আহিছে। এই পদক্ষেপৰ অংশ হিচাপে ইতিমধ্যে বিহু বিনন্দীয়া আৰু ঝুমইৰ বিনন্দিনী অনুষ্ঠান সফলভাবে আয়োজিত হোৱা বুলি মন্ত্রী বিমল বড়াই উল্লেখ কৰি কয় যে এই অনুষ্ঠানসমূহে আমাৰ সাংস্কৃতিক সম্পদসমূহ বিশ্বৰ সমুখত তুলি ধৰাৰ লগতে আমাৰ মাজৰ সাতামপুৰুষীয়া ভাতৃত্ববোধ আৰু সমন্বয়ৰ এনাজৰীডালো কটকটীয়া কৰে। এই অনুষ্ঠানৰ সফল ৰূপায়ণে বাগৰুম্বা নাচত ব্যৱহৃত বাদ্য খাম, চেৰজা, চিফৌং, জথা, জাপশ্রীং আদিৰ লগতে বড়ো চিখলাসকলে পৰিধান কৰা দখনা, বেগেৰেগাং জোমগ্রা, আৰনাই, গছলা, চন্দ্ৰহালা মালা, ফুলকুৰি খেৰা, আসাম গথা আদি সাজপাৰ আৰু আ-অলংকাৰ আদিয়েই দেশ-বিদেশৰ লোকৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হ’ব বুলি প্রকাশ কৰি মন্ত্ৰী বড়াই সংবাদমেলত ই পৰ্যটনৰ বিকাশতো ইতিবাচক প্রভাৱ পেলাব বুলিও মন্তব্য কৰে। উল্লেখ্য যে বড়ো সমাজৰ দুলাৰাই বড়ো হাৰিমু আফাদ, বড়ো সাহিত্য সভা, দুলাৰাই বাথৌ গৌথুমকে ধৰি কেইবাটাও সংগঠনৰ সহযোগত ২৫ গৰাকী বিশেষজ্ঞই যুগুতাই দিয়া পৰামৰ্শৰ ভিত্তিত গুৱাহাটীৰ শিল্পগ্রামত ৪, ৫ আৰু ৬ জানুৱাৰীত প্রায় ৪০০ ওজা-প্রশিক্ষকক প্রশিক্ষণ প্ৰদানৰ অন্তত এই প্রশিক্ষকসকলে ২৩খন জিলাৰ ৮১টা সমষ্টিত ৮- ১০ জানুৱাৰীলৈ প্রায় ১০ হাজাৰ শিল্পীক প্রশিক্ষণ প্রদান কৰে। এই প্রশিক্ষিত শিল্পীসকলক বিভিন্ন জিলাৰ পৰা ১১ জানুৱাৰীত গুৱাহাটীলৈ অনা হয় আৰু ১২ জানুৱাৰীৰ পৰা সৰসজাইত আৰম্ভ কৰা হয় আখৰা অনুষ্ঠান। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে দেশৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত পৰিৱেশিত হ’ব লগা এই ঐতিহাসিক অনুষ্ঠানে বড়ো জনগোষ্ঠীৰ এই বর্ণাঢ্য সংস্কৃতিক বিশ্বৰ মানচিত্ৰত প্ৰতিষ্ঠা কৰিব। আজি হ’ব লগা চূড়ান্ত আখৰাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা উপস্থিত থাকিব। এই বাগৰুম্বা দহৌৰ প্ৰতি ৰাইজৰ আগ্ৰহৰ পৰিপ্ৰেক্ষিতত আজি চূড়ান্ত আখৰাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে ১৪ হাজাৰ প্ৰৱেশ-পত্ৰ বিতৰণ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তদুপৰি ১৭ জানুৱাৰীৰ দিনা দৰ্শকৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মূল ষ্টেডিয়ামৰ বাহিৰত এলইডি স্ক্রীনৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।
