আজি শেষকৃত্য সম্পন্ন হ’ব উত্তৰাখণ্ডত পৰ্বতাৰোহণৰ প্ৰশিক্ষণৰ সময়ত প্ৰাণ হেৰুওৱা অসমৰ দীপশিখা হাজৰিকাৰ

Pc The Janambhumi

আজি শেষকৃত্য সম্পন্ন হ’ব উত্তৰাখণ্ডত পৰ্বতাৰোহণৰ প্ৰশিক্ষণৰ সময়ত প্ৰাণ হেৰুওৱা অসমৰ দীপশিখা হাজৰিকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব উত্তৰাখণ্ডত পৰ্বতাৰোহণৰ প্ৰশিক্ষণৰ সময়ত হিমস্খলনৰ বাবে কৰুণ মৃত্যুক সাৱটি লোৱা অসমৰ দীপশিখা হাজৰিকাৰ। উল্লেখ্য যে, মৃতদেহ উদ্ধাৰৰ পাছতেই উত্তৰকাশীৰ পৰা পিতৃয়ে তেখেতৰ শৱদেহ লৈ দিল্লীত উপস্থিত হৈছিল। কালি নিশা দিল্লীৰ পৰা গুৱাহাটীলৈ বিমানযোগে তেখেতৰ নশ্বৰ দেহ অনা হৈছিল। মন কৰিবলগীয়া যে, দীপশিখাৰ মৃতদেহ অসমলৈ অনাৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে দিল্লীৰ অসম ভৱনৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। বিমানত আনিবৰ বাবে যাৱতীয় নীতি-নিয়ম সম্পন্ন কৰাৰ পিছত অসমলৈ অনা হৈছিল দীপশিখাৰ মৃতদেহ। বৰ্তমান শ্ৰীমন্তপুৰৰ নিজা বাসগৃহত আছে দীপশিখাৰ শৱদেহ। প্ৰথমে নেহেৰু ষ্টেডিয়ামত থকা অসম পৰ্বতাৰোহণ সন্থাৰ কাৰ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ফটাশিল আমবাৰীস্থিত গীৰ্জালৈও নিয়া হ’ব তেখেতৰ নশ্বৰদেহ। গীৰ্জাৰ পৰা পোনে পোনে মালিগাঁৱৰ আদিংগিৰিৰ কেথলিক খ্ৰীষ্টান সমাধিক্ষেত্ৰলৈ অনা হ’ব। তাতেই তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হ’ব বুলি জানিবপৰা গৈছে।