আজি শপত গ্ৰহণ কৰিব বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে

আজি শপত গ্ৰহণ কৰিব বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ পিচতে বাংলাদেশ আগবাঢ়িল অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ দিশে ৷ অন্তৱৰ্তীকালীন চৰকাৰখনৰ মুৰব্বী হিচাবে মঙলবাৰে মনোনীত কৰা হৈছিল শান্তিৰ নোবেল বঁটা বিজয়ী অধ্যাপক মহম্মদ ইউনুছক ৷ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে আজি নিশা শপত গ্ৰহণ কৰিব। এই চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নোবেল বিজয়ী অৰ্থনীতিবিদ মহম্মদ ইউনুছে। মহম্মদ ইউনুছৰ নেতৃত্বত গঠন হ’বলগীয়া এই চৰকাৰত মুঠ সদস্য ১৫ জন হোৱাৰ সম্ভাৱনাই অধিক।এই সংকটৰ পৰা উত্তৰণৰ বাবে যিমান পাৰি সোনকালে অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰাটো জুৰৰী। অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টা মণ্ডলীত আৰু কাক কাক অন্তৰ্ভুক্তি কৰিব পাৰি সেই সন্দৰ্ভত তিনি ৰাজনৈতিক দলৰ সৈতে আলোচনা কৰি পৰামৰ্শ দিব। ইয়াৰোপৰি এই অন্তৱৰ্তীকালীন চৰকাৰত এজন মুক্তি যুদ্ধাকো স্থান দিয়াৰো পৰামৰ্শ দিছে ৰাষ্ট্ৰপতিগৰাকীয়ে। এই সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ দেশবাসীক সহযোগ কৰিবলৈয়ো আহ্বান জনাইছে তেওঁ। নোবেল বিজয়ী অৰ্থনীতিবিদ মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰৰ সদস্য মুঠ ১৫ জন হ’ব বুলিয়েই প্ৰকাশ কৰিছে দেশখনৰ সেনাবাহিনীৰ প্ৰধান জেনেৰেল ৱাকাৰ উজ জামানে। বুধবাৰে সেনা দপ্তৰত এক সংবাদ মেলত তেওঁ এই বিষয়ে উল্লেখ কৰিছে। তেওঁ কয়, বৃহস্পতিবাৰে নিশা ৮ বজাত অন্তৱৰ্তীকালীন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান হ’ব পাৰে। তেওঁ কয়, মহম্মদ ইউনুছ বৃহস্পতিবাৰে দেশলৈ আহিব। আমি তেওঁক বিমান বন্দৰত আদৰিম। মই তেওঁৰ সৈতে কথা পাতিছোঁ, তেওঁ আমাক এক সুন্দৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজলৈ লৈ যাব।