আজি মৰাণ জনগোষ্ঠীৰ বিহু
ৰঙিলী বাৰ্ত্তাসেৱা- আজি মৰাণ বিহু।পুৰ্বৰে পৰা বর্ণিল ঐতিহ্য-সংস্কৃতিৰে সমাহিত মৰাণ জনগোষ্ঠীটোৱে ব’হাগ মাহৰ প্ৰথম মঙলবাৰে উৰুকা, বুধবাৰে গৰুবিহু আৰু ৰাতিবিহু উদযাপন কৰাৰ লগতে বৃহস্পতিবাৰে মানুহ বিহু পালন কৰি আহিছে। জনগোষ্ঠীটোৰ লোক-সংস্কৃতিৰ অন্যতম শ্রেষ্ঠ সম্পদ মৰাণ বিহু মৰাণসকলৰ সমগ্ৰ সমাজ ব্যৱস্থাত নিহিত হৈ থকা জনজাতীয় জীৱন সত্তাৰ উপাদানৰ অন্যতম চানেকি। মৰাণ জনগোষ্ঠীৰ লোকসকলক মৰাণ বিহুৰ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখিছে- “পূৰ্বৰে পৰা বৰ্ণিল ঐতিহ্য-সংস্কৃতিৰে সমাহিত আমাৰ মৰাণ জনগোষ্ঠীটোৱে ব’হাগ মাহৰ প্ৰথম মঙলবাৰে উৰুকা, বুধবাৰে গৰুবিহু আৰু ৰাতিবিহু উদযাপন কৰাৰ লগতে বৃহস্পতিবাৰে মানুহ বিহু পালন কৰি আহিছে৷ জনগোষ্ঠীটোৰ লোক-সংস্কৃতিৰ অন্যতম শ্রেষ্ঠ সম্পদ মৰাণ বিহু মৰাণসকলৰ সমগ্ৰ সমাজ ব্যৱস্থাত নিহিত হৈ থকা জনজাতীয় জীৱন সত্তাৰ উপাদানৰ অন্যতম চানেকি৷ আজি মৰাণ বিহুৰ এই শুভক্ষণত মৰাণ ভাই-ভনীসকলৰ লগতে আপোনালোক সদৌটিকে অন্তৰৰ নিভৃততম কোণৰ পৰা যাচিলোঁ অযুত শুভকামনা।”