আজি মুক্তি নাপালে ৰবি শৰ্মাৰ ‘শ্ৰীৰঘুপতি’
ৰঙিলী বাৰ্ত্তাসেৱা- আজি ছবিগৃহত মুক্তি নাপালে ৰবি শৰ্মাৰ ‘শ্ৰীৰঘুপতি’। নিম্ন আদালতে ১৫ জুলাইৰ সময়সীমা দিয়াৰ বাবে উচ্চ ন্যায়ালয়ৰ দাৰস্থ হ’ল প্ৰযোজক শৈলেন শৰ্মা। অহা সোমবাৰে শুনানি হ’ব এই গোচৰৰ। তাৰ পিছতহে সিদ্ধান্ত হ’ব কেতিয়া মুক্তি লাভ কৰিব ছবিখনে। বহু প্ৰতীক্ষাৰ অন্তত আজি মুক্তিৰ বাবে সাজু হৈছিল ৰবি শৰ্মাৰ ‘ৰঘুপতি’ নামৰ ছবিখন। বৃহস্পতিবাৰে ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ অনুৰাধা ছবিগৃহত অনুষ্ঠিত হৈ যায়। আজি ছবিখন ৰাজ্যৰ প্ৰায় ৬০টা ছবিগৃহত মুক্তি পোৱাৰ কথা আছিল। ৰবি শৰ্মাৰ এই ছবিখনক লৈ দীৰ্ঘদিন ধৰি অপেক্ষা কৰিছিল ছবিপ্ৰেমী তথা ৰবি শৰ্মাৰ অনুৰাগীসকলে।