আজি ভাৰতীয় জনতা পাৰ্টিৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস

আজি ভাৰতীয় জনতা পাৰ্টিৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস
ৰঙিলী বাৰ্ত্তাসেৱা-  আজি পবিত্ৰ ৰাম নৱমী৷ সমগ্ৰ বিশ্বতে সনাতন সত্তাৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰখা জনগনে নৱৰাত্ৰীৰ মংগলময় উৎসৱৰ পৰিৱেশত ৰাম নৱমী শ্ৰদ্ধা আৰু আনন্দৰে পালন কৰিব৷ ইফালে, আজিৰ দিনটোতে সমগ্ৰ ভাৰতবৰ্ষত উদযাপন কৰা হ’ব সৰ্বাধিক সদস্যৰে বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস৷ গৌৰৱময় ৪৬ সংখ্যক প্ৰতিষ্ঠা দিবসৰ শুভমূহুৰ্তত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী আত্মীয়, জ্যেষ্ঠ-শ্ৰেষ্ঠ কাৰ্যকৰ্তাৰ লগতে শুভাকাংক্ষী-সমৰ্থকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই৷ উল্লেখযোগ্য যে ১৯৮০ চনৰ ৬ এপ্ৰিলত দিনটোতে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী আৰু প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী ভাৰতৰত্ন লালকৃষ্ণ আদৱানিৰ কৰকমলেৰে লগতে চিৰনমস্য কেবাগৰাকীও পুৰুধা ব্যক্তিৰ সবল নেতৃত্বত ৰাষ্ট্ৰীয়তাবাদী বিচাৰৰে ভাৰতক পুনৰ বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ সংকল্প আগত ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা হৈছিল৷ভাৰতীয় জনতা পাৰ্টিৰ ৪৬ সংখ্যক ৰাজনৈতিক যাত্ৰা আমাৰ বাবে কুসুমাকীৰ্ণ নাছিল – আছিল কণ্টকাকীৰ্ণ আৰু স্বৰূপাৰ্থত এক সদা জাগ্ৰত আদৰ্শগত সাংগ্ৰাম৷ তদুপৰি দেশত ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস’ৰ আদৰ্শ নীতি লৈ ৰাষ্ট্ৰ ধৰ্ম পালন কৰাৰ লগতে জনতাৰ সেৱাক মূল কৰ্ম হিচাপে মানি ভাৰতীয় জনতা পাৰ্টিৰ লক্ষ লক্ষ কাৰ্যকৰ্তাই লোক সংগ্ৰহ, লোক সম্পৰ্ক আৰু লোক সংস্কাৰৰ তপস্যা-সাধনাত ব্ৰতী হৈ দলটোক আজিৰ গৌৰৱময় স্থিতিত উপনিত কৰাইছে৷যদিও যাত্ৰাত পদে পদে প্ৰত্যাহ্বান আছিল কিন্তু সেয়া কঠিন পৰিস্থিতিৰ মাজতো দেৱতুল্য কাৰ্যকৰ্তাই অসীম শক্তি আৰু সবল দৃঢ়তাৰে হেলাৰঙে পাৰ কৰিবলৈ সমৰ্থ হৈছিল৷ প্ৰতিকুল পৰিবেশতো প্ৰতিগৰাকী কাৰ্যকৰ্তাই মন-মগজু-হৃদয়ৰে অপৰাজেয় পদাতিকৰ দৰে আপোচবিহীনভাবে কাম কৰি ভাৰতীয় জনতা পাৰ্টিক এটা বৃহৎ পৰিয়াললৈ ৰূপান্তৰ কৰিলে৷ বিশ্বৰ ৰাজনৈতিক ক্ষেত্ৰত জনসেৱাৰ সংগঠনৰ দৃষ্টিকোনেৰেও ভাৰতীয় জনতা পাৰ্টি আজি এক সুবিশাল বটবৃক্ষ৷কেন্দ্ৰ, ৰাজ্য, স্থানীয় নিগম-নিকায়, স্বায়িত্ব শাসিত উন্নয়ন পৰিষদ আদি সকলোতে আজি ভাৰতীয় জনতা পাৰ্টিয়ে দেশৰ প্ৰধানমন্ত্ৰী তথা বিশ্বৰ জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাষ্ট্ৰৰ বিকেন্দ্ৰীকৰণ শাসন ব্যৱস্থাৰে ৰাইজক সুশাসন ব্যৱস্থা দিবলৈ সক্ষম হৈছে৷ দেশবাসীয়েও ভাৰতীয় জনতা পাৰ্টিক আকোৱালি লৈ অন্তোদয়ৰ সীমালৈ বিস্তাৰিত কৰিছে৷ প্ৰধানমন্ত্ৰীৰ বলিষ্ঠ আৰু দুৰদৰ্শী নেতৃত্বৰ বাবেই আজি ভাৰতবৰ্ষ বিশ্বগুৰু হোৱাৰ দিশত ধাৱমান হোৱাৰ লগতে বিশ্বমিত্ৰও হোৱাৰ সন্ধিক্ষণত থিয় দিছে৷ এয়া প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱ আৰু আনন্দৰ ঘটনা৷ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শই হৈছে মা ভাৰতীৰ প্ৰতিগৰাকী সন্তানক দেশৰ সামগ্ৰিক বিকাশৰ ধাৰাটোৰ লগত সংযুক্ত কৰোৱা লগতে ৰাষ্ট্ৰীয়তাবাদী সত্তাক সদাজাগ্ৰত কৰি ৰখা৷ আমাৰ কাৰ্যকৰ্তাই এই দিশত কেতিয়াও বিচলিত হোৱা নাই৷ যাৰবাবে আজি ভাৰতীয় জনতা পাৰ্টি বিশ্বতে একক অনন্য বুলি সমাদৃত লগতে সন্মানিত৷ আমাৰ দলৰ চালিকা শক্তিয়ে হৈছে জাগ্ৰত সেনানী কাৰ্যকৰ্তাসকল৷১৯৫১ চনৰ ২১ অক্টোবৰত জন্ম হোৱা ভাৰতীয় জনসংঘৰ উত্তৰসূৰীৰূপে ৰাষ্ট্ৰীয় ৰাজনীতিত ভুমুকি মৰা ভাৰতীয় জনতা পাৰ্টিয়ে আজি কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ, গুজৰাটৰ পৰা অৰুনাচললৈ বিস্তাৰিত হোৱাত কাৰ্যকৰ্তা আৰু সমৰ্থকৰ ভূমিকা অনস্বীকাৰ্য৷ এইসময়ত ভাৰতীয় জনতা পাৰ্টিৰ সদস্যৰ সংখ্যা প্ৰায় তেৰ কৌটি অতিক্ৰম কৰিছে৷¸ নতুন ভাৰত নিৰ্মানৰ সপোন দেখা বাজপেয়ীৰ ‘আত্মনিৰ্ভৰ ভাৰত, স্বাৱলম্বী ভাৰত আৰু শক্তিশালী ভাৰত’ আজি নতুন গতিৰে বাস্তৱায়িত কৰিছে ক্ৰমাগত তৃতীয়বাৰ প্ৰধানমন্ত্ৰীৰূপে দেশৰ জনতাই আশীৰ্বাদ দিয়া মোডী৷ ২৫ কৌটি লোক আজি দৰিদ্ৰ সীমাৰেখাৰ পৰা ওপৰলৈ আহিছে৷ অভিলেখসংখ্যক জনকল্যানমুলক আচনিৰে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে ভাৰতবাসীৰ দৈনন্দিন জীৱন সৰল আৰু সুগম কৰি তুলিছে৷ ভাৰতীয় জনতা পাৰ্টিয়ে ৰাষ্ট্ৰহিত বিষয়ত আপোচ নকৰি দেশ গঠন নীতিৰে সংগঠনক আগুৱাই লৈ যোৱাত সদায়ে অগ্ৰনী ভূমিকা গ্ৰহণ কৰি আহিছে আৰু কৰি যাব আৰু আমাৰ কাৰ্যকৰ্তাই এই নীতি-আদৰ্শ সিৰাই সিৰাই প্ৰৱাহিত কৰি ৰাখিছে৷ প্ৰতিষ্ঠা দিবসৰ এই গৌৰৱময় ক্ষণত আমি দলৰ প্ৰতিষ্ঠাপক কাণ্ডাৰী সকলক শ্ৰদ্ধাৰে সোঁৱৰিছো আৰু আমাক পদে পদে পথ দেখুৱাই থকা সকলোকো আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছে৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰৰ নেতৃত্বত এতিয়া ভাৰত নতুন যাত্ৰাত আগবাঢ়িছে৷ যুগান্তকাৰী সিদ্ধান্তই ভাৰতক নতুন পৰিচয় দিছে৷ ৩৭০ ধাৰা, তিনি তালাক বিলুপ্তি তথা নাৰী বন্দন অধিনিয়ম, ভাৰতীয় ন্যায় সংহিতাৰ প্ৰবৰ্তন তথা শেহতীয়া নতুন ৱাকফ সংশোধনী বিলৰ দৰে সিদ্ধান্তই বিজেপিৰ নীতি আৰু আদৰ্শৰ জয়ৰ প্ৰতিফলন ঘটাইছে আৰু দেশৰ জনতাই এনে শক্তিশালী সিদ্ধান্তক মুক্ত মনে সমৰ্থন কৰিছে৷ ভাৰতৰ ঐতিহ্য-সভ্যতা এতিয়া বিশ্বত গৌৰৱৰে চৰ্চা হৈছে৷ ইফালে, অসমতো যোৱা ন বছৰত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে জনসাধাৰণৰ সমবিকাশত গুৰত্ব দি সকলো শ্ৰেণীৰ ৰাইজৰ মনজয় কৰিবলৈ সক্ষম হৈছে৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়ন আৰু প্ৰগতিৰ অনিৰূদ্ধ যাত্ৰই অসমক দেশৰ ভিতৰতে এক পৃথক পৰিচয় প্ৰদান কৰিছে৷ ইয়াৰ পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও সকলোকে লগত লৈ অসম গঢ় দিয়াত সফল হৈছিল বাবে ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মৰম অক্ষুণ্ণ ৰাখিছে৷ প্ৰতিষ্ঠা দিৱসত আমাৰ সংকল্প হ’ল অসমক দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান লাভৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ লক্ষ্যক সফল কৰা৷ ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তাকে বিকশিত অসম আৰু ভাৰত গঢ়াৰ কামত নিয়োজিত হ’বলৈ আহ্বান জনাইছো ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই৷তেওঁ অসমী আইৰ সন্তান হিচাপে দায়িত্ব হ’ব মাতৃভূমিৰ গৌৰৱ বৃদ্ধি লগতে ভাৰত মাতাৰ সন্মান বিশ্বত প্ৰতিষ্ঠা কৰি দেশক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰা৷