আজি বৰ্ষাপাৰাত হাইভল্টেজ মেচ
বৰ্ষাপাৰাত আজি ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছ
ৰঙিলী বাৰ্ত্তাসেৱা- আজি গুৱাহাটীত অনুষ্ঠিত হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দ্বিতীয়খন মেচ।বর্ষাপাৰাত আজি অগ্নিপৰীক্ষাৰ সন্মুখীন হ’ব ৰাজস্থান ৰয়েলছৰ অধিনায়ক অসম সন্তান ৰিয়ান পৰাগ।আজি মহাৰণত নামিব ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছ। সন্ধিয়া ৭ঃ৩০ বজাৰ লগে লগে বৰ্ষাপাৰা ষ্টেডিয়ামত আৰম্ভ হ’ব দুয়োটা দলৰ মহাৰণ। চলিত আইপিএলত ৰাজস্থান ৰয়েলছৰ প্ৰথম তিনিখন মেচত অধিনায়কৰ দায়িত্ব লাভ কৰা ৰিয়ান পৰাগে দলক প্রত্যয়জনক আৰম্ভণি দিয়াত ব্যর্থ হৈছে। দলটোৱে নিজৰ প্ৰথম দুয়োখন মেচতে পৰাজয়ৰ বৰণ কৰিছে। ফলত আজিৰ মেচখন মৰণপণ যুঁজ হিচাপে বিবেচিত হৈছে ৰাজস্থান ৰয়েলছৰ বাবে।বর্ষাপাৰাত যোৱা ২৬ মাৰ্চত হৈ যোৱা মেচখনতো দলটোৰ প্রদর্শন আছিল হতাশাজনক। ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত পৰাজয় স্বীকাৰ কৰাত প্রতিযোগিতাখনত প্ৰত্যাৱৰ্তন কৰাৰ বাবে আজিৰ মেচখন ৰাজস্থানৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। দলটোৰ অধিনায়ক ৰিয়ান পৰাগেও বিশেষ উন্নত প্ৰদৰ্শন দাঙি ধৰিব পৰা নাই। আজিৰ হাইভল্টেজ মেচখনত ৰিয়ান পৰাগে বিস্ফোৰক ইনিংছ খেলি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰিব বুলি আশাবাদী ঘৰুৱা অনুৰাগী। ইফালে যোৱাকালি সন্ধিয়া মহেন্দ্ৰ সিং ধোনীসহ চেন্নাই ছুপাৰ কিংছৰ দলটো গুৱাহাটীত উপস্থিত হয়। আইপিএলৰ ইতিহাসত দুয়োটা দলে এতিয়ালৈকে ২৯ বাৰ মুখামুখি হৈছে আৰু ইয়াৰে ১৬ বাৰ চিএছকে আৰু ১৩বাৰ ৰাজস্থানে জয়ৰ মুখ দেখিছে। আজিৰ হাইভল্টেজ মেচৰ পূৰ্বে বৰ্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এক বর্ণিল সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানত অংশগ্রহণ কৰাৰ উদ্দেশ্যে গুৱাহাটীত উপস্থিত হৈছে বলীউডৰ মোহময়ী অভিনেত্রী ছাৰা আলী খান। তদুপৰি প্ৰথমবাৰৰ বাবে গুৱাহাটীত হ’ব ড্র’ন শ্ব’। এক মায়াময় পৰিৱেশৰ সাক্ষী হ’ব ক্রীড়াপ্রেমীসকল। মেচখন আৰম্ভ হোৱাৰ ঠিক এঘণ্টা পূর্বে সন্ধিয়া ৬.৩০ বজাত আৰম্ভ হ’ব সাংস্কৃতিক অনুষ্ঠানটো। দেওবাৰৰ সন্ধিয়াটো এক স্মৰণীয় মুহূৰ্ত হৈ ৰ’ব বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত উপস্থিত থকা দর্শকসকলৰ বাবে। ইফালে বর্ষাপাৰাত মহেন্দ্ৰ সিং ধোনীৰ খেল চাবলৈও অতি উৎকণ্ঠাৰে অপেক্ষা কৰিছে ক্রিকেটপ্রেমীসকলে।গুৱাহাটীত উপস্থিত হয়। আজিৰ মেচৰ বাবে যান-বাহন আৰক্ষীয়ে ২৬ মাৰ্চৰ দৰেই পথ নিৰ্দেশনা দিছে।