আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা

Pc India Today

আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা

ৰঙিলী বাৰ্ত্তাসেৱা-  আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা ৷  বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত তীব্র আগ্রগতি লাভ কৰিছে এনডিএই। প্রায় ১৮১ আসনত আগবাঢ়ি আছে শাসনাধীন এনডিএই। সম্প্রতি এন ডি এ আগবাঢ়ি থকাৰ অগ্ৰগতিৰে নিশ্চিত অভূতপূর্ব ফলাফলৰ দিশে আগবাঢ়িছে এনডিএ। বিপৰীতে শলঠেকত পৰিছে মহাগোটবন্ধনে। মাত্র ৫৯খন আসনত আগবাঢ়ি আছে। মুঠ ২৪৩খন বিধানসভাৰ আসনৰ বাবে দুটা পৰ্যায়ত  ৬ আৰু ১১ নৱেম্বৰৰ দিনা অনুষ্ঠিত হৈছিল এই ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ দুই পৰ্যায়ৰ নিৰ্বাচনত বিহাৰত অভিলেখ সৃষ্টি কৰা ৬৭.১৩ শতাংশ ভোটাৰৰ ভোটদানৰ হাৰত এইবাৰ জনসাধাৰণ অত্যন্ত সজাগ বুলি স্পষ্ট হৈছে। ইভিএমত ২৬১৬জন প্ৰাৰ্থীৰ ভাগ্যত ৭৪.৫ মিলিয়ন ভোটাৰে মোহৰ মাৰিলে। ৪৬টা গণনা কেন্দ্ৰ, দুটা স্তৰৰ নিৰাপত্তা, ২৪x৭ চিচিটিভি, আৰু হাজাৰ হাজাৰ বিষয়া নিয়োগ কৰা আদিয়ে এই প্ৰক্ৰিয়াক অভূতপূৰ্ব কৰি তুলিছে।