আজি  বিহাৰৰ  মুখ্যমন্ত্ৰী হিচাপে  শপত গ্ৰহণ  কৰিব  নীতিশ কুমাৰে

আজি  বিহাৰৰ  মুখ্যমন্ত্ৰী হিচাপে  শপত গ্ৰহণ  কৰিব  নীতিশ কুমাৰে

ৰঙিলী বাৰ্ত্তাসেৱা–  বিহাৰৰ সদ্যসমাপ্ত  বিধানসভা  নিৰ্বাচনত  এনডিএৰ বিপুল  বিজয়ৰ পিছতে  নতুন চৰকাৰ গঠনৰ পূৰ্ণ প্ৰস্তুতি চলিছিল  । মুখ্যমন্ত্ৰী হিচাপে পুনৰ চৰকাৰখনৰ নেতৃত্ব বহন কৰাৰ পূৰ্বে  নীতিশ কুমাৰে পূৰ্বৰ মুখ্যমন্ত্ৰীৰ  পদৰ পৰা পদত্যাগ কৰিছে । আজি ঐতিহাসিক গান্ধী ময়দানত অনুষ্ঠিত হ’ব  নতুন এনডিএ চৰকাৰখনৰ শপতগ্ৰহণৰ অনুষ্ঠান । এই অনুষ্ঠানতে নীতিশ কুমাৰে এক অভিলেখ স্থাপন কৰি দশমবাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব । শপতগ্ৰহণৰ  অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , গৃহমন্ত্ৰী অমিত শ্বাহৰ উপৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু কেইবাখনো এনডিএশাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব। উল্লেখ্য যে অহা ২২ নৱেম্বৰত চলিত বিহাৰৰ বিধানসভাৰ কাৰ্যকাল উকলিব আৰু সেইদিনাৰ পূৰ্বে ৰাজ্যখনৰ অষ্টাদশ বিধানসভা গঠন হ’ব লাগিব । সেইমৰ্মে জনতা দল (ইউনাইটেড) আৰু ভাৰতীয় জনতা পাৰ্টীৰ বিধায়িনী দলৰ এখন গুৰুত্বপূৰ্ণ  বৈঠক  অনুষ্ঠিত হয়।