আজি বিশাখাপট্টনমত ভাৰত-দক্ষিণ আফ্ৰিকাৰ অন্তিম এদিনীয়া

Pc M9.news

আজি বিশাখাপট্টনমত ভাৰত-দক্ষিণ আফ্ৰিকাৰ অন্তিম এদিনীয়া

ৰঙিলী বাৰ্ত্তাসেৱা- আজি বিশাখাপট্টনমত এদিনীয়া শৃংখলা দখলৰ যুঁজত নামিব ঘৰুৱা দল টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকা। দুয়ো দেশৰ মাজৰ তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ তৃতীয় তথা নির্ণায়ক মেচখন আজি বিশাখাপট্টনমত  দিনৰ ১.৩০ বজাৰ পৰা আৰম্ভ হ’ব। ইতিমধ্যে শৃংখলাটো ১-১ত সমতা স্থাপন হৈ থকাত আজিৰ মেচখন ৰোমাঞ্চকৰ হোৱাৰ অধিক সম্ভাৱনা আছে। ৰায়পুৰত হৈ যোৱা দ্বিতীয়খন মেচত বৃহৎ স্ক’ৰ সংগ্ৰহ কৰিও পৰাজিত হোৱাত ঘৰুৱা দল টীম ইণ্ডিয়া কিছু পৰিমাণে চিন্তিত হৈ পৰিছে। দলটোৰ দুৰ্বল বলিং আৰু ফিল্ডিঙক লৈ চিন্তিত হৈ পৰা ভাৰতীয় দলটোৰ অধিনায়ক লোকেশ ৰাহুলে আজিৰ নিৰ্ণায়ক মেচখন সন্দর্ভত কয়- প্রথম আৰু দ্বিতীয়খন মেচত বেটাৰসকলে আশানুৰূপ প্রদর্শন দাঙি ধৰিছে। প্ৰথমখন মেচত আমি বিজয় সাব্যস্ত কৰোঁ যদিও দ্বিতীয়খন মেচত বৃহৎ স্ক’ৰ কৰিও দুৰ্বল ফিল্ডিং আৰু দুৰ্বল বলিঙৰ ফলত  পৰাজয়ৰ গ্লানি সহিবলগীয়া হৈছে। আশা কৰিছোঁ- সতীৰ্থসকলে নিৰ্ণায়ক মেচখনত ইয়াৰ পুনৰাবৃত্তি নকৰে। দুই তাৰকা ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ প্ৰদৰ্শনৰ ওপৰত দলটোৰ ভাগ্য বহুখিনি নিৰ্ভৰ কৰিব। ইফালে, দলটোত কিছু সালসলনি হোৱাৰ ইংগিত দি অধিনায়কগৰাকীয়ে লগতে কয় যে নিৰ্ণায়ক মেচখনৰ মূল একাদশত ঋষভ পন্ট অথবা তিলক বার্মাই স্থান লাভ কৰাৰ সম্ভাৱনা আছে। ৱাশ্বিংটন সুন্দৰ মূল একাদশৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি ৰাহুলে লগতে কয় যে নিৰ্ণায়ক মেচখনৰ বাবে তেওঁলোক সম্পূর্ণ সাজু। দুখনীয়া টেষ্ট শৃংখলাটোত ২-০ত ভাৰতীয় দলটোক পৰাস্ত কৰি ঐতিহাসিক টেষ্ট শৃংখলাটো দখল কৰাৰ পাছত এইবাৰ এদিনীয়া শৃংখলাটোও দখল কৰাৰ লক্ষ্য লৈছে টেম্বা বাভুমা নেতৃত্বাধীন দক্ষিণ আফ্রিকা দলটোৱে। দ্বিতীয়খন এদিনীয়াত ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰি সতীৰ্থসকলৰ আত্মবিশ্বাস তুংগত আছে আৰু আজিৰ নিৰ্ণায়ক মেচখনতো সতীর্থসকলে শ্রেষ্ঠত্ব উজাৰি খেলিবলৈ সাজু বুলি মন্তব্য কৰে প্ৰটিয়াজ বাহিনীৰ অধিনায়কগৰাকীয়ে।