আজি বর্ষাপাৰাত ভাৰত নিউজিলেণ্ডৰ তৃতীয় টি-২০

আজি বর্ষাপাৰাত ভাৰত নিউজিলেণ্ডৰ তৃতীয় টি-২০

ৰঙিলী বাৰ্ত্তাসেৱা- আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু নিউজীলেণ্ডৰ মাজত শৃংখলাৰ তৃতীয়খন টি-২০ মেচ ।  তৃতীয়খন টি-২০ মেচৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে বর্ষাপাৰাৰ এচিএ ক্রিকেট ষ্টেডিয়াম।  সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই হাইভল্টেজ মেচখনক লৈ ক্রিকেট অনুৰাগীৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনাৰ সৃষ্টি হৈছে।  ইতিমধ্যে ৫ খনীয়া শৃংখলাৰ ২ খনত জয়ী হৈ ভাৰতে অগ্ৰগতি লাভ কৰি আছে । যাৰ বাবে গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’বলগীয়া টি-২০ত জয়ী হৈ শৃংখলাটো ভাৰতে নিজৰ হাতলৈ আনিবলৈ চেষ্টা কৰিব । ইফালে শনিবাৰে বিয়লি টীম ইণ্ডিয়াৰ লগতে নিউজিলেণ্ড দলটো একেলগে লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গুৱাহাটীত উপস্থিত হয় । দুয়োটা দল বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে পছন্দৰ খেলুৱৈগৰাকীক এবাৰ চোৱাৰ হেঁপাহেৰে দিনৰে পৰা বিমানবন্দৰত ভিৰ কৰে ক্ৰিকেট অনুৰাগীসকলে । দুয়োটা দল বিশেষকৈ ভাৰতীয় দলৰ খেলুৱৈসকল বিমানবন্দৰৰ পৰা ওলাই অহাৰ লগে লগে অনুৰাগীসকলে আনন্দতে চিঞৰিবলৈ আৰম্ভ কৰে । ভিৰৰ প্ৰতি লক্ষ্য ৰাখি বিমানবন্দৰত কটকটীয়া নিৰাপত্তা বেষ্টনীও গঢ়ি তোলা হয় । বিমানবন্দৰৰ পৰা দুয়োটা দলে পৃথক পৃথক বাছত ৰেডিচন ব্লু হোটেললৈ ৰাওনা হয় । বিশ্বৰ দুটা আগশাৰীৰ দলৰ মাজত গুৱাহাটীত হ’বলগীয়া খেলখনক লৈ ক্রিকেট অনুৰাগীৰ মাজত উৎসাহ-উদ্দীপনা বৃদ্ধি পোৱাৰ লগতে খেলখনৰ বাবে ইতিমধ্যে প্রায় সকলো টিকট বিক্রী হৈছে।  ইপিনে  বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে ভাৰতীয় দলটোৰ অধিনায়ক সূর্যকুমাৰ যাদৱ আৰু প্ৰশিক্ষক গৌতম গম্ভীৰে পোনে পোনে বর্ষাপাৰা ষ্টেডিয়ামলৈ ৰাওনা হয়। সুকলমে ষ্টেডিয়ামত প্ৰৱেশ আৰু নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি বিয়লি ৪ বজাৰ পৰা দৰ্শকৰ বাবে ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰা মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিছে অসম ক্রিকেট সন্থাই।