আজি পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
ৰঙিলী বাৰ্ত্তাসেৱা- আজি পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যৰ মুঠ ১৩ খন জিলাত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ। পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ। পঞ্চায়তৰ অন্তিম পৰ্যায়ৰ এই নিৰ্বাচন ১৩ খন জিলা ধুবুৰী, দক্ষিণ শালমৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাওঁ, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাওঁ, মৰিগাওঁ আৰু দৰং জিলাত অনুষ্ঠিত হৈছে। এই ভোটগ্ৰহণ আবেলি ৪.৩০ বজালৈকে অনুষ্ঠিত হ’ব ৷ দ্বিতীয় পৰ্যায়ৰ এই নিৰ্বাচনত আছে ৯১.৩১ লাখৰো অধিক ভোটাৰ ৷ পুৱাৰে পৰা মুঠ ১২,১৩০টা ভোটকেন্দ্ৰত অব্যাহত আছে ভোটগ্ৰহণ । বুধবাৰে নিৰ্বাচন অনুষ্ঠিত হোৱা ১৩ খন জিলাত ২৯,৬০৮গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে । উল্লেখ্য যে যোৱা ২ মে’ত ৰাজ্যৰ ১৪ খন জিলাত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সুকলমে সম্পন্ন হৈ যায় ৷ বেলটতত ভোটগ্ৰহণ হোৱা এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয়টো পৰ্বৰ ভোটগ্ৰহণো ৰাজ্যৰ নিৰ্বাচন আয়োগে নিকা আৰু শান্তিপূৰ্ণভাৱে হোৱাটো নিশ্চিত কৰাৰ বাবে বিহিত সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ।নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ১১ মে’ত।