আজি নাগালেণ্ড আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

আজি নাগালেণ্ড আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ
ৰঙিলী বাৰ্ত্তাসেৱা-  আজি নাগালেণ্ড আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা দুয়োখন ৰাজ্যত আৰম্ভ হৈছে ভোটগ্ৰহণ। দুয়োখন ৰাজ্যৰ ৫৯টাকৈ সমষ্টিত ভোটগ্ৰহণ আৰম্ভ চলি আছে। পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী। নাগালেণ্ডত মুঠ ১৮৩জন প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। ইয়াৰ ভিতৰত মহিলা প্ৰাৰ্থীৰ সংখ্যা ৪গৰাকী। নাগালেণ্ডত মুঠ ভোটাৰ ২৮,২৩,৮২২ লাখ। মহিলা ভোটাৰ ৬,৫৬,১৪৩ গৰাকী আৰু পুৰুষ ভোটাৰৰ সংখ্যা ৬,৬১,৪৮৯জন। নিৰ্বাচন অনুষ্ঠিত হৈছে ২,২৯১টা ভোটকেন্দ্ৰত। ইয়াৰ ভিতৰত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় অকুলুটুৰ বিজেপিৰ প্ৰাৰ্থী কহেতু কিনিমিৰ।ইফালে, মেঘালয়ত মুঠ প্ৰাৰ্থীৰ সংখ্যা ৩৭৫জন। ৰাজ্যখনত মুঠ ভোটাৰৰ সংখ্যা ২১,৫৭,৮০৪জন। দক্ষিণ তুৰা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে কনৰাড চাংমাই। প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।