আজি দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা

Pc the sentinel assam

আজি দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা

ৰঙিলী বাৰ্ত্তাসেৱা- আজি দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা। পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা। ৭খন জিলাৰ মুঠ ২২টা সমষ্টিৰ বাবে ৮ নৱেম্বৰত অনুষ্ঠিত হৈছিল নিৰ্বাচন। ইতিমধ্যে ভোটগণনাৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন হৈছে। এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত নামিছে বিজেপি, কংগ্ৰেছ, অগপ, আপ, জেপিপি আৰু নিৰ্দলীয় প্ৰাৰ্থী। মুঠ ৭১জন প্ৰাৰ্থীৰ মাজত হৈছে প্ৰতিদন্দ্বিতা। ইয়াৰ ভিতৰত বিজেপিৰ পৰা ১৮জন, অগপৰ ৪জন, কংগ্ৰেছৰ ১৪জন আৰু জেপিপিৰ ১৮জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।উল্লেখযোগ্য যে পূৰ্বৰ ২০টা সমষ্টিৰ পৰিৱৰ্তে এইবাৰ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ সমষ্টিৰ সংখ্যা ২২টালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰে তিনিটা সমষ্টি ক্ৰমে পিছলা, বাঁহগড়া আৰু শ্ৰীপানী সংৰক্ষিত আছে মহিলা জনজাতি প্ৰাৰ্থীৰ বাবে। অজনজাতি তথা সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে থকা একমাত্ৰ সমষ্টিটো হৈছে ডিব্ৰুগড়।